তুমি দেৱদূত আছিলা জাতিৰ
স্বাভিমান তুমি জননীৰ।
হেজাৰ সপোন আছিল
আগুৱাই নিয়াৰ
দিন ৰাতি একাকাৰ কৰি,
নিজক চিনি নোপোৱা
গীতৰ সৃষ্টি গীতৰ সুৰ
কণ্ঠৰ যাদুকৰী প্ৰকৃতিৰ শিল্পী
এখনি নিৰ্মল হৃদয়।
লক্ষ লক্ষ হৃদয়ক ললা সাৱতি মৰমবোৰ আজুৰি
শিকলি চিঙি গলাগৈ আঁতৰি।
কৈছিলা দুহাত মেলি
আকাশ চুবৰ মন,
উকা কৰি গলা আজি
অনুৰাগীৰ প্ৰাণ।
বাট চাই ৰোৱা উৎসবৰ ৰাতিত
অমানিশা হল
নোহোৱা হল কণ্ঠৰ ধ্বনি
ৰসাল কথাৰে গীতৰ মাজেৰে কৰিছিলা হৃদয়ত স্পৰ্শ,
তোমাৰ সৃষ্টিৰ জয় গানত
আজি চাৰিওফালে যেন অগণন জনতাৰ ক্ৰন্দনৰ সুৰ।
E-paper
Dissolving Dawn: Independence Deferred and Dreams Fractured in Contemporary India
Santanu Chakravarty
📌 Abstract
The Indian independence movement was rooted in a multifaceted vision—political sovereignty, socio-economic equity, secular harmony, and the cultivation of scientific and democratic temperaments. Nearly eight decades after the “ tryst with destiny” declared by Jawaharlal Nehru, the ideals that animated 1947 remain partially unrealized and in many respects undermined. This article tries to examine the distance between the founding vision and present realities through empirical data, historical analysis, and contemporary socio-political developments. It argues that rising economic inequality, agrarian distress, communal polarization, and institutional atrophy have collectively eroded the dream of independence. In the conclusion we are trying to provide a prescriptive framework for reclaiming the original ethos, underscoring the need for ethical governance, equitable economic reform, and pluralist renewal.
📌 I. Introduction: The Promise of 1947
At the stroke of midnight on August 15, 1947, Jawaharlal Nehru proclaimed before the Constituent Assembly:
“At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom.”
(Jawaharlal Nehru, “Tryst with Destiny,” 14 August 1947)
The statement was not a mere announcement of sovereignty; it encapsulated a moral and civilizational mission. Independence was envisioned as a renaissance of justice, equality, and national self-reliance—what Mahatma Gandhi described as “poorna swaraj” (पूर्ण स्वराज), meaning “complete self-rule” not only in governance but in self-sufficiency, ethical conduct, and social harmony.
B.R. Ambedkar, architect of the Constitution, warned:
“Political democracy cannot last unless there lies at the base of it social democracy.”
(Constituent Assembly Debates, 25 November 1949)
The founding vision was multidimensional:
- Political Democracy – participatory, accountable governance.
- Economic Justice – equitable distribution of resources and opportunities.
- Social Transformation – dismantling caste and gender hierarchies.
- Secular Pluralism – unity in diversity without majoritarian dominance.
- Scientific Temper – rational inquiry over superstition.
📌 II. The Fracturing of Economic Justice
▪️ The Inequality Explosion
Recent data reveals a staggering reversal of the egalitarian hopes of independence:
- Top 1% of Indians own over 40% of national wealth, while the bottom 50% share only 3%[1][2].
- Between 2012–2021, 40% of all wealth created went to the top 1%, with the bottom half receiving just 3%[3].
- As of 2022–23, the top 1% control 22.6% of national income and 40.1% of national wealth, placing India among the world’s most unequal nations[4].
- Economist Thomas Piketty has urged a 2% wealth tax on assets above ₹100 million and a 33% inheritance tax, estimating revenues at 2.73% of GDP—funds that could substantially reduce poverty[5].
📌 III. Agrarian Distress – The Betrayal of the Rural Promise
The rural backbone of India—celebrated in Gandhi’s vision of self-reliant villages—faces chronic crisis:
- In 2022 alone, 11,290 agricultural workers died by suicide (5,207 farmers and 6,083 labourers)[6].
- Historical records (1995–2013) show over 296,000 farmer suicides[7].
- Climate change magnifies vulnerability: a 25% rainfall deficit correlates with a measurable spike in suicides in drought-prone states[8].
This reality negates the pledge made in the Directive Principles of State Policy (Article 39b), which promises to ensure that the material resources of the community are distributed for the common good.
📌 IV. The Retreat of Secular Pluralism
- The Constitution’s preamble declares India to be a “sovereign socialist secular democratic republic.” Yet, incidents of communal conflict, often politicized, undermine this foundation:
- In March 2025, in Fatehpur, Uttar Pradesh, a 200-year-old mausoleum was vandalized and saffron flags were hoisted. An FIR was filed against 160 persons, but no arrests followed for days[9].
- In Nagpur (March 2025), communal unrest linked to disputes over historical monuments left 1 dead, 30 injured, and 105 arrested[10].
Ambedkar’s warning echoes here: “If we wish to preserve democracy... we must hold fast to constitutional methods.” Communal politics corrodes precisely these methods.
📌 V. Institutional Atrophy – Democracy Without Democratic Spirit
While elections remain regular, the moral infrastructure of democracy weakens:
- Concentration of executive power erodes decentralization.
- Judicial and media independence face pressures.
- Civic dissent is often framed as anti-national—a reversal of the freedom struggle’s embrace of dissent.
📌 VI. Reclaiming the Deferred Vision
Policy and Civic Prescriptions:
- Redistributive Justice – Implement progressive taxation on wealth, inheritance, and windfall profits[11].
- Rural Revival – Expand MGNREGS, guarantee MSP (Minimum Support Price), and invest in climate-resilient agriculture[12].
- Pluralist Renewal – Legal safeguards against hate speech and politicized communal violence.
- Institutional Independence – Strengthen checks and balances; protect press and judiciary from coercion.
- Educational Transformation – Commit 6% of GDP to education, nurture critical thinking, and safeguard scientific integrity.
📌 VII. Conclusion: The Unfinished Tryst
Independence was never meant to be the end of a struggle; it was the opening of a new one—against inequality, intolerance, and ignorance. The “midnight hour” Nehru spoke of has passed, but the dawn he promised has not fully arrived. Whether India fulfills its deferred vision depends on whether its citizens and leaders reclaim both the letter and the spirit of 1947.
📌 References
[1]: Oxfam India, Survival of the Richest (2023).
[2]: The Hindu, “India’s richest 1% own more than 40% of total wealth: Oxfam” (16 Jan 2023).
[3]: Indian Express, “India’s richest 1% own more than 40% of total wealth” (2023).
[4]: World Inequality Database, 2023 Report on India.
[5]: Reuters, “Piketty says India must tax super-rich more” (Dec 13, 2024).
[6]: National Crime Records Bureau (NCRB), Accidental Deaths & Suicides in India, 2022.
[7]: Statista, “Reported suicides of farmers and farm labourers in India” (2023).
[8]: International Institute for Environment and Development (IIED), Climate Change and Farmer Suicides in India (2022).
[9]: Times of India, “Saffron flags atop 200-yr-old mausoleum: FIR filed” (March 2025).
[10]: Wikipedia, “2025 Nagpur Violence” (March 2025).
[11]: Oxfam Policy Brief, 2023.
[12]: Down to Earth, “MGNREGS and reduction in farmer suicides” (2024).
Santanu Chakravarty
আমাক উন্নয়নৰ প্ৰয়োজন ঠিকেই, কিন্তু পৰিৱেশ ধ্বংস কৰি নহয় !
ক্ৰমান্বয়ে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যা গুৰুতৰ হৈ পৰিছে। একপ্ৰকাৰ মানৱ জাতি প্রত্যাহ্বানৰ সন্মুখীন হৈছে। মানৱসৃষ্ট কাৰকৰ বাবেই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যাই ভয়াৱহ ৰূপ লৈছে। মানৱসৃষ্ট কেইবাটাও কাৰণৰ ভিতৰত অন্যতম বনাঞ্চল ধ্বংস। অর্থাৎ গছ কটা। জধে-মধে গছ কটা, উন্নয়নৰ নামত গছ কটা কার্যই প্রকৃতি-পৰিৱেশৰ ভাৰসাম্যত প্রচণ্ড আঘাত হানিছে । পৃথিৱীৰ দুখ বুজি নোপোৱা শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা বিষয়াৰ পৰিকল্পনাবোৰৰ সিদ্ধান্তৰ ফল এইয়া।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উন্নয়নমূলক প্ৰকল্পৰ নামত ধ্বংস কৰা হৈছে পৰিৱেশৰ মুলধাৰা — গছ। পথ নিৰ্মাণ, উৰণ সেতু, জলাশয় উন্নয়ন আদিৰ নামত শতকৰা গৰকা গছৰ সৈতে বিভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ গছ কাটি পেলোৱাৰ ঘটনা ৰাজ্যৰ বহু স্থানত প্ৰত্যক্ষ হৈছে । এনে ধৰণৰ ঘটনাৰ পূৰ্ণ প্ৰতিবাদ নকৰিলে ভৱিষ্যত ধ্বংসৰ গৰাহত সোমাই পৰিব । বিশেষকৈ শতবৰ্ষ গৰকা, বট, অশ্বত্থ, আৰু সেগুনৰ দৰে দীৰ্ঘজীৱী আৰু পৰিৱেশগত দৃষ্টিৰে অতি গুৰুত্বপূর্ণ গছবোৰ বিনাশ কৰা হৈছে যাৰ ফলত স্থানীয় পৰিৱেশত উল্লেখযোগ্য প্ৰভাৱ পৰিছে। এই ধৰণৰ গছ কটাৰ ফলত কেৱল মাত্ৰ অক্সিজেন উৎপাদনেই হ্ৰাস নহয়, উষ্ণতা বৃদ্ধি, মাটিৰ ক্ষয়, আৰু প্ৰাণী-বৈচিত্ৰ্যৰ হ্ৰাসো প্ৰত্যক্ষভাৱে সম্পৃক্ত।
পদ্মশ্ৰী যাদৱ পায়েঙে কৈছিল ৰাজ্য চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে সঠিক সময়ত গছ-গছনি ৰোপণ কৰা নাই, অদৰকাৰী সময়ত গছ-গছনি ৰোপণ কৰি ধন পইচা অপচয় কৰি আহিছে বুলিও তেওঁ অভিযোগ কৰে। তেওঁ লগতে ৰাইজক অনুৰোধ জনায় যেন কোনেও গছ নাকাটে। লগতে তেওঁ কৈছিল অসমৰ মানুহে গছপুলি ৰুব নালাগে, কেৱল নাকাটিলে হ’ল। কাৰণ গছ-গছনি নিজে নিজেই হয়।
উন্নয়নৰ নামত গছ কটা কার্যক লৈ বিভিন্ন সময়ত বিশ্বৰ প্রান্তে প্রান্তে তীব্র প্রতিবাদৰ অনেক উদাহৰণ আছে। বিশ্বৰ বিভিন্ন প্ৰান্তত উন্নয়নৰ নামত চৰকাৰী পক্ষই পুৰণি গছ কটাক লৈ প্রতিবাদ হৈছে আৰু প্রকৃতিপ্ৰেমীৰ প্ৰতিবাদত শাসক পক্ষই তেনে গর্হিত কাম বন্ধ কৰিবলৈ বাধ্য হৈছে। তাৰ মাজতো বৈধ আৰু অবৈধ ৰূপত গছ কটা প্রক্রিয়া চলিয়েই আছে। ব্যক্তিগত খণ্ডৰ স্বাৰ্থত শাসক পক্ষই কেতিয়াবা সংৰক্ষিত বনাঞ্চলত গছ কাটিবলৈ অনুমতি দিয়াও দেখা যায়। সচেতন পৰিৱেশকৰ্মীৰ প্রতিবাদক আওকাণ কৰি শাসক পক্ষই গছ কাটিবলৈ অনুমতি দিয়ে।
গ্ল’বেল ফৰেষ্ট ৱাচৰ এক প্রতিবেদনে ভাৰতত ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বনাঞ্চলৰ ক্ষতিৰ হাৰ বৃদ্ধি পোৱাৰ ওপৰত আলোকপাত কৰিছে, য’ত অসমত সর্বাধিক ৩২৪, ০০০ হেক্টৰ সেউজীয়া আৱৰণৰ ক্ষতি হৈছে, যিটোৱে ৰাষ্ট্ৰীয় গড় ৬৬, ৬০০ হেক্টৰ অতিক্রম কৰিছে। কেবল ২০২৩-২০২৪ চনত অসমে প্রায় ১৬, ৯০০-১৮, ৯০০ হেক্টৰ প্ৰাকৃতিক বনাঞ্চল হেৰুৱাইছিল। আনহাতে কামৰূপ মহানগৰত ২০২৪ চনত ১০৪ হেক্টৰ প্ৰাকৃতিক বনাঞ্চল হেৰুৱাইছিল। অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে বিগত চাৰি বছৰত প্ৰায় ৯৪ হাজাৰ গছ কাটিবলগীয়া হৈছিল। সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলত এই উদ্দেশ্যে বিগত চাৰি বছৰত ৪.২০ লাখ গছ কটাৰ সাক্ষী হৈছিল।
ব্যক্তিগত খণ্ডৰ স্বাৰ্থত শাসক পক্ষই কেতিয়াবা সংৰক্ষিত বনাঞ্চলত গছ কাটিবলৈ অনুমতি দিয়াও দেখা যায়। সচেতন পৰিৱেশকৰ্মীৰ প্রতিবাদক আওকাণ কৰি শাসক পক্ষই গছ কাটিবলৈ অনুমতি দিয়ে। তেনে পৰিপ্ৰেক্ষিতত শাসক পক্ষ কিম্বা পুঁজিপতিৰ কাৰ্যৰ বিৰুদ্ধে প্রতিবাদীয়ে আইনৰ আশ্রয় লয়।
গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ জটিল সমস্যাৰ প্ৰেক্ষাপটত গছ কটা বিষয়টো পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। বিশেষকৈ উন্নয়নৰ নামত চৰকাৰী বা ব্যক্তিগত খণ্ডৰ দ্বাৰা গছ কটা কাৰ্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়া, প্ৰতিবাদ আৰু আইনী প্ৰক্রিয়া তীব্ৰ ৰূপ লৈছে কিন্তু সমস্যাৰ সমাধান উলিয়াব পাৰিছে জানো ? উল্লেখযোগ্য যে, বিশ্বৰ বিভিন্ন অঞ্চলত উন্নয়নমূলক পৰিয়ালৰ আৱৰণত গছ কাটাৰ বিৰুদ্ধে স্থানীয় ৰাইজ, পৰিৱেশপ্ৰেমী আৰু নাগৰিক সংগঠনে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। ভাৰততো এনে বহু উদাহৰণ আছে য’ত জনচাপৰ প্ৰতি সঁহাৰি জনাই শাসক পক্ষই গছ কটা কাৰ্য বন্ধ কৰিবলৈ বাধ্য হৈছে। তথাপিও, অনেক ক্ষেত্ৰত গোপনে বা আইনী অনুমতিৰ আৱৰণত সংৰক্ষিত বনাঞ্চলতো গছ কটা চলি থাকিবলৈ দেখা যায়।
শেহতীয়া দীঘলীপুখুৰীৰ পাৰ গুৱাহাটী নগৰৰ হৃদয়স্থলত অৱস্থিত , বহু পুৰণি বটবৃক্ষ আৰু ছাঁয়াযুক্ত গছৰে শোভিত কিন্তু সেই গছবোৰ হাজাৰ প্ৰতিবাদৰ পিছতো নিশাৰ অন্ধকাৰৰ সুযোগ লৈ কাটি পেলোৱা হল। কিন্তু মুখ্যমন্ত্ৰীৰ ভাষাত সেইয়া “গছ স্থানান্তৰ” হে। আমবাৰীৰ ৰবীন্দ্ৰ ভৱন আৰু টেক্সটাইল ইনষ্টিটিউটৰ সন্মুখৰ গছবোৰো গুৱাহাটী মহানগৰৰ পৰিৱেশগত আৰু নান্দনিক ঐতিহ্যৰ অমুল্য অংশ। এই গছসমূহ কাটি পেলোৱা হয় “স্থানান্তৰ”ৰ অজুহাতত। যিটো বাস্তৱত প্ৰকৃত স্থানান্তৰ নহয় কাৰণ এজোপা পূৰঠ গছ আধাতে ডাল-পাত নোহোৱাকৈ কাটি দিলে, নতুনকৈ পোখা মেলাৰ পৰিৱৰ্তে মৰি যোৱাৰ আশংকা অধিক থাকে বুলিও উদ্ভিদ বিজ্ঞানীসকলে দাবী কৰিছে। তেনেস্থলত আধাতে ডাল-পাত কাটি পেলোৱাৰ পাছত স্থানান্তৰ কৰিলে মৰি যোৱাৰ আশংকাই অধিক বুলিয়েই সচেতন উদ্ভিদ বিজ্ঞানীসকলে দাবী কৰিছে । তেনেই সচেতন উদ্ভিদ বিজ্ঞানীসকলে স্পষ্টকৈ দাবী কৰিছে যে এনে অপবৈজ্ঞানিক ভাৱে গছ স্থানান্তৰ কৰিলে সিহঁতৰ জীয়াই থকাৰ সম্ভাৱনা একেবাৰে কম।
আনহাতে ডেৰাডুনস্থিত বন গৱেষণা প্ৰতিষ্ঠানে দাখিল কৰা প্ৰতিবেদন অনুসৰি, ভাৰতত স্থানান্তৰিত গছৰ জীয়াই থকাৰ হাৰ ১০ শতাংশতকৈও কম। দিল্লী, পঞ্জাব, ঝাৰখণ্ড আদিত এই হাৰ ১.৭%–২%লৈকে নামি আহে। অসমত এইক্ষেত্ৰত কোনো গৱেষণা বা নীতিগত ধাৰণাই অনুপস্থিত। সেয়েহে বটগছ, শিমলু আদিৰ দৰে শতাধিক বছৰৰ গছ সঁচাকৈয়ে জীয়াই থাকিব নেকি—সেই সন্দেহ স্বাভাবিক।
উচ্চতম ন্যায়ালয়ৰ মতে গছ কটা এক অপৰাধ । ই মানুহ হত্যাতকৈ অধিক গুৰুতৰ অপৰাধ হিচাপে আখ্যা দিয়ে। বিশ্ব প্রসিদ্ধ তাজমহলক প্ৰদূষণৰ কবলৰ পৰা ৰক্ষা কৰা অঞ্চলটোৰ সমীপত থকা ৪৫৪ ডাল গছ কাটিছিল ব্যক্তিজনে শিৱশংকৰ অগ্ৰৱাল নামৰ এজন ব্যক্তিয়ে, উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ব্যক্তিজনক দোষী সাব্যস্ত কৰি বৃহৎ জৰিমনা বিহিলে। ঠিকেই আছে কিন্তু যেতিয়া প্ৰশাসনে তেনে কাৰ্য্য কৰে তাৰ শাস্তি কি হব ? নে শাসকৰ গাদীত বহাৰ বাবে সেই অপৰাধ অপৰাধ হিচাপে গণ্য কৰা নহব। বিশেষজ্ঞসকলৰ মতে, গছ কটাৰ ফলত কাৰ্বন শোষণ ক্ষমতা হ্ৰাস পায়, ভূমি ক্ষয় আৰু জৈৱবৈচিত্র্যৰ ক্ষতি হয়, যি জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ সমস্যা অধিক গভীৰ কৰে। এই প্ৰেক্ষাপটত ন্যায়ালয়ৰ ৰায়টোৱে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক মাইলৰ খুটি ৰূপে বিবেচিত হৈছে।
উন্নয়ন আমাৰ প্ৰয়োজন, এই কথা অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু সেই উন্নয়নে যদি আমাৰ মৌলিক পৰিৱেশ বিনাশ কৰে, তেনেহলে সেই উন্নয়ন “উন্নয়ন” নহয়। উন্নয়নৰ পৰিকল্পনাই যদি পৰিৱেশক উপেক্ষা কৰে, তেনেহলে সেই উন্নয়ন অনৈতিক, অদূৰদৰ্শী আৰু ভবিষ্যত প্ৰজন্মৰ বিৰুদ্ধে এক অপৰাধ।
HIV বিশ্বৰ জনস্বাস্থ্যৰ এক ডাঙৰ সমস্যা হৈয়েই আছে, ইয়াৰ ফলত আজিলৈকে প্ৰায় ৪ কোটি ২৩ লাখ লোকৰ মৃত্যু হৈছে। হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ (HIV) হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰা ভাইৰাছ। সংক্ৰমণৰ আটাইতকৈ উন্নত পৰ্যায়ত এক্ৱাইৰড ইমিউন’ডেফিচিয়েন্সি চিনড্ৰম দেখা দিয়ে। এইচ আই ভিয়ে শৰীৰৰ শ্বেত ৰক্তকণিকাক লক্ষ্য কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি পেলায়। ইয়াৰ ফলত যক্ষ্মা, সংক্ৰমণ আৰু কিছুমান কৰ্কট ৰোগৰ দৰে ৰোগত আক্ৰান্ত হোৱাটো সহজ হৈ পৰে। HIV সংক্ৰমিত ব্যক্তিৰ শৰীৰৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ বিয়পে।
বিশ্বজুৰি সকলো দেশতে সংক্ৰমণ চলি আছে। দেশৰ লগতে ৰাজ্যতো ভয়াৱহভাবে বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা। অসমত HIV সংক্ৰমণৰ গতি যি ভাৱে ঊর্ধ্বমুখী হৈছে, সেয়া জনস্বাস্থ্য ক্ষেত্ৰত এক ডাঙৰ বিপদৰ সংকেত।আনহাতে আক্রান্ত ৰোগীৰ ভিতৰত সম্ভ্রান্ত পৰিয়ালৰ সন্তানৰ ভিৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে। লক্ষণীয়ভাৱে ছিৰিঞ্জেৰে ড্ৰাগছৰ অবাধ সেৱন কৰাৰ ফলত দ্রুতগতিত এইচ আই ভিত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি কৰাৰ তথ্যও পোহৰলৈ আহিছে। আনহাতে আক্ৰান্তৰ তালিকাত শীর্ষস্থানত মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলাই স্থান লাভ কৰাৰ পাছত জিলা প্রশাসন উদ্বিগ্ন হৈ পৰিছে। আক্ৰান্তৰ অধিকাংশই যুৱ প্ৰজন্মৰ হোৱাৰ লগতে অসুৰক্ষিত যৌন সম্পৰ্ক আৰু ছিৰিঞ্জেৰে ড্ৰাগছ সেৱন কৰাৰ ফলত এই ৰোগৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধি পাইছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ পৰিষদে শেহতীয়াকৈ প্রকাশ কৰা এক প্রতিবেদনত উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য। প্রতিবেদনত প্রকাশ পোৱা তথ্য অনুসৰি অসমত ২০২০-২১ বর্ষত মুঠ ১২৮৮ গৰাকী লোক নতুনকৈ এইচ আই ভিত আক্রান্ত হয়। আনহাতে ২০২১-২২ বৰ্ষত ৰাজ্যত ২৩৩৬ গৰাকী লোক নতুনকৈ এই ভয়াৱহ ৰোগত আক্রান্ত হয়। একেদৰে ২০২২-২৩ বৰ্ষত আক্রান্ত হয় ৪০১৮ গৰাকী লোক। আনহাতে ২০২৩-২৪ বর্ষত নতুনকৈ ৭২৭৪ গৰাকী লোক এইচ আই ভিত আক্রান্ত হয়।২০২৪ বৰ্ষৰ অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বিধানসভাত দাখিল কৰা তথ্য অনুসৰি ৰাজ্যত কয় যে ২০০২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৮৯,৮৪,৫১৯ টা পৰীক্ষাৰ ভিতৰত ৰাজ্যত ৩১,৭২৯ টা এইচ আই ভি এইডছ ৰোগী ধৰা পৰিছিল। লগতে কয় যে বিগত দুটা দশকত অসমত মূলতঃ “ড্ৰাগছ বেজী”ৰ বাবে আক্ৰান্তৰ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। দেশৰ অন্যান্য প্ৰান্তৰ পৰা অসমলৈ প্ৰব্ৰজন এই আতংকজনক বৃদ্ধিৰ আঁৰৰ আন এক কাৰণ। ইফালে ২০২৪-২৫ বর্ষত (মার্চ মাহলৈকে) ৰাজ্যত ৬৭৫৮ গৰাকী লোক এইচ আই ভিত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। প্রণিধানযোগ্য যে জিলা ভিত্তিত HIV ত আক্রান্ত লোকৰ তালিকাত শীর্ষস্থান লাভ কৰিছে নগাঁও জিলাই। জিলাখনত সম্প্রতি এই ৰোগত আক্রান্ত লোকৰ সংখ্যা ৪৬১৫ গৰাকী। দ্বিতীয় স্থানত থকা কামৰূপ মহানগৰ জিলাত ৩৯৯৮ গৰাকী আক্রান্ত লোক আছে। তালিকাত তৃতীয় স্থান লাভকৰা কাছাৰ জিলাত আছে ৩৬৩৭ গৰাকী আক্রান্ত লোক। লক্ষণীয়ভাৱে কৰিমগঞ্জ জিলাত ২৫৯৪ গৰাকী, কামৰূপ জিলাত ১৭৭৫ গৰাকী, শোণিতপুৰ জিলাত ১১৩৪ গৰাকী ভয়াৱহ HIV ত আক্রান্ত লোক আছে। প্রণিধানযোগ্য যে ২০২৪-২৫ বর্ষত মার্চ মাহ পর্যন্ত আক্রান্ত লোকসকলৰ ভিতৰত ৬৪.৪ শতাংশ আক্রান্তই ছিৰিঞ্জেৰে ড্ৰাগছ গ্ৰহণ কৰাৰ ফলত আক্রান্ত হোৱাটো নিশ্চিত হৈছে। কিন্তু ২০২০-২১ বর্ষত এই প্রক্রিয়াৰে সংক্ৰমণৰ হাৰ আছিল মাত্র ৮.৫ শতাংশ।
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে অসমৰ অৱস্থান আৰু উচ্চ প্ৰাদুৰ্ভাৱৰ ৰাজ্যসমূহৰ ওচৰত থকাৰ বাবে HIV সংক্ৰমণৰ বাবে দুৰ্বল কৰি তুলিছে। ইয়াৰ উপৰিও ৰাজ্যখনৰ বৃহৎ ব্যক্তিগত স্বাস্থ্য খণ্ড, যিয়ে অঞ্চলটোৰ প্ৰতি লক্ষ্য ৰাখি, আৰু যুৱক-যুৱতী আৰু প্ৰব্ৰজিত শ্ৰমিকৰ চলাচলে বিপদ বৃদ্ধিত অৰিহণা যোগাব পাৰে। লক্ষণীয় যে ড্রাগছ আসক্তই একেটা ছিৰিঞ্জেৰেই কেইবাজনেও ড্রাগছ গ্ৰহণ কৰাৰ ফলত এই ৰোগ বিয়পে। আনহাতে ২০২০-২১ বৰ্ষত এই ৰোগত আক্রান্ত লোকসকলৰ ভিতৰত ৭৭.৩ শতাংশ আছিল যৌনকর্মী। অসুৰক্ষিত যৌন সম্পৰ্ক কৰাৰ ফলত তেওঁলোক এই ভয়াৱহ ৰোগৰ চিকাৰ হৈছিল। কিন্তু সজাগতা সৃষ্টিৰ ফলত ক্ৰমাৎ এই ধৰণে সংক্ৰমণৰ হাৰ হ্রাস পাই ২০২৪-২৫ বর্ষত ২৫.৫ শতাংশ হয়। ইফালে ৰাজ্যৰ কাৰাগাৰসমূহতো এই ৰোগত আক্রান্ত ৰোগী থকাত সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। এইডছ নিয়ন্ত্ৰণ পৰিষদে চলোৱা সমীক্ষাত লাভ কৰা তথ্য অনুসৰি ৰাজ্যৰ ৩১ খন কাৰাগাৰৰ লগতে এটা ডিটেনশ্যন কেম্পত সম্প্রতি ১৩১ জন এইচ আই ভিত আক্রান্ত লোক থকাৰ তথ্য পোহৰলৈ আহিছে। এই লোকসকলক কাৰাগাৰতে চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে।
এইচ আই ভি প্ৰতিৰোধ আৰু এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী (ART) দ্বাৰা চিকিৎসা কৰিব পাৰি। মানুহৰ মাজত সজাগতা সৃষ্টি অত্যন্ত গুৰুত্বপূৰ্ণ। চিন্তনীয় বিষয়টো হ’ল এই পৰ্যন্ত HIV সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা ঔষধ চিকিৎসা বিজ্ঞানে আবিস্কাৰ কৰিব পৰা নাই৷ এই ৰোগৰ পৰা বাচি থাকিবলৈ হলে সজাগতাই হৈছে একমাত্ৰ উপায়৷
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত দিয়া অন্তৱৰ্তীকালীন বাজেট ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল যে চৰকাৰে ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ বাবে ছোৱালীক টিকাকৰণৰ বাবে উৎসাহিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ মাৰ্চ মাহত বিল গেটছৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়া-কলাপত এই প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰিছিল।কিন্তু এবছৰতকৈও অধিক সময়ৰ পাছতো ভাৰত এনে ৪৬খন দেশৰ ভিতৰত আছে যিয়ে এতিয়াও নিজৰ নিয়মীয়া প্ৰতিষেধক কাৰ্যসূচীত ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন প্ৰৱৰ্তন কৰা নাই।
২০২২ চনত National Technical Advisory Group for Immunisation (NTAGI) ৰ তথ্য অনুসৰি ভাৰতত ১,২৭,৫২৬ জন নতুন ছাৰ্ভাইকেল কেন্সাৰ ৰোগী আৰু ৭৯,৯০৬ জন লোকৰ মৃত্যু হৈছে, যিটো বিশ্বজুৰি ধৰা পৰা চাৰ্ভাইকেল কেন্সাৰ ৰোগীৰ ১৯% আৰু ২৩% ছাৰ্ভাইকেল কেন্সাৰত মৃত্যুৰ হাৰ। প্ৰায় ৬০% ভাৰতীয়ৰ কৰ্কট ৰোগ ধৰা পৰাৰ পিছত মৃত্যু হয়, পুৰুষৰ তুলনাত মহিলাৰ কৰ্কট ৰোগজনিত মৃত্যুৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পায়।
যৌন সংক্ৰমিত হিউমেন পেপিলোমা ভাইৰাছ (HPV)ৰ সংক্ৰমণেই ৯৫% ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰধান কাৰণ। ৮০%-৯০% মহিলাৰ জীৱনকালত এইচ পি ভি সংক্ৰমণ হয়। এই সংক্ৰমণৰ ৯০% আৰু ইয়াৰ লগত জড়িত নিম্ন গ্ৰেডৰ ঘাঁবোৰ নিজেই পৰিষ্কাৰ হৈ যায় যদিও স্থায়ী, সমাধান নোহোৱা এইচ পি ভি সংক্ৰমণে ছাৰ্ভাইকেল কেন্সাৰৰ সৃষ্টি কৰে। WHO ৰ মতে HPV সংক্ৰমণৰ ফলত ছাৰ্ভাইকেল কেন্সাৰ হ’বলৈ ২০-৪০ বছৰ লাগে। ছাৰ্ভাইকেল কেন্সাৰ দূৰ কৰিবলৈ দুটা প্ৰতিৰোধমূলক কৌশলৰ সংমিশ্ৰণৰ প্ৰয়োজন , ৯-১৪ বছৰ বয়সৰ ছোৱালী অৰ্থাৎ HPV ৰ সংস্পৰ্শলৈ অহাৰ আগতে টীকাকৰণ আৰু ২৫-৩৫ বছৰৰ ওপৰৰ মহিলাৰ নিয়মীয়াকৈ HPV ভিত্তিক পৰীক্ষা কৰাটো বাঞ্ছনীয়। ভাৰতত ৩০ বছৰৰ ওপৰৰ মহিলাৰ বাবে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ছাৰ্ভাইকেল কেন্সাৰ পৰীক্ষা।
ভাৰতীয় মহিলাৰ ৩০–৪৯ বছৰ বয়সৰ মাত্ৰ ১.৯% হে ছাৰ্ভাইকেল কেন্সাৰ পৰীক্ষা কৰা হৈছে। ভাৰতত HPV ভেকচিনৰ উপলব্ধতা অতি কম, ২০০৮ চনৰ পৰা ভাৰতত HPV ভেকচিন উপলব্ধ। বৰ্তমান বজাৰত তিনিটা ভেকচিন উপলব্ধ , এই কেইটা হৈছে মাৰ্ক শ্বাৰপ এণ্ড ডহমে গাৰ্ডাচিল ৪, গাৰ্ডাচিল ৯ , আৰু ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছ আই আই)ৰ চাৰ্ভাভেক। গাৰ্ডাচিল ৪ৰ দাম ৪০০০ টকা, গাৰ্ডাচিল ৯ প্ৰায় ১১ হাজাৰ টকাত বিক্ৰী হোৱাৰ বিপৰীতে চাৰ্ভাভেকৰ দাম প্ৰতি ড’জত ২০০০ টকা। WHO এ ৯-২০ বছৰ বয়সৰ ছোৱালী আৰু যুৱতীসকলৰ বাবে একক বা দুটা মাত্ৰাৰ সময়সূচী পৰামৰ্শ দিয়ে। বজাৰ মূল্যতকৈ যথেষ্ট ৰেহাই দি চৰকাৰক ভেকচিন উপলব্ধ কৰা হয় । খবৰ অনুসৰি এম এছ ডিয়ে নিজৰ এইচ পি ভি ভেকচিন ৰাজ্য চৰকাৰক প্ৰতি ড’জত প্ৰায় ৩৫০ টকাত বিক্ৰী কৰে আৰু এছ আই আইয়ে চৰকাৰক “যথেষ্ট পৰিমাণে, সম্ভৱতঃ আঠগুণ সস্তা” মূল্যত চাৰ্ভাভেক প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। ইউআইপিয়ে দেশৰ মহিলা আৰু শিশুক ১২টা ৰোগৰ বিৰুদ্ধে বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰে। এই কাৰ্যসূচীত বছৰি প্ৰায় ২.৬৭ কোটি নৱজাতক আৰু ২.৯ কোটি গৰ্ভৱতী মহিলাক সামৰি লোৱা হয়। এন টি এ জি আইৰ দ্বিতীয়টো পৰামৰ্শৰ প্ৰায় ৩ বছৰৰ পাছতো চৰকাৰে ইউ আই পিৰ অধীনত এইচ পি ভি ভেকচিন ৰোলআউটৰ সন্দৰ্ভত সবিশেষ প্ৰদান কৰা নাই।
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত সীতাৰমণে ঘোষণা কৰাৰ পিছতো ২০২৪ চনৰ জুলাই আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা পৰৱৰ্তী বাজেটতো এই পদক্ষেপৰ বাবে কোনো বাজেট আবণ্টন দিয়া হোৱা নাছিল । বিশেষজ্ঞসকলে কয় যে ভাৰতত এনে ভেকচিন পৰিসৰত উৎপাদন কৰাৰ ক্ষমতা আছে, ইয়াৰ কাৰণ আংশিকভাৱে এছ আই আইৰ দ্বাৰা কভিশ্বিল্ড উৎপাদনৰ বাবে বিকশিত কৰা আন্তঃগাঁথনি, যিয়ে উল্লেখযোগ্য চৰকাৰী সমৰ্থন লাভ কৰিছিল। প্ৰতি বছৰে সকলো ধৰণৰ ভেকচিনৰ ৩০০ কোটি ড’জ উৎপাদন কৰাৰ ক্ষমতা থকা এছ আই আই হৈছে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান।
ভাৰতৰ চুবুৰীয়া অঞ্চলত বাংলাদেশ, নেপাল, ভূটান আৰু শ্ৰীলংকাই তেওঁলোকৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক কাৰ্যসূচীত এইচ পি ভি ভেকচিন প্ৰৱৰ্তন কৰিছে। ভাৰতত এইচ পি ভি ভেকচিনৰ প্ৰচলন অস্থিৰ হৈ থকাৰ সময়তে দেশৰ লাখ লাখ ছোৱালীৰ ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ আশংকা অব্যাহত আছে।
ভাৰতেও নিজৰ বাজেটত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ নিদিয়ে। বিত্তীয় বৰ্ষ ২২ ৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য একাউণ্টৰ অনুমান অনুসৰি স্বাস্থ্যসেৱাৰ বাজেটৰ মাত্ৰ ১৪%হে স্বাস্থ্য পৰীক্ষা, প্ৰতিষেধক কাৰ্যসূচী আৰু জনস্বাস্থ্য শিক্ষাৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে আবণ্টন দিয়া হৈছিল। ২০২৩-২৪ বিত্তীয় বৰ্ষলৈকে ৯৩.২৩% যোগ্য শিশুৱে সম্পূৰ্ণ প্ৰতিষেধক লাভ কৰিছে। ভাৰতে ২০১১ চনত শেষবাৰৰ বাবে পলিঅ’ ৰোগীৰ ৰেকৰ্ড গঢ়িছিল আৰু ২০১৫ চনত মাতৃ আৰু নৱজাতকৰ টিটেনাছ সফলতাৰে নিৰ্মূল কৰিছিল। ২০১৬-২০২০ বৰ্ষৰ পৰা প্ৰায় ১৩ হাজাৰ ছোৱালীয়ে এই ভেকচিন লাভ কৰে। ২০১৭ চনত পঞ্জাবে এইচ পি ভি ভেকচিন প্ৰদানৰ বাবে সীমিত অভিযান আৰম্ভ কৰিছিল, যিটো পিছলৈ বন্ধ কৰি দিয়া হৈছিল। ২০১৭ চনত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে পঞ্জাৱত ১১ বছৰীয়া ছোৱালীক ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰতিষেধক প্ৰদান কৰাত ৰাজ্যখনৰ স্বাস্থ্য বাজেটৰ ০.০২৮% খৰচ হৈছিল। ২০১৮ চনত ছিকিম ৰাজ্যজুৰি বিদ্যালয়ৰ জৰিয়তে নিয়মীয়া প্ৰতিষেধক প্ৰদানৰ অংশ হিচাপে এইচ পি ভি ভেকচিন প্ৰৱৰ্তন কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয়। ডাঃ অৰোৰাৰ মতে ছিকিমে নিজৰ কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু প্ৰতি বছৰে প্ৰায় ৮০-৯০% যোগ্য ছোৱালীক সামৰি লৈছে। এন টি এ জি আইৰ এইচ পি ভি ৱৰ্ক গ্ৰুপে ছিকিমৰ সফলতাৰ কাৰণ বুলি কয় যে প্ৰচাৰক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ আলোচনাত জ্যেষ্ঠ চিকিৎসকসকলক জড়িত কৰা, অভিভাৱক-শিক্ষকৰ বৈঠকৰ জৰিয়তে অভিভাৱকসকলক জড়িত কৰা আৰু এইচ পি ভি টিকাকৰণৰ বাবে এজন শিক্ষকক ন’ডেল ব্যক্তি হিচাপে নিযুক্তি দিয়া। শেহতীয়াকৈ তামিলনাডু চৰকাৰে ঘোষণা কৰিছে যে তেওঁলোকে ১৪ বছৰ আৰু তাৰ ওপৰৰ সকলো ছোৱালীক হিউমেন পেপিলোমা ভাইৰাছ (এইচ পি ভি) ভেকচিন প্ৰদান কৰিব, বিত্তীয় বৰ্ষ ২৫-২৬ বাজেটত ৩৬ কোটি টকা নিৰ্ধাৰণ কৰিছে। অৱশ্যে এন ডি এ শাসিত অন্ধ্ৰপ্ৰদেশকে ধৰি অধিকাংশ ৰাজ্যই চৰকাৰৰ পৃষ্ঠপোষকতাত এইচ পি ভি টিকাকৰণ আৰম্ভ কৰিবলৈ ইউ আই পিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লোৱালৈ অপেক্ষা কৰি আছে। ভাৰতৰ চুবুৰীয়া অঞ্চলত বাংলাদেশ, নেপাল, ভূটান আৰু শ্ৰীলংকাই তেওঁলোকৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক কাৰ্যসূচীত এইচ পি ভি ভেকচিন প্ৰৱৰ্তন কৰিছে। ভাৰতত এইচ পি ভি ভেকচিনৰ প্ৰচলন অস্থিৰ হৈ থকাৰ সময়তে দেশৰ লাখ লাখ ছোৱালীৰ ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ আশংকা অব্যাহত আছে।
পৃথিৱীৰ অধকাংশ মানুহেই সুখী আৰু দীৰ্ঘায়ু জীৱন যাপন কৰিব বিচাৰে কিন্তু বহুতে সেইয়া লাভ কৰিব নোৱাৰে। যি সময়ত মানুহৰ গড় জীৱন প্ৰায় ৭০ৰ পৰা ৮০ বছৰ, সেই সময়ত প্ৰায় ২৫০ বছৰ জীয়াই থকা এজন চীনা মানুহৰ কাহিনী কেৱল আকৰ্ষণীয়ই নহয় অনুপ্ৰেৰণামূলকো।
লি চিং-ইউন এজন চীনা বনৌষধি বিশেষজ্ঞ, যুদ্ধবিদ, আৰু কৌশলগত উপদেষ্টা। বহুতে বিশ্বাস কৰে যে তেওঁ এতিয়ালৈকে জীয়াই থকা আটাইতকৈ বয়সীয়াল ব্যক্তি। লিয়ে ১৭৩৬ চনত জন্মগ্ৰহণ কৰা বুলি দাবী কৰিছিল, যাৰ ফলত ১৯৩৩ চনত মৃত্যুৰ সময়ত তেওঁৰ বয়স ১৯৭ বছৰ হ’লহেঁতেন বুলি বাতৰি প্ৰকাশ পাইছে। কিন্তু তাতোকৈ আচৰিত ধৰণৰ ৰেকৰ্ড অনুসৰি তেওঁৰ জন্ম হয়তো ১৬৭৭ চনত হৈছিল, সেই হিচাপত তেওঁৰ বয়স ২৫৬ বছৰ। জানো আহক কেনেকৈ লি চিং-ইউনে আন মানুহতকৈ বেলেগ ধৰণে কি কৰিছিল যিয়ে তেওঁক ২৫০ বছৰতকৈও অধিক সময় জীয়াই থকাত সহায় কৰিছিল।
নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি চীনৰ এটা ডিচপেচত কোৱা হৈছে যে লিয়ে তেওঁৰ অবিশ্বাস্য দীৰ্ঘায়ুৰ কৃতিত্ব দিছিল মানসিক শান্তিক। বিশ্বৰ আটাইতকৈ দীৰ্ঘজীৱী চীনা ব্যক্তি হিচাপে তেওঁৰ উল্লেখযোগ্য জীৱন আৰু দীৰ্ঘায়ুৰ আছে গোপনীয় ৰহস্য। লি চিং-ইউনে প্ৰায়ে কৈছিল যে যিকোনো ব্যক্তিয়েই আভ্যন্তৰীণ শান্তি আয়ত্ত কৰিলে ১০০ বছৰৰ পিছতো জীয়াই থাকিব পাৰে। সকলোৰে পৰিচিত যে মানসিক চাপে শৰীৰৰ প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত কৰি আমাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। যেতিয়া আমি অহৰহ মানসিক চাপত থাকোঁ তেতিয়া শৰীৰে উচ্চ মাত্ৰাৰ কৰ্টিছল নামৰ হৰম’ন নিৰ্গত কৰে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি ৰক্তচাপ বৃদ্ধি কৰিব পাৰে আৰু সময়ৰ লগে লগে হৃদৰোগত অৰিহণা যোগাব পাৰে। মানসিক চাপে হজম শক্তি, টোপনি, মানসিক স্পষ্টতা আদিতো প্ৰভাৱ পেলায়, যাৰ ফলত ক্লান্তি, উদ্বেগ, হতাশা আদিৰ সৃষ্টি হয়।
দীৰ্ঘম্যাদী মানসিক চাপে আনকি বয়স বৃদ্ধি ক্ষিপ্ৰ কৰিব পাৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সামগ্ৰিক সুস্থতাৰ বাবে মানসিক চাপ পৰিচালনা কৰাটো অতি প্ৰয়োজনীয়। সেয়েহে মানসিক চাপক আঁতৰাই ৰাখি শান্তিপূৰ্ণ জীৱন যাপন কৰিলে দীৰ্ঘ আৰু সুস্থ জীৱন গঢ়ি তোলাত শক্তিশালী ভূমিকা থাকিব পাৰে। আভ্যন্তৰীণ শান্তিয়ে ভাল টোপনি, সুস্থ চিন্তাধাৰা আৰু সুস্থ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে। সকলোবোৰ সামগ্ৰিক সুস্থতাৰ বাবে অতি প্ৰয়োজনীয়।
লিৰ দীৰ্ঘায়ুৰ আন গোপন কথাবোৰলৈ চালে দেখা যায় প্ৰতিবেদনখনে শ্বেয়াৰ কৰিছে যে তেওঁৰ দীৰ্ঘায়ুৰ কৃতিত্বও কিছুমান বিশেষ বনৌষধিৰ বাবে দিয়া হৈছিল যিবোৰ তেওঁ গোটেই জীৱন গ্ৰহন কৰিছিল। ১০ বছৰ বয়সলৈকে লিয়ে ইতিমধ্যে তিব্বত, আন্নাম, চিয়াম আদি দূৰৈৰ অঞ্চলত অন্বেষণ কৰি ঔষধি উদ্ভিদ সংগ্ৰহ কৰিছিল যিবোৰ তেওঁ চীনা বনৌষধি বিশেষজ্ঞ হিচাপে বিক্ৰী কৰিছিল। তেওঁ চীনৰ পৰম্পৰাগত বনৌষধি যেনে লিংজি, গ’জি , জামু, বনৰীয়া জিনচেং, আৰু গটু কোলা বিক্ৰী কৰিছিল। তেওঁ কেৱল সেইবোৰ কেৱল বিক্ৰী কৰাই নাছিল—তেওঁ এই বনৌষধি আৰু চাউলৰ মদকে ধৰি সাধাৰণ খাদ্যৰ দ্বাৰা জীৱন নিৰ্বাহ কৰিছিল। যাৰ বাবে বহুতে বিশ্বাস কৰে যে তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যত অৰিহণা যোগাইছিল। জীৱনকালত যেতিয়া লি দীৰ্ঘজীৱনৰ বাবে বিখ্যাত হৈছিল, তেতিয়া যুদ্ধাধিপতি ৱু পেই-ফুৱে এবাৰ লি চিং-য়ুনক তেওঁৰ সৈতে থাকিবলৈ আমন্ত্ৰণ জনাইছিল, তেওঁৰ উল্লেখযোগ্য দীৰ্ঘায়ুৰ আঁৰৰ ৰহস্য উন্মোচন কৰাৰ আশাত। লিৰ এজন ছাত্ৰৰ মতে দীৰ্ঘজীৱনৰ বাবে তেওঁৰ পৰামৰ্শ সহজ কিন্তু কাব্যিক আছিল: “নিস্তব্ধ হৃদয় ৰাখক, কচ্ছপৰ দৰে বহি থাকক, কপৌৰ দৰে খৰখেদাকৈ খোজ কাঢ়িব আৰু কুকুৰৰ দৰে শুব।” এই শব্দবোৰে ৰিপ’ৰ্ট অনুসৰি দীৰ্ঘ আৰু সুস্থ জীৱন যাপনৰ চাবিকাঠি হিচাপে শান্তি, কোমল গতিবিধি আৰু গভীৰ বিশ্ৰামৰ ওপৰত লিৰ বিশ্বাসক প্ৰতিফলিত কৰিছিল। লি চিং-ইউনৰ ব্যক্তিগত জীৱনৰ বিষয়ে সকলো লিৰ বয়সৰ বিষয়ে কিংবদন্তিবোৰ কেৱল স্বঘোষিত নাছিল। ১৯৩০ চনত চীনৰ এজন অধ্যাপকে লিৰ ১৫০ আৰু ২০০ বছৰীয়া জন্মদিন উদযাপনৰ সাম্ৰাজ্যবাদী অভিলেখো আৱিষ্কাৰ কৰিছিল, যিবোৰ তেওঁৰ অবিশ্বাস্যভাৱে দীৰ্ঘায়ুৰ প্ৰমাণ। লিৰ ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে ১৯৩৩ চনলৈকে (লিৰ মৃত্যুৰ বছৰটোলৈকে) কোৱা হয় যে তেওঁৰ ১১টা প্ৰজন্মৰ ভিতৰত ১৮০ জন জীৱিত বংশধৰ আছিল আৰু তেওঁৰ ১৪ৰ পৰা ২৩ বাৰ বিয়া হোৱাৰ কাহিনীয়ে ৰহস্যটোক আৰু অধিক বৃদ্ধি কৰিছিল। যদিও সন্দেহবাদীসকলে ৰেকৰ্ডসমূহক লৈ প্ৰশ্ন উত্থাপন কৰিছিল, লিক শেষ বছৰবোৰত লগ পোৱা বহুতেই তেওঁৰ যৌৱনৰ চেহেৰাত স্তম্ভিত হৈ পৰিছিল— তেওঁক দুশতিকা সৰু যেন লগা এজন ব্যক্তি বুলি বৰ্ণনা কৰিছিল।
সঁচা হওক বা নহওক, লি চিং-য়ুন স্বাস্থ্য, সৰলতা আৰু শান্ত জীৱন-যাপনৰ শক্তিৰ এক আকৰ্ষণীয় প্ৰতীক হৈয়েই আছে।
উজান বজাৰ কেৱল এখন ঠাই নহয়; ই গুৱাহাটী মহানগৰীৰ হৃদস্পন্দন, এক জীৱন্ত ঐতিহ্য। কামৰূপ অঞ্চলৰ আটাইতকৈ পুৰণি বসতিসমূহৰ ভিতৰত অন্যতম এই উজান বজাৰ। শতিকাৰ পৰা শতিকালৈ এই অঞ্চলটো বাণিজ্য, সংস্কৃতি, ধৰ্ম আৰু নাগৰিক জীৱনৰ মিলনস্থলী হৈ আহিছে। কামৰূপ অঞ্চলৰ আটাইতকৈ পুৰণি বসতিসমূহৰ ভিতৰত অন্যতম এই অঞ্চলখন প্ৰাচীনকালৰ বানিজ্য ঘাট, ধৰ্মীয় কেন্দ্ৰ, আৰু পৰবর্তীকালত গুৱাহাটীৰ ৰাজনৈতিক-নাগৰিক জীৱনৰ প্ৰাণকেন্দ্ৰ হিচাপে বিকশিত হৈছে।
প্ৰাচীন কালত ‘প্ৰাগজ্যোতিষপুৰ’ নামেৰে পৰিচিত গুৱাহাটী কামৰূপ ৰাজ্যৰ সময়ত এক গুৰুত্বপূৰ্ণ বানিজ্য-কেন্দ্ৰ আছিল। ব্ৰহ্মপুত্ৰ নদী পথৰ লগত সংযোগ থকা উজন বজাৰ তেতিয়া হৈ পৰিছিল জলপথ বাণিজ্যৰ মুখ্য স্থলী। আহোম যুগত, বিশেষকৈ ১৭শ শতিকাত, উমানন্দ দেৱালয় গঠনৰ লগে লগে এই অঞ্চল ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰভাৱত বিকাশ লাভ কৰে এই অঞ্চলটোৱে।
উমানন্দ দেৱালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, গুৱাহাটী প্লেনেটেৰিয়াম, আৰু লতাশিল খেলপথাৰৰ দৰে প্ৰতিষ্ঠানসমূহে এই অঞ্চলক সাংস্কৃতিক আৰু বৌদ্ধিক অভিজ্ঞানত উজ্বল কৰি ৰাখিছে। এতিয়া বহু প্ৰজন্মৰ পুৰণি অসম টাইপ ঘৰ, মাছ বজাৰ, আৰু নীলকণ্ঠ চাহ ষ্টলৰ দৰে জনপ্ৰিয় স্থানসমূহ উজান বজাৰৰ সজীৱতাৰ প্ৰমাণ বহন কৰি আছে।
উজান বজাৰৰ বিশেষত্ব হ’ল দ্রুত নগৰায়ণৰ মাজতো ই নিজৰ মূল গুণ আৰু পৰিচয় অটুট ৰাখি আহিছে। বিশেষকৈ উজন বজাৰৰ মাছ বজাৰ, যি গুৱাহাটীৰ আটাইতকৈ পুৰণি বজাৰসমূহৰ অন্যতম আজিও প্ৰভাতৰ সময়ত এক সজীৱ প্ৰতিচ্ছবি, য’ত ব্ৰহ্মপুত্ৰৰ তাজা মাছৰে অসমীয়া খাদ্যসংস্কৃতিৰ গৌৰৱ ৰক্ষা হৈছে। আকৌ উজান বজাৰৰ অলিগলিত পুৰণি অসম টাইপ ঘৰৰ স্থাপত্য আজিও দেখিবলৈ পোৱা যায়। ঔপনিৱেশিক যুগৰ বেলকনি থকা কাঠৰ ঘৰসমূহ আৰু আধুনিক ফ্লেটৰ একে সৈতে সহবস্থান, অঞ্চলটোক এক অদ্বিতীয় গৰাকী পৰিচয় দিয়ে। বহু পৰিয়ালে পুৰণি ধাৰা অক্ষুণ্ণ ৰাখি আজিও ইয়াত বাস কৰি আছে।
আমবাৰী, খাৰগুলি, চেনিকুঠী, আৰু দীঘলীপুখুৰী সৈতে উজান বজাৰে এক সাংস্কৃতিক অবিচ্ছেদ্য পৰিসৰ গঢ়ি তোলে। দীঘলীপুখুৰীয়ে ইয়াৰ আইকনিক পেডেল নাও যাত্ৰাৰ সৈতে শান্তি প্ৰদান কৰে আনহাতে আমবাৰীয়ে প্ৰত্নতাত্ত্বিক গভীৰতা আৰু নাগৰিক গতিশীলতা যোগদান কৰে। পাহাৰৰ শিখৰত থকা মনোমোহা ঘৰবোৰৰ সৈতে খাৰগুলীয়ে ব্ৰহ্মপুত্ৰৰ উশাহ লোৱাৰ দৰে দৃশ্য উপলব্ধ কৰে আৰু সাহিত্যিক আৰু বৌদ্ধিক উত্তৰাধিকাৰেৰে সমৃদ্ধ চেনিকুঠীত প্ৰয়াত মামনি ৰাইছম গোস্বামীৰ পিতৃ-মাতৃৰ ঘৰ। জুবিন গাৰ্গ আৰু দ্বীপেন বৰুৱাৰ দৰে সাংস্কৃতিক ব্যক্তিও ইয়াত বসবাস কৰি অঞ্চলটোৰ প্ৰাধান্য আৰু অধিক বৃদ্ধি কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়, বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক প্ৰতিষ্ঠান (ভিকেআইচি), ৰাজ্যপাল গৃহ, হেণ্ডিক বালিকা মহাবিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানসমূহে এক শৈক্ষিক, সামাজিক ক্ষেত্ৰত পৰিসৰৰ অন্তৰ্ভুক্ত হৈছে।
কিন্তু এই ঐতিহ্য এতিয়া সংকটত। দ্ৰুত নগৰায়নৰ ফলত পথ-বিতৰণৰ সমস্যা, বানিজ্যিকীকৰণ আৰু অপৰিকল্পিত পৰিকল্পনাই অঞ্চলখনৰ ঐতিহাসিক গৰিমা ক্ৰমান্বয়ে ক্ষয় কৰি আহিছে। বহু পুৰণি ঘৰ আজিও আনুষ্ঠানিকভাৱে সংৰক্ষিত ঐতিহ্যৰ স্বীকৃতি নোপোৱাকৈ ভঙাৰ আশংকাৰ সন্মুখীন। ইয়াৰ লগে লগে, ব্ৰহ্মপুত্ৰৰ ঘাটসমূহত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ আৰু পৰিবেশগত ক্ষয় তীব্ৰ হ’ব ধৰিছে।
এই পৰিস্থিতিৰ প্ৰতি চৰকাৰ, নাগৰিক, আৰু পৌৰ সংস্থাৰ একেলগীয়া দায়িত্ববোধৰ প্ৰয়োজন। চৰকাৰে নীতিগতভাৱে ঐতিহাসিক অঞ্চলসমূহক সংৰক্ষণৰ আওতাত আনি নৱ নির্মাণৰ ক্ষেত্ৰত কঠোৰ নিয়ম প্ৰয়োগ কৰিব লাগিব। নাগৰিকে স্থানীয় পৰিৱেশ, ঘাট, আৰু পুৰণি ঘৰসমূহৰ সংৰক্ষণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগিব।
উজান বজাৰ গুৱাহাটী মহানগৰীৰ এটি জীৱন্ত পৰিচয় — এনে পৰিচয় যি অতীতৰ ঐতিহ্য আৰু বৰ্তমানৰ গতি দুয়োকে একেলগে বহন কৰে। এই স্থানৰ সংৰক্ষণ মানেই হ’ল গুৱাহাটীৰ আত্মাৰ সংৰক্ষণ। উন্নয়নৰ নামত এনে এক ঐতিহাসিক অঞ্চলক বিস্মৃত কৰাটো এক অপূৰণীয় ক্ষতি হ’ব।
Phule (2025) হৈছে অনন্ত নাৰায়ণ মহাদেৱান পৰিচালিত এক জীৱনীমূলক নাটক, যি ভাৰতৰ সমাজ সংস্কাৰক জ্যোতিৰাও আৰু সাবিত্ৰীবাই ফুলেৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনে ৫০ বছৰৰ সময়সীমা আৱৰি লৈ তেওঁলোকৰ সংগ্রামী যাত্ৰা দৰ্শাইছে।
চিনেমাখনে মুক্তিৰ পূৰ্বে কিছুমান সেন্সৰশ্বিপ সমস্যাৰ সন্মুখীন হৈছিল, তথাপিও মুক্তিৰ পাছত সামাজিক মাধ্যমত ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছে। ছবিখনে ১৯শ শতিকাৰ ভাৰতত ছাত্ৰীৰ শিক্ষা আৰু জাতি প্ৰথাৰ বিৰুদ্ধে হোৱা সামাজিক বিপ্লৱৰ কাহিনী এটি মনোগ্ৰাহীভাৱে উপস্থাপন কৰে। মহাৰাষ্ট্ৰৰ জীৱনধাৰা, পৰিৱেশ, আৰু সামাজিক গঠন চিনেমাট’গ্ৰাফীত পৰিস্ফুট হৈছে। প্রতিটো দৃশ্য যেন সেই সময়ৰ।
প্ৰতীক গান্ধী আৰু পাত্ৰলেখা অভিনীত এই চিনেমাখনে সমাজৰ বিৰোধিতা, লিঙ্গ বৈষম্য আৰু জাতি প্ৰথাৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্রামৰ কাহিনী বৰ্ণনা কৰে। প্ৰামাণিক অভিনয়, আৰু গভীৰভাৱে প্ৰেৰণাদায়ক আখ্যানৰ সৈতে এই ছবিখনে ফুলেৰ জাতি বৈষম্যৰ বিৰুদ্ধে অদম্য যুঁজৰ সাৰমৰ্মক ধৰি ৰাখিছে। চিনেমাখনত চিত্ৰিত কৰা হৈছে ১৯শ শতিকাৰ ভাৰতত সংঘটিত সমাজিক বৈষম্য, লিঙ্গ বৈষম্য আৰু জাতি প্ৰথাৰ বিৰুদ্ধে ফুলে দম্পত্তিৰ সংগ্রাম। চিনেমাট’গ্ৰাফীয়ে মহাৰাষ্ট্ৰৰ ১৯ শতিকাৰ প্ৰাকৃতিক দৃশ্যক সুন্দৰভাৱে পুনৰ সৃষ্টি কৰি দৰ্শকক এনে এখন পৃথিৱীত নিমজ্জিত কৰিছে য’ত এজন মানুহৰ সাহসে শতিকাজুৰি চলি অহা অন্যায়ক প্ৰত্যাহ্বান জনাইছিল।
জ্যোতিবা ফুলেৰ চৰিত্ৰত প্ৰতীক গান্ধীয়ে সাহস, মমতা, আৰু অদম্য মনোভাৱক মূৰ্ত কৰি তুলিছে, আনহাতে পাত্ৰলেখাই সাবিত্ৰীবাইৰ ৰূপত নাৰী আৰু দলিতৰ মৌলিক অধিকাৰ অস্বীকাৰ কৰা সমাজত শিক্ষা দিবলৈ সাহস কৰা এগৰাকী নাৰীৰ নীৰৱ শক্তি আৰু নিৰ্ভীক ভক্তিক প্ৰাণৱন্ত কৰি তুলিছে। এই ছবিখনত ফুলে দম্পতীৰ অক্লান্ত যুঁজখন—ছোৱালীৰ বাবে প্ৰথমখন বিদ্যালয় মুকলি কৰাৰ পৰা আৰম্ভ কৰি জাতি আৰু লিংগ অত্যাচাৰৰ বিৰুদ্ধে থিয় দিয়ালৈকে—বিবেকক আলোড়িত কৰা হৃদয়স্পৰ্শী গভীৰতাৰে চিত্ৰিত কৰা হৈছে।
পৰিচালক অনন্ত নাৰায়ণ মহাদেৱানে চিনেমাখনক সংযত আৰু বাস্তৱধর্মীভাৱে উপস্থাপন কৰিছে, যি সময়ৰ সমাজিক বাস্তৱতাক স্পষ্টকৈ প্ৰতিফলিত কৰে। যদিও চিনেমাখনে এই বিষয়সমূহ স্পষ্টকৈ উপস্থাপন কৰিছে, কিছুমান সমালোচকে চিত্রনাট্যক অধিক তথ্যভিত্তিক বুলি অভিহিত কৰিছে, যাৰ ফলত কাহিনী কেতিয়াবা পাঠ্যপুথিৰ দৰে অনুভৱ হয় । যদিও প্রথমাৰ্ধৰ গতি অলপ মন্থৰ, দ্বিতীয়াৰ্ধতো কেতিয়াবা ছবিখনে গতিচ্যুতি অনুভৱ কৰে, তথাপি ছবিখন তেওঁৰ সামাজিক প্ৰেক্ষাপটৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে।
পাত্ৰলেখাৰ অভিনয়ো উল্লেখযোগ্য। তেওঁ সততা আৰু দৃঢ়তাৰ সৈতে সাৱিত্ৰীবাইৰ চৰিত্ৰ প্ৰতিফলিত কৰিছে, বিশেষকৈ সমাজৰ বিৰুদ্ধে তেওঁৰ বক্তৃতাসমূহত। তেওঁ জ্যোতিবা ফুলেৰ ভূমিকাত গভীৰতা আৰু বিশ্বাসযোগ্যতা আনিছে, যি চিনেমাখনৰ মূল স্তম্ভ হিচাপে বিবেচিত হৈছে। প্ৰতীক গান্ধীৰ অভিনয়ক চিনেমাখনক আন এক ৰূপ দিছে।
চিনেমাখনৰ শক্তিশালী বিষয়বস্তুৰ প্ৰশংসনীয় যদিও চিত্রনাট্যক কিছু ক্ষেত্ৰত দুর্বল। চিনেমাখনৰ সংগীত আৰু পটভূমি সংগীত বিশেষ প্ৰভাৱশালী নহয়। কিছুমান সমালোচকে সংগীতক চিনেমাখনৰ কাহিনীৰ সৈতে সমন্বয়হীন বুলি উল্লেখ কৰিছে।
পঞ্চায়তীৰাজৰ মূল উদ্দেশ্য ক্ষমতাৰ বিকেন্দ্রীকৰণ। গাঁওবাসীক নিজৰ সমস্যা সমাধানত সক্রিয়ভাৱে অংশগ্রহণৰ সুযোগ দিয়াৰ মাধ্যমে গণতান্ত্ৰিক মূল্যবোধ প্ৰসাৰৰ লক্ষ্য।গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়তক সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা দিয়াটোও এক অত্যন্ত গুৰুত্বপূর্ণ বিষয়।
১৯০৯ চনত প্রকাশ পোৱা মহাত্মা গান্ধীৰ ‘হিন্দ স্বৰাজ’ত আধুনিক ভাৰতত প্ৰথমবাৰৰ বাবে গ্রাম্য শাসন ব্যৱস্থাৰ কথা বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছিল। পশ্চিমীয়া দেশৰ চিন্তাবিদসকলে গান্ধীৰ ‘হিন্দ স্বৰাজ’ক Indian Home Ruleৰ আদিপাঠ বুলি বৰ্ণনা কৰিছে। এই গ্ৰন্থৰ জৰিয়তে গান্ধীয়ে ভাৰতীয় গ্রামীণ জনজীৱনৰ স্বতন্ত্রতা স্থাপনৰ মাধ্যমেৰে ৰাজনৈতিক স্বাধীনতা অর্জন কৰা চিন্তাধাৰাক উপস্থাপন কৰিছিল। ইংৰাজে প্ৰতিষ্ঠা কৰিব বিচৰা পশ্চিমীয়া সমাজ-জীৱনক এই গ্ৰন্থখনৰ জৰিয়তে তীব্র সমালোচনা কৰাৰ সমান্তৰালভাৱে ভাৰতীয় সনাতনী গ্রাম্য সমাজ পুনৰ গঠনৰ জৰিয়তে নতুন ভাৰতৰ প্রস্তাৱ তুলি ধৰিছিল মহাত্মা গান্ধীয়ে। কিন্তু তদানীন্তন কংগ্ৰেছকে ধৰি দেশৰ বৌদ্ধিক সমাজে গান্ধীৰ হিন্দ স্বৰাজৰ চিন্তাক বিশেষ গুৰুত্ব দিয়া দেখা নগৈছিল। কিন্তু গান্ধীয়ে ক্ষমতাৰ ব্যাপক বিকেন্দ্ৰীকৰণ অবিহনে ভাৰতীয় মানুহৰ মংগল সম্ভৱ নহয় বুলি নিজৰ মত দৃঢ়তাৰে প্ৰকাশ কৰি আহিছিল। পৰৱৰ্তী সময়ত বাল গংগাধৰ তিলকে ১৯১৬ চনত Swaraj is My Birth Right বুলি কৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ আন্দোলনক নতুন মাত্রা প্রদান কৰে। তিলকৰ মতে স্ব-শাসন, স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ, বিদেশী সামগ্রী বর্জন আৰু উমৈহতীয়া ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ জৰিয়তেহে প্ৰকৃত অৰ্থত ‘গ্রাম স্বৰাজ’ স্থাপন কৰিব পৰা যাব।
গ্ৰাম্য উন্নয়ন অৰ্থাৎ গাঁওবাসীৰ জীৱনৰ সমগ্ৰ দিশৰ উন্নতি সাধন। ইয়াত অন্তৰ্ভুক্ত হয় কৃষি উন্নয়ন, শিক্ষা, স্বাস্থ্য, পানী যোগান, পথ নিৰ্মাণ আদিৰ উন্নয়ন। গাঁওবাসীক আত্মনিৰ্ভৰশীল আৰু সচেতন কৰি তোলা গ্রামোন্নয়নৰ মূল লক্ষ্য।
অসমৰ বহু গাঁওত এতিয়াও শিক্ষা, আৰ্থিক সম্পদ, বজাৰৰ সুবিধা আদি অভাৱৰ বাবে খেতি আৰু জীৱন পৰিস্থিতি উন্নত হব পৰা নাই । পঞ্চায়তসমূহে ইয়াৰ উন্নয়নলৈ গুৰুত্ব দিয়ে, আৰু এই ক্ষেত্ৰত পঞ্চায়তৰ ভূমিকা বেছি সময়ত নির্ণায়ক হৈ পৰে। পঞ্চায়ত নিৰ্বাচন যিহেতু স্থানীয় সমস্যাক কেন্দ্ৰ কৰি আয়োজিত হয়, সেয়েহে স্থানীয় সমস্যাবোৰেই প্ৰধান বিষয় হৈ উঠে। পঞ্চায়ত নিৰ্বাচনত তীব্ৰ প্ৰতিযোগিতা পৰিলক্ষিত হয়, আৰু নিৰপেক্ষ আৰু শান্তিপূর্ণ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে নানা সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰে।
পঞ্চায়তৰ সফলতা মূলত জনসাধাৰণৰ সচেতন অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে। যদিও বহু সময়ত দেখা যায় যে দুর্নীতি, ৰাজনৈতিক হস্তক্ষেপ, অপচয় আৰু প্রশাসনিক উদাসীনতাই পঞ্চায়তৰ উন্নয়নমূলক কাম-কাজ বাধাগ্ৰস্ত কৰিছে। মধ্যস্বত্বভোগীৰ উপস্থিতিৰ বাবেও বহু আঁচনিৰ সঠিক ৰূপায়ণ নহয়।
সংবিধানৰ ৭৩সংখ্যক সংশোধনীয়ে ভাৰতৰ গ্ৰাম্য পঞ্চায়তীৰাজ ব্যৱস্থাত এক আমূল পৰিৱৰ্তন সাধন কৰে। এই সংশোধনীৰ প্ৰধান উদ্দেশ্য আছিল স্থানীয় স্বায়ত্তশাসনক অধিক শক্তিশালী কৰি গঢ়ি তুলি স্থানীয় সমস্যাবোৰ সমাধানৰ সঠিক পথ ৰচনা কৰা।অসমত সাম্প্ৰতিক পঞ্চায়ত নিৰ্বাচনত কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱর্তন দেখা গৈছে। ভাৰতীয় সংবিধানৰ চতুর্থ অধ্যায়ত ৰাজ্য পৰিচালনাৰ নীতিসমূহৰ ভিতৰত পঞ্চায়তীৰাজ ব্যৱস্থাৰ উল্লেখ আছে। অসম পঞ্চায়তী ৰাজ আইন (১৯৯৪)ৰ সংশোধন অনুসৰি এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহৰ নতুনকৈ সমষ্টি নিৰ্ধাৰণ কৰা হৈছে। এইবাৰ নিৰ্বাচনত গাঁও পঞ্চায়তৰ সভাপতি জনসাধাৰণৰ দ্বাৰা নহয়, সদ্য-নির্বাচিত সদস্যসকলৰ দ্বাৰা নিৰ্বাচিত হ’ব। আন এক গুৰুত্বপূর্ণ পৰিৱর্তন হৈছে – গাঁও পঞ্চায়তৰ নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ প্রতীক ব্যৱহাৰ নহ’ব। EVM ৰ সলনি প্ৰাৰ্থীৰ নাম আৰু প্রতীক থকা বেলট পেপাৰত ভোট দিয়া হ’ব।
পঞ্চায়তসমূহ গণতান্ত্রিক ভিত্তিত গঠিত হোৱা অতি প্ৰয়োজন। গাঁৱৰ অশিক্ষিত আৰু অর্ধশিক্ষিত লোকক পঞ্চায়তত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা আৱশ্যক। পঞ্চায়ত বিভাগত সাধাৰণতে দেখা কিছু সমস্যা তলত উল্লেখ কৰা হ’ল।
১) অসম পঞ্চায়ত আইন, ১৯৯৪ৰ ৬ নং ধাৰা অনুযায়ী গাঁও পঞ্চায়তৰ ১০জন ৱার্ড সদস্য আৰু এজন সভাপতি নির্বাচনৰ যোগেদি পোনপটীয়াকৈ নির্বাচন কৰে। বহু ক্ষেত্রত দেখা যায় যে সভাপতিজন এটা ৰাজনৈতিক দলৰ আৰু ৱার্ড সদস্যসকলৰ গৰিষ্ঠসংখ্যক অন্য ৰাজনৈতিক দলৰ হয়। এনে পৰিপ্ৰেক্ষিতত সচৰাচৰ দেখা যায় যে বিৰোধী সদস্যসকল একগোট হৈ সভাপতিৰ বিপক্ষে কিছুমান ভুৱা অভিযোগ উপস্থাপন কৰি অনাস্থা প্রস্তাৱ গ্রহণ কৰে। সভাপতিজনো অনাস্থা ভোটত জয়ী হ’বলৈ ৰাজনৈতিক কৌশল অবলম্বন অথবা আইনী সাহায্যৰ সহায় ল’বলগীয়া হয়। এনে পৰিস্থিতিত গাঁও পঞ্চায়তৰ প্ৰশাসনীয় কাৰ্য আৰু ৰাইজৰ উন্নয়ন বাধাপ্রাপ্ত হয়। সুখৰ কথা যে অহা নিৰ্বাচনত এই ব্যৱস্থাৰ বিলুপ্তি ঘটাই সদস্যসকলৰ মাজৰপৰাই সভাপতি নির্বাচন কৰা হ’ব। ঠিক বিধায়কসকলে মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰাৰ দৰে।
২) ৰাজ্যৰ বিধানসভা নির্বাচনত ৰাজনৈতিক পট পৰিৱৰ্তন হোৱাৰ লগে লগে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলেও ৰাজনৈতিক দল পৰিৱৰ্তন কৰা দেখা যায়। ফলস্বৰূপে বহুক্ষেত্রত পঞ্চায়তত বিৰোধী দল ক্ষমতাশীল হ’লেও সদস্যই দল সলনি কৰাৰ ফলত দলটো সংখ্যালঘুত পৰিণত হয় আৰু অনাস্থা প্রস্তাৱৰ দাবী উত্থাপন হয়। প্ৰস্তাৱ উত্থাপনৰপৰা প্ৰস্তাৱ গৃহীত হোৱালৈকে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যালয়ৰ উন্নয়নমূলক কাম-কাজ স্থৱিৰ হৈ পৰে। মাথোঁ কেইজনমান সদস্যৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ ফলত প্ৰগতিৰ ধাৰা ব্যাহত হৈ পৰে। পঞ্চায়ত আইনৰ সংশোধন কৰি দলত্যাগ বাৰণ ব্যৱস্থা গ্রহণ কৰিব লাগে।
৩) ২০১৬ চনৰ ১২ ছেপ্টেম্বৰত ৰাজ্যপালে জাৰি কৰা জাননী অনুযায়ী ৰাজ্যৰ জিলা গ্রামোন্নয়ন অভিকৰণক জিলা পৰিষদৰ লগত চামিল কৰা হয়। চামিলকৰণৰ সময়ত দুয়োটা বিভাগৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া সেবাবিধি প্রস্তুত কৰা নহ’ল। বিভাগটোত কৰ্মৰত কাৰিকৰী বিষয়াসকলৰ পদোন্নতি হ’ল যদিও জিলা পৰিষদৰ কাৰিকৰী বিষয়াসকলক উপেক্ষিত কৰা হ’ল। জিলা পৰিষদত কৰ্মৰত কাৰিকৰী বিষয়াসকল একেই পদবীতে থাকিল। কনিষ্ঠ অভিযন্তাৰপৰা পদোন্নতি লাভ কৰা অভিকৰণৰ কাৰিকৰী বিষয়াৰ অধীনত জিলা পৰিষদত কৰ্মৰত স্নাতকোত্তৰ ডিগ্রীধাৰী অভিযন্তায়ো কার্যনির্বাহ কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত বঞ্চিত বিষয়াসকলৰ কৰ্মস্পৃহা হ্রাস হৈছে। প্রশাসনিক দিশবোৰৰ পুনৰ পৰীক্ষণৰ প্রয়োজন আছে।
৪) পঞ্চায়ত বিভাগে ৰূপায়ণ কৰি থকা এখন গুৰুত্বপূর্ণ আঁচনি হৈছে প্রধানমন্ত্রী আবাস যোজনা-গ্রামীণ (PMAY-G)। বহুক্ষেত্রত দেখা যায়, আঁচনিখন বিফল হোৱাৰ মূলতে বহু ক্ষেত্রত হিতাধিকাৰীসকলহে, বিভাগীয় কর্তৃপক্ষ নহয়। আবাসগৃহ নির্মাণৰ সমুদায় ধন হিতাধিকাৰীৰ বেষ্ক একাউণ্টত তিনিটা কিস্তিত জমা হয়। আঁচনিখনৰ হিতাধিকাৰীসকল দৰিদ্ৰ সীমাৰ তলৰ ব্যক্তি। বেঙ্কত ধন জমা হোৱাৰ পাছতে এই দৰিদ্ৰ লোকসকল ৰোগত আক্রান্ত/দুর্ঘটনাগ্রস্ত হ’লে গৃহ নির্মাণৰ আবণ্টিত ধনেই ব্যয় কৰে, যাৰ ফলত আবাস নির্মাণ অসম্পূর্ণ হয়। আঁচনিখনত প্রথম কিস্তিত ৩২,৫০০ টকা, দ্বিতীয় কিস্তিত ৭৮,০০০ টকা আৰু তৃতীয় কৃষ্টিত ১৯,৫০০ টকা আবণ্টন কৰা হয়। বহু হিতাধিকাৰীয়ে প্রথম কিস্তিৰ পুঁজি ব্যৱহাৰ কৰি ঘৰটোৰ ভেটিটোৰ নিৰ্মাণ সম্পূর্ণ কৰে। কিন্তু দ্বিতীয় কিস্তিৰ ধন বেঙ্কত জমা হোৱাৰ পাছত মদ্যপান, ঘৰুৱা সামগ্রী ক্রয় আদিত ধনৰ অপব্যয় কৰে, যাৰ ফলত ঘৰ অসম্পূর্ণ হয়। চৰকাৰী বিষয়া অহাৰ কথা গম পালেই আঁতৰি থাকে। এনেধৰণৰ পৰিস্থিতি নিবাৰণ কৰিবলৈ আবাস নিৰ্মাণৰ দায়িত্বপ্রাপ্ত চৰকাৰী বিষয়াজনৰ লগত হিতাধিকাৰীৰ যুটীয়া বেঙ্ক একাউণ্টৰ ব্যৱস্থা কৰি দুয়োকে দায়বদ্ধ কৰিব লাগে।
৫) পঞ্চায়ত বিভাগৰ এখন গুৰুত্বপূর্ণ আৰু জনপ্রিয় আঁচনি হৈছে মহাত্মা গান্ধী এনৰেগা (MGNREGA)। আঁচনিখনৰ ফলত গাঁও অঞ্চলৰ বাট-পথ, নলা-নর্দমা আদি স্থায়ী সম্পদ সৃষ্টিৰ লগতে শ্রম নিয়োগৰ যোগেদি বহু লোকে আর্থিক সকাহ পাইছে। তদুপৰি আঁচনিখনৰ অধীনত আঁচনিখন ৰূপায়ণ কৰিবলৈ বহু নিবনুৱা যুৱক-যুৱতীক বিভিন্ন পদবীত ঠিকাভিত্তিত নিয়োগ কৰা হৈছে। অর্থাৎ বহু শিক্ষিত যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিছে।
কিন্তু আঁচনিখনৰ প্রধান দুর্বলতা হৈছে সমগ্ৰ ভাৰততে ৰূপায়ণ কৰা আঁচনিসমূহৰ প্ৰকাৰ কৰা হৈছে। ভাৰত এখন বিশাল ৰাষ্ট্র, স্থান ভেদে প্রাকৃতিক পরিবেশো বিভিন্ন ধৰণৰ আৰু সেয়ে ৰাজ্য ভেদে আঁচনিৰ প্ৰকাৰ সুকীয়া হোৱাটো প্রয়োজন। বৰফাবৃত লাডাখ, বর্ষা প্রধান অসম-কেৰালা, মৰুময় ৰাজস্থান-গুজৰাট আদি সকলোতে একে ধৰণৰ আঁচনি ৰূপায়ণ সম্ভর নহয়। MGNREGA আইনৰ সংশোধন ঘটাই ভাৰতক কেইটামান মণ্ডলত ভাগ কৰিলে মণ্ডলভিত্তিক নতুন নির্দেশনা প্রস্তুত কৰিলে আঁচনি ৰূপায়ণ অধিক ফলপ্রসু হ’ব। দ্বিতীয়তে, নগৰৰ উপকণ্ঠৰ (Sub-Urban) গাঁও পঞ্চায়ত এলেকাবোৰ প্ৰায় নগৰৰ দৰেই। এইবোৰ অঞ্চলতো নগৰৰ দৰেই জনসংখ্যাৰ ঘনত্ব অধিক, খেতিপথাৰহীন, বহুমহলীয়া ঘৰৰ উপস্থিতি আদি দেখা যায়। এনেবোৰ অঞ্চলত মাটিৰ সম্পর্ক থকা কাম যেনে- কেঁচা পথ, কেঁচা নলা-নর্দমা আদি তেনেই সীমিত আৰু NREGAৰ জবকার্ডযুক্ত শ্রমিকৰ সংখ্যাও নগণ্য। দূৰণিবটীয়া গাঁও পঞ্চায়তৰ সামাজিক আৰু আর্থিক পৰিৱেশৰ লগত নগৰৰ উপকণ্ঠৰ গাঁও পঞ্চায়তৰ পৰিৱেশ সম্পূর্ণ বিপৰীত।
৬) পঞ্চায়ত আইনত প্রতিনিধিসকলৰ মুঠ আসনৰ ৫০ শতাংশ মহিলাৰ বাবে সংৰক্ষণ কৰি মহিলা সবলীকৰণত এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা হ’ল। কিন্তু বাস্তৱত বহুক্ষেত্ৰত এখন বিপৰীত ছবিহে দেখা পোৱা গ’ল। বহুক্ষেত্রত মহিলা প্রতিনিধিৰ পুত্র অথবা স্বামীয়ে প্রতিনিধিৰ ভূমিকা পালন কৰে আৰু প্রতিনিধিগৰাকীৰ কাৰ্যকলাপ এটা বাবাৰ ষ্টাম্পৰ দৰে হয়। এনে প্রতিনিধিসকলক বিশেষ প্রশিক্ষণৰ যোগেদি কর্মদক্ষতা বৃদ্ধিৰ ব্যৱস্থা আৰু মানসিক সবলতাৰ ব্যৱস্থা গ্রহণ কৰিব লাগে। ৰাজনৈতিক দলসমূহেও প্রার্থিত্ব প্রদান কৰোঁতে এনেবোৰ বিষয়ত সচেষ্ট হোৱা প্রয়োজন।
৭) স্বায়ত্তশাসিত অনুষ্ঠানৰ দৰে কাৰ্যনিবাহ কৰিবলৈ গাঁও পঞ্চায়তৰ পুঁজি টনকীয়াল কৰাৰ ব্যবস্থা গ্রহণ কৰিব লাগে। পঞ্চায়ত আইনতো পঞ্চায়ত এলেকাত বিভিন্ন সম্পত্তিত কৰ-কাটল সংগ্ৰহৰ বিধি অন্তর্ভুক্ত কৰা হৈছে যদিও বাস্তব ক্ষেত্রত সফল প্রয়োগ হোৱা নাই। আর্থিক সবলসকলৰ ব্যবসায়িক প্রতিষ্ঠান, পকী আবাস গৃহত কৰ আৰোপৰ ব্যৱস্থা গ্রহণ কৰিব লাগে। কেঁচা ঘৰসমূহ কৰ ব্যৱস্থাৰ আওতাৰ বাহিৰত ৰাখিব লাগে। লগতে গাঁও অঞ্চলৰ সকলো ঘৰত ক্রমিক নম্বৰ (গৃহনম্বৰ) প্রদান কৰিব লাগে। এনে ব্যবস্থাত অবৈধ দখল, অবৈধ নির্মাণ আদি বহু পৰিমাণে হ্রাস হ’ব। পঞ্চায়তৰ তিনিওটা তৰপৰ প্ৰতিনিধিৰ মাহেকীয়া পাৰিতোষিকৰ পৰিমাণ চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিছে। অসম ৰাজ্যিক বিত্ত আয়োগৰপৰা প্রতিনিধিসকলৰ পাৰিতোষিকৰ বাবে ধন আবণ্টন দিয়া হয় যদিও সেয়া অনিয়মীয়া হোৱাত প্রতিনিধিসকলে পৰিতোষিক নোপোৱাকৈয়ে নিৰ্দ্ধাৰিত পাঁচ বছৰ উকলি যায়। পঞ্চায়তৰ নিজস্ব পুঁজি টনকীয়াল হ’লে এনে অৱস্থাৰ অৱসান ঘটিব।
৮) গাঁও পঞ্চায়ত পর্যায়ত পৰিকল্পনা প্রস্তুত কৰিব পৰা দক্ষ আৰু অভিজ্ঞ লোকৰ অভাব দেখা যায়। সেয়ে গাঁওসভা প্রধানকৈ হিতাধিকাৰী নির্বাচন আৰু আঁচনিৰ বাছনি কৰা থলীত পৰিণত হৈছে। প্রকৃত সামাজিক উন্নয়ন আৰু দবিদ্র জনতাৰ আর্থিক উন্নয়নত সহায়ক হোৱাৰ পৰিকল্পনা প্রস্তুত সফল হোৱা নাই। গাঁওসভাত সামাজিক সমস্যাৰাজিৰ আলোচনা প্রায়েই নহয় বুলিব পাৰি।
এখন গাঁও পঞ্চায়তত ১০জন ৱার্ড সদস্য থাকে আৰু পঞ্চায়তলৈ আবণ্টিত ধন প্রতিটো ৱার্ডত সমান অনুপাতত ভাগ কৰাত প্রতিখন আঁচনিৰ অনুমোদিত ধন অতি ক্ষুদ্র পৰিমাণৰ হয়। সামান্য ধনেবে স্থায়ী আৰু চকুত লগা সম্পদ সৃষ্টি কৰিব নোৱাৰে। ফলত ধনৰ অপব্যৱহাৰ হয়। ইয়াৰ বিপৰীতে আবণ্টিত সমুদায় ধনেৰে এখন বৃহৎ আঁচনি ৰূপায়ণ কৰি সমগ্র পঞ্চায়তখনৰ কোনো এটা সমস্যাৰ (ধৰা হ’ল পঞ্চায়তখনৰ মূল শিক্ষানুষ্ঠান) স্থায়ী সমাধান সম্ভব হ’লহেঁতেন। সদস্যসকলৰ পৰিকল্পনা সম্পর্কে প্রকৃত ধাৰণা নথকা বাবেই এনে পৰিস্থিতি হৈছে। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ততো একেই পৰিস্থিতি বিৰাজমান। চৰকাৰে শেহতীয়াকৈ ‘গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা’ৰ (GPDP) অধীনত পৰিকল্পনা প্রস্তুতত অভিনৱ পদক্ষেপ গ্রহণ কৰাত পৰিস্থিতি
পূর্বতকৈ বহু উন্নত হৈছে। জিলা পৰিষদৰ জিলা প্রকল্প পৰিচালকে প্রতিটো বাৰ্ডৰ সমস্যাৰাজিৰ বুজ লৈ গাঁও পঞ্চায়তৰ মূল সমস্যাৰ প্ৰতিবেদন প্রস্তুত কৰে। এই প্রতিবেদনৰ ভিত্তিত গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্রস্তুত কৰা হয়। নিশ্চয়কৈ ই আদৰণীয় পদক্ষেপ। পৰিকল্পনা প্রস্তুত কার্যত গাঁও পঞ্চায়তৰ দক্ষ, শিক্ষিত আৰু অভিজ্ঞ ব্যক্তিক জড়িত কৰাত চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিলে, পৰিকল্পনা অধিক ফলৱতী হ’ব বুলি আশা কৰিব পাৰি।
৯) চৰকাৰী আঁচনিৰ সুবিধা লাভৰ আশাত বহু লোকে দৰিদ্ৰ সীমাৰ তলত (BPL-Below Poverty Line) তালিকাত নাম অন্তর্ভুক্ত কৰাৰ প্ৰয়াস কৰা দেখা যায়। হিতাধিকাৰী আঁচনি বৃদ্ধিৰ লগে লগে এই প্রবণতা অধিক বৃদ্ধি হৈছে। দৰিদ্ৰ সীমাৰ ওপৰৰ ব্যক্তিয়ে চৰকাৰী আঁচনিৰ সুবিধা গ্রহণ কৰিলে প্রকৃত যোগ্য ব্যক্তিসকল বঞ্চিত হয়। দ্বিতীয়তে, BPL লোকসকলৰ বহুতৰ সন্তানে সুশিক্ষিত হৈ উপার্জন কৰাত বা স্বকীয় প্রচেষ্টাবে আর্থিক দিশত সফল হৈ APLলৈ উন্নীত হোৱাৰ বহু উদাহৰণ দেখা যায়। দৰিদ্র সীমাৰ ওপৰলৈ উন্নীত হোৱাৰ পাছতো এই লোকসকলে হিতাধিকাৰী আঁচনিৰ সুবিধা লাভ কৰি থাকে। ৰাজ্য চৰকাৰে ৰাজ্যিক ভিত্তিত অন্ততঃ প্রতি তিনি বছৰৰ অন্তৰত SECC (Social Economic Caste Census) পিয়ল সম্পাদন কৰি এনে ধৰণৰ
কাৰ্য ৰোধ কৰিব পাৰে।
পূৰ্বৰ পঞ্চায়তসমূহে এৰি থৈ যোৱা, নকৰাকৈ থকা অজস্র কামেৰে আৰম্ভ কৰিব লাগিব নতুন পঞ্চায়তসমূহৰ কাৰ্যসূচী। কেৱল সেয়াই নহয় পঞ্চদশ বিত্তীয় আয়োগে অসমৰ বিভিন্ন জিলাক মুকলি কৰি দিয়া ধন সময়মতে ব্যয় কৰিব নোৱৰাত পূৰ্বৰ ধনসমূহ ব্যয় কৰিবলৈ বাধ্য থাকিব পঞ্চায়তসমূহ। তথ্য অনুসৰি ৰাজ্যখনৰ বিভিন্ন জিলাৰ পঞ্চায়তসমূহে পঞ্চদশ বিত্ত আয়োগৰ প্ৰায় এহেজাৰ কোটি টকা ব্যয় কৰিব পৰা নাছিল। এইক্ষেত্ৰত ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে জিলাসমূহৰ আয়ুক্তক সময়মতে ধন ব্যয় কৰিবলৈ নির্দেশ দিয়াৰ পিচতো সেয়া সম্ভৱ হৈ নুঠিল। ৰাজ্যখনৰ সাতাইশখন জিলাৰ পঞ্চদশ বিত্ত আয়োগে পুঁজি মুকলি কৰি দিছিল যদিও কেৱল নলবাৰী জিলাৰ বাহিৰে আন সকলোবোৰ জিলাই সময়মতে ধন ব্যয় কৰাত ব্যর্থ হৈছে। লক্ষণীয়ভাৱে আঁচনিৰ পুনৰ নিৰ্ধাৰণ, পলমকৈ আঁচনি ৰূপায়ণ আৰম্ভ কৰা, প্রাকৃতিক দুর্যোগ (বান)ৰ বাবে কাম সম্পূৰ্ণকৰণত বাধা,প্ৰশাসনীয় অনুমোদনৰ বিলম্ব আদি বিভিন্ন অজুহাত দেখুৱাই পঞ্চায়তসমূহে বিত্ত আয়োগৰ ধন সময়মতে ব্যয় কৰিব নোৱৰা বুলি জিলাসমূহে জানিবলৈ দিয়ে। এইক্ষেত্রত বিজেপি মিত্ৰজোঁট নেতৃত্বাধীন চৰকাৰখন আৰু শাসকীয় দলৰ পঞ্চায়ত প্রতিনিধিসকলে চৰকাৰী পুঁজি ব্যয়ত শোচনীয়ভাৱে ব্যর্থ হোৱাৰ অভিযোগ উঠিছে।
উল্লেখ্য যে পঞ্চদশ বিত্ত আয়োগৰ অধীনত অসমৰ ২৭ খন জিলাই ২০২০ চনৰ পৰা ২০২৪ চনলৈ পুঁজি লাভ কৰিছে। পঞ্চায়ত ব্যৱস্থাৰ অধীনত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তলৈ আঁচনি ৰূপায়ণৰ নামত জিলাসমূহলৈ সেই পুঁজি আগবঢ়োৱা হয়। উক্ত সময়ছোৱাত বিত্ত আয়োগে জিলাসমূহলৈ মুঠ ৩,৬৮৫.১৪ কোটি টকা মোকলাই দিছিল। এই সর্বমুঠ আবণ্টিত ধনৰ তুলনাত পঞ্চায়তসমূহে খৰচ কৰা ধনৰ পৰিমাণ হ’ল ২,৬৮৯ কোটি টকা। এনে প্রেক্ষাপটত দেখা গৈছে যে ৰাজ্যখনে পঞ্চদশ বিত্ত আয়োগৰ প্ৰায় এহেজাৰ কোটি টকা ব্যয় কৰিব নোৱাৰিলে। বজালী জিলাৰ ক্ষেত্ৰত দেখা গৈছে যে জিলাখনে আয়োগৰ ৪৫.০৩ কোটি টকা লাভ কৰিছিল যদিও ২০.৬৪ কোটি টকা ব্যয় কৰা নাই, অৱশ্যে জিলাখনৰ প্রশাসনে আগত তিনিমাহৰ ভিতৰত সেই ধন সম্পূর্ণ ব্যয় হ’ব বুলি জানিবলৈ দিছে। বৰপেটা জিলাই মুঠ ২১১.৯৫ কোটি টকা পাইছিল যদিও ৯২ কোটি টকা ব্যয় কৰিব নোৱৰাৰ অন্যতম কাৰণ হ’ল বহুকেইখন আঁচনিয়ে আদালতৰ মজিয়াত বিচাৰাধীন অৱস্থাত আছে। বিশ্বনাথতো লাভ কৰা ১১৪ কোটি টকাৰ প্ৰায় ১০ কোটি টকা ব্যয় কৰিবলৈ বাকী আছে। বঙাইগাঁও জিলাত আকৌ অধিকাংশ পুঁজিয়েই ব্যয় নোহোৱাকৈ ৰৈ গ’ল। তথ্যমতে জিলাখনে উক্ত সময়ছোৱাতে ১৩২ কোটি টকা লাভকৰিছিল যদিও ৭৬.৭৪ কোটি টকাই ব্যয় কৰাত সমর্থ নহ’ল। শ্রীভূমি জিলাখনলৈও আবণ্টিত ২৪০.৬৬ কোটি টকাৰ ৭০ কোটি টকাই ব্যয় কৰাত ব্যর্থ। তেনেদৰে নতুন জিলা চৰাইদেউলৈ দিয়া ৭২.২০ কোটি টকাৰ ব্যয় কৰিব নোৱাৰিলে ১৪ কোটি টকা। একেসময়তে দৰং জিলাই লাভ কৰা ১১০.০৬ কোটি টকাৰ ৩৯ কোটি টকাই ব্যয় কৰাত ব্যর্থ। ধেমাজিয়েও ১৮২ কোটি টকাৰ ৩২ কোটি টকা ব্যয় কৰিব নোৱাৰিলে। ধুবুৰীয়ে ৩৩.৮১ কোটি টকা লাভ কৰিছিল আৰু ইয়াৰে ৫ কোটি টকা খৰচ কৰিব নোৱাৰিলে। ডিব্ৰুগড় জিলাই লাভ কৰা ১৮৯ কোটি টকাৰ ৬৩.৩৬ কোটি টকা ব্যয় কৰিব নোৱাৰিলে যদিও ইয়াৰ কাৰণ হিচাপে জনাইছে যে ইয়াৰে ২৮.৭৫ কোটি টকাই ‘Operation and maintenance of JJM & SBM Project’ ৰ বাবে ৰখা হৈছে। গোৱালপাৰা জিলায়ো ১৬৬ কোটি টকা লাভ কৰি সময়মতে খৰচ কৰিব নোৱাৰিলে ৪০ কোটি টকা। আনহাতে গোলাঘাট জিলায়ো ৩৫ কোটি টকা ব্যয়ত ব্যর্থ হৈছে যদিও ধনৰাশি পি ডব্লিউ এছ এছ আঁচনিত ব্যয় কৰিবলৈ সংৰক্ষণ কৰি থোৱা বুলি জানিবলৈ দিয়ে। হাইলাকান্দি জিলালৈ আবণ্টিত ১২৩ কোটি টকাৰ অব্যৱহৃত ধনৰ পৰিমাণ হ’ল ৩১ কোটি টকা। যোৰহাট জিলাৰ বাবে অহা ১১৭ কোটি টকাৰ ৩৮ কোটি টকা ব্যয় নোহোৱাকৈ থাকিল। কামৰূপ মেট্র’ জিলাৰো ১০৮ কোটি টকাৰ ৫৯ কোটি টকাই ব্যয় নহ’ল। কামৰূপ (গ্রাম্য) জিলাত অৱশ্যেই অব্যৱহৃত ধনৰ পৰিমাণ মাথোঁ ৬ কোটি টকা। শ্রীভূমি জিলাত ব্যৱহাৰ নহ’ল ৪৭ কোটি টকা। লখিমপুৰে ১৭১ কোটি টকাৰ ভিতৰত ২২ কোটি টকা ব্যয় কৰিব নোৱাৰিলে। মৰিগাঁও জিলাৰ প্রায় ৫৯ কোটি টকাই নহ’ল ব্যয়। নগাঁৱতো ২৫৫ কোটি টকাৰ ভিতৰত অব্যবহৃত ৰূপত থাকিল ৬৪ কোটি টকা। শিৱসাগৰ জিলাত অব্যৱহৃত ৰূপত থাকিল ৪১ কোটি টকা। শোণিতপুৰত ব্যয় নহ’ল ৪৬ কোটি আৰু তিনিচুকীয়া জিলায়ো লাভ কৰা ১৯২ কোটি টকাৰ ভিতৰত ৬৪ কোটি টকাই ব্যয় কৰিব নোৱাৰিলে। অৱশ্যে দক্ষিণ শালমৰা-মানকাচৰ জিলাত মাথোঁ ৪ কোটি টকাহে ব্যয় কৰিবলৈ বাকী থাকিল। এনেদৰে জিলাই জিলাই পঞ্চদশ বিত্ত আয়োগৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে পঞ্চায়তসমূহে। উল্লেখ্য যে যোৱাটো পঞ্চায়তৰ কাৰ্যকালৰ অন্ত পৰিবৰ প্ৰায় এবছৰ হৈ গ’ল। এই সময়ছোৱাত জিলা আযুক্তৰ নেতৃত্বত নির্ধাৰিত আঁচনিসমূহৰ ৰূপায়ণৰ কাম-কাজ চলি আছিল। ২০২০ চনৰ পৰা ২০২৪-২৫ বিত্তীয় বর্ষলৈ পঞ্চদশ বিত্ত আয়োগে ৩৬৮৫.১৪ কোটি টকা জিলাসমূহক মোকলাই দিছিল যদিও যোৱা মাৰ্চৰ মধ্যভাগলৈ প্রায় এহেজাৰ কোটি টকা ব্যয় কৰিব পৰা নাছিল। এনে প্রেক্ষাপটত নতুন পঞ্চায়তসমূহে কার্যসূচী হিচাপে প্রথম অৱস্থাত পুৰণি আঁচনিসমূহৰ কাম সম্পূৰ্ণকৰণতে অগ্ৰাধিকাৰ দিবলগা হ’ব। এই আঁচনি ৰূপায়ণৰ পিচতহে পঞ্চায়তসমূহে নতুন আঁচনি গ্রহণ কৰাৰ সুযোগ পাব।
ইতিমধ্যে ৰাজ্যত পঞ্চায়ত নির্বাচনৰ ভোটগ্রহণ নৌহওঁতেই বিজেপি তথা শাসকীয় জোঁটৰ বহু প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে যদিও গ্রামোন্নয়নৰ দুখন গুৰুত্বপূৰ্ণ কেন্দ্রীয় আঁচনি এম জি এনৰেগা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্রামীণ) ৰূপায়ণত ৰাজ্য চৰকাৰৰ ব্যর্থতাহে পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ গ্রামোন্নয়ন মন্ত্রণালয়ৰ আজিৰ তথ্য অনুসৰি,ৰাজ্যত সক্ৰিয় জব্কাৰ্ডৰ সংখ্যা ৩৩.৯২ লাখ। ইয়াৰ বিপৰীতে সক্রিয় কর্মীৰ মাত্র ৫.৩১ শতাংশ অনুসূচিত জাতিৰ আৰু ১৭.৫২ শতাংশহে অনুসূচিত জনজাতিৰ। মন্ত্রণালয়ৰ শেহতীয়া তথ্য অনুসৰি, ২০২৩-২৪ চনত জবকাৰ্ড থকাসকলৰ ভিতৰত প্ৰতি ঘৰ লোকক গড়ে মাত্র ৩৮.৯২ দিনকৈ, ২০২৪-২৫ চনত ৩৭.১৭ দিনকৈ আৰু ২০২৫-২৬ চনত ৮.৮৮ দিনকৈহে কাম দিবলৈ চৰকাৰ সক্ষম হৈছে। উল্লেখ্য যে জৱকার্ড পোৱাসকলক ১০০ দিনৰ কাম দিয়াটো বাধ্যতামূলক যদিও ৰাজ্য চৰকাৰে ২০২৪-২৫ চনত মাত্র ২৪,০৪৩ জনকহে ১০০ দিনৰ কাম দিব পাৰিছে। ২০২৫-২৬ বিত্তীয় বর্ষত এই পর্যন্ত এই সংখ্যা শূন্য। কেন্দ্ৰীয় চৰকাৰৰ আন এখন গুৰুত্বপূর্ণ আঁচনি প্রধানমন্ত্রী আবাস যোজনা (গ্রামীণ)ৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ ব্যৰ্থতা পৰিলক্ষিত হৈছে। গ্রামোন্নয়ন মন্ত্রণালয়ৰ আজিৰ তথ্য অনুসৰি, দুটা পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে অসমলৈ ২৬.১১ লাখ আবাসগৃহ আবণ্টনৰ লক্ষ্য লৈছিল যদিও ২৫.৭২ লাখ আবাসগৃহতহে অনুমোদন দিয়ে। কিন্তু ৰাজ্য চৰকাৰে তাৰ ভিতৰত ২০.২০ লাখ আৱাসগৃহহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। ৫.৫২ লাখ আৱাসগৃহ ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে আজিকোপতি সম্পূর্ণ কৰিব পৰা নাই। উল্লেখ্য যে পঞ্চায়ত নির্বাচন নির্দ্ধাৰিত সময়তকৈ প্রায় ১১ মাহ পলমকৈ অনুষ্ঠিত কৰিছে ৰাজ্য চৰকাৰে। কেন্দ্ৰৰপৰা গ্রামোন্নয়ন শিতানত ধন অনাতো ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে। ইয়াৰ ফল ভুগিছে ৰাজ্যৰ দুখীয়া ৰাইজে।
গাঁওবাসী বিশেষকৈ শিক্ষিত লোকসকলক পঞ্চায়তত অংশ লোৱাৰ বাবে সচেতন আৰু উৎসাহিত কৰা উচিত। দুর্নীতি প্ৰতি শূন্য সহনশীলতা বজাই ৰাখিব লাগিব। পঞ্চায়তসমূহে স্থানীয় সমস্যা সমাধান আৰু উন্নয়নমূলক আঁচনিৰ সঠিক ৰূপায়ণৰ বাবে গাঁওবাসীৰ সক্ৰিয় সহযোগিতা আৰু সচেতনতা সকলোতকৈ গুৰুত্বপূৰ্ণ। সেয়ে, পঞ্চায়তীৰাজৰ সফলতা আৰু গ্রামোন্নয়ন দুয়ো একে সূত্ৰে সংলগ্ন।
ভাৰতবৰ্ষ এখন কৃষি আৰু গ্রাম্য প্রধান দেশ। স্বাধীনোত্তৰ সময়ত ৮০ শতাংশ লোকেই গাঁৱত বসবাস কৰিছিল। বর্তমানেও মুঠ জনসংখ্যাৰ ৭০ শতাংশ লোকে গাঁৱতে বসবাস কৰে। এইখিনি লোকৰ সমস্যা, অভাৱ-অভিযোগ, দৰিদ্ৰতা, নিৰক্ষৰতা আদিৰ দৰে সমস্যাবোৰ নির্মূল নোহোৱালৈকে দেশৰ উন্নতি হোৱা কথাটো অবাস্তৱ কল্পনা হৈ ৰ’ব। কেৱল নগৰ বা চহৰ অঞ্চলৰ চমক লগা উন্নয়নে ভাৰতবৰ্ষৰ সামগ্রিক উন্নয়নক প্রতিনিধিত্ব নকৰে। গতিকে, পঞ্চায়তীৰাজ অনুষ্ঠানৰ মাধ্যমেৰে দেশৰ বিকাশৰ সৈতে সকলো শ্ৰেণীৰ লোকক চামিল কৰিব পাৰিলেহে প্রকৃত অৰ্থত দেশৰ বিকাশ সম্ভৱ হ’ব।
বহু সময়ত পঞ্চায়ত আৰু দুর্নীতি একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি হৈ পৰাৰ অভিযোগ উঠিছে। ইয়াৰ ফলত পঞ্চায়তীৰাজ ব্যৱস্থাৰ অধীনত এখন আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ সপোন আজিও আধৰুৱা হৈয়ে ৰৈছে।
প্ৰায় এক শতিকাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে বিশদ জাতিগত লোকপিয়ল কৰা হ’ব। কিয়নো শেষৰটো সম্পূৰ্ণ জাতি লোকপিয়ল স্বাধীনতাৰ পূৰ্বে ১৯৩১ চনত ব্ৰিটিছ শাসনৰ অধীনত অনুষ্ঠিত হৈছিল। স্বাধীনতাৰ পিছত ধৰ্মীয় ভিত্তিত দেশখন দুটা ভাগত বিভক্ত হোৱা বাবে, কোনো ধৰণৰ সামাজিক বিভাজন ৰোধ কৰিবলৈ ভাৰতে ব্ৰিটিছৰ লোকপিয়ল নীতি সলনি কৰে। ১৯৫১ চনৰ পৰা ২০১১ চনলৈ সাতবাৰকৈ লোকপিয়ল কৰা হৈছে, কিন্তু এই লোকপিয়লসমূহত মাত্র সংখ্যালঘু, অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ক গণনা কৰা হৈছিল; অন্যান্য পিছপৰা জাতি (OBC)ৰ গণনা কৰা হোৱা নাছিল। এতিয়া মোদী চৰকাৰে ৯৪ বছৰৰ পাছত জাতিগত লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে।
সম্প্ৰতি জাতিগত লোকপিয়ল সম্পৰ্কে মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক “ঐতিহাসিক পদক্ষেপ” হিচাপে আগবঢ়োৱা হৈছে। কিন্তু এই সিদ্ধান্তৰ মূল ধাৰণা ক’ৰ পৰা আহিছিল—সেয়া কিমানজনৰ মনত আছে ? জাতিগত লোকপিয়ল আছিল প্ৰকৃততে কংগ্ৰেছৰ কিন্তু কৃতিত্ব মোদীৰ। যদিও জাতিগত লোকপিয়ল সম্পৰ্কে সিদ্ধান্ত মোদী চৰকাৰে লৈছে, এই দাবীটো কংগ্ৰেছই দীৰ্ঘদিন ধৰি কৰি আহিছিল। বাস্তৱতে, এই সংস্কাৰৰ ধাৰণা আৰু প্ৰস্তাৱ কংগ্ৰেছৰ পৰা আহিছিল, বিশেষকৈ ৰাহুল গান্ধীৰ পৰা। তথাপি, বহুতো লোকৰ দৃষ্টিত এই যুগান্তকাৰী পদক্ষেপৰ কৃতিত্ব মোদী চৰকাৰৰ হৈছে, যিয়ে বিৰোধীৰ দাবীক নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে ব্যৱহাৰ কৰিছে।
কংগ্ৰেছই জাতিগত ভিত্তিত জনগণনাৰ প্ৰয়োজনীয়তা বুজি এই দাবী জনাই আহিছিল যে জাতিগত লোকপিয়ল হব লাগে। তথাপি, বৰ্তমান ৰাজনৈতিক পৰিসৰত ই এক ব্যতিক্ৰম চিত্ৰ উপস্থাপন কৰিছে। মোদী চৰকাৰ এই দাবী গ্ৰহণ কৰি বাস্তৱায়নৰ ঘোষণা কৰিছে। কিন্তু এই সিদ্ধান্তক নিজৰ দলীয় কৃতিত্ব হিচাপে প্ৰচাৰ কৰি মূল দাবীকাৰীক অর্থাৎ কংগ্ৰেছৰ দাবী হাইজেক কৰি ভোটৰ অংকত হে ব্যৱহাৰ কৰিছে বিৰোধীৰ শেষ অস্ত্ৰ পাত। এই দৰে, কংগ্ৰেছৰ যুগান্তকাৰী ধাৰণাক বিজেপিয়ে ৰাজনৈতিক মঞ্চত নিজৰ বাবে কৃতিত্ব হৰণত ব্যস্ত চৰকাৰ।
জাতিগত লোকপিয়লত জাতিৰ সংখ্যা, সামাজিক, অৰ্থনৈতিক আৰু শিক্ষাগত অৱস্থা জানিব পৰা যাব। ইয়াৰ ফলত কেৱল সংৰক্ষণ ব্যৱস্থাতেই নহয়, ৰাজনীতিতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব। দক্ষতা লোকপিয়লে চৰকাৰক কৰ্মশক্তিৰ উন্নীতকৰণৰ পৰিকল্পনা কৰিবলৈ সক্ষম কৰে আৰু তেওঁলোকক উপযুক্ত ভাল দৰমহা পোৱা চাকৰি বিচাৰি উলিওৱাত সহায় কৰে, যাৰ ফলত প্ৰতিটো সম্প্ৰদায়ৰ দুৰ্বল শ্ৰেণীত অৰ্থনৈতিক সবলীকৰণ হয়, ইয়াৰ বিপৰীতে জাতি লোকপিয়লে দেশৰ বৰ্তমানৰ সমন্বয়ক বিঘ্নিত কৰিব পাৰে আৰু সামাজিক তন্ত্ৰৰ শোষণৰ বাবে এক বিভাজনকাৰী ৰাজনৈতিক আহিলা হিচাপে পৰিগণিত হ’ব পাৰে। ৩৫ বছৰৰ তলৰ জনসংখ্যাৰ ৬০%তকৈ অধিক যুৱক-যুৱতীৰ সৈতে বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যা ভাৰতত আছে যদিও যুৱক-যুৱতীসকলে নিবনুৱাতকৈও অধিক নিবনুৱা সমস্যাৰ এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
১৯৩১ চনৰ জনগণনা অনুসৰি OBCৰ জনসংখ্যা প্ৰায় ৫২% আছিল। এই তথ্যৰ ভিত্তিত মণ্ডল আয়োগে ২৭% সংৰক্ষণৰ পৰামৰ্শ দিছিল। কিন্তু ই সম্পূৰ্ণ তথ্যৰ অভাৱত দিয়া হৈছিল। বিহাৰ আৰু তেলেংগানাৰ সাম্প্ৰতিক জাতিগত জৰীপত দেখা গৈছে যে এই ৰাজ্যসমূহত OBCৰ জনসংখ্যা ৬৩% আৰু ৬৫%ৰো ওপৰত। এই পৰিসংখ্যাই কেন্দ্ৰৰ ওপৰত সংৰক্ষণৰ সীমা (৫০%) বৃদ্ধি কৰাৰ হেঁচা বৃদ্ধি কৰিছে। SC/STৰ ক্ষেত্ৰত সংৰক্ষণ দিয়াৰ সময়ত তেওঁলোকৰ জনসংখ্যা বিবেচনা কৰা হৈছিল, কিন্তু OBCৰ ক্ষেত্ৰত এনে নহ’ল। জাতিগত লোকপিয়লৰ ফলাফল অহাৰ পাছত সংৰক্ষণ বৃদ্ধি, ব্যক্তিগত খণ্ডতো সংৰক্ষণৰ দাবী, আৰু শিক্ষাগত আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো নতুন ব্যৱস্থা গ্রহণৰ সম্ভাৱনা বৃদ্ধি পাইছে।
জাতিগত লোকপিয়লৰ ফলত সংসদ আৰু বিধানসভাত আসন বিন্যাসত পৰিৱৰ্তন সম্ভৱ, বিশেষকৈ যদি কোন জাতিৰ জনসংখ্যা কোনখন সমষ্টিত বেছি বা কম জানিব পৰা যায়। অধিক জনসংখ্যা থকা জাতিবোৰৰ প্ৰাৰ্থীক অধিক আসনত টিকট দিয়াৰ সম্ভাৱনা থাকিব। ৩৩% মহিলা সংৰক্ষণ আইন অনুসৰি, OBC, SC আৰু ST মহিলাৰ বাবে “কোটাৰ ভিতৰত কোটাৰ” দাবী অধিক জোৰালো হ’ব।
লোকপিয়লৰ তথ্য বিত্ত আয়োগক বিভিন্ন ৰাজ্যক অনুদান বণ্টনৰ ক্ষেত্ৰত সহায় কৰিব। পিছপৰা জাতি আৰু গোষ্ঠীৰ উন্নয়নৰ বাবে লক্ষ্যভিত্তিক নীতি প্ৰণয়ন সম্ভৱ হ’ব। শিক্ষা, স্বাস্থ্য, চাকৰি আৰু বাসগৃহৰ ক্ষেত্ৰত অধিক লক্ষ্যভিত্তিক আঁচনি গঠন কৰা হ’ব।
যদিও জাতিগত লোকপিয়লে পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে সদ্ব্যৱস্থা গ্ৰহণ সহজ কৰিব, তথাপি ইয়াৰ ফলত সমাজত নতুন ধৰণৰ বিভাজনৰ সম্ভাৱনাও আছে। নব্বই দশকত মণ্ডল আন্দোলনৰ সময়ত দেখা গৈছিল যে সংৰক্ষণৰ সিদ্ধান্তৰ পিছত হিংসা আৰু আত্মহত্যাৰ দৰে ঘটনা ঘটিছিল।
জাতিগত লোকপিয়লক সঠিকভাৱে ব্যৱহাৰ কৰিলে ই সামাজিক ন্যায়, OBC-ৰ অধিক স্বীকৃতি আৰু উন্নয়নৰ পথ মুকলি কৰিব পাৰে। কিন্তু ৰাজনৈতিক স্বাৰ্থ, সমাজিক বিভাজন আৰু সংঘাতৰ আশংকা থাকি যায়। সেয়েহে ইয়াক সুদক্ষ আৰু ন্যায়সঙ্গতভাৱে ব্যৱহাৰ কৰা অতি আৱশ্যক।
জাতিগত গণনাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় দক্ষতা লোকপিয়লৰ প্ৰয়োজনীয়তা আছে। দক্ষতা লোকপিয়ল কেৱল এটা পৰিসংখ্যা নহয় ই এখন সমাজৰ ভিতৰৰ বাস্তৱিক অৱস্থা, অৰ্থনৈতিক সামৰ্থ্য আৰু সামাজিক সমতা বুজাবলৈ সহায় কৰে। ভাৰতৰ দৰে এখন জনবহুল দেশত সামগ্ৰিক নিবনুৱাৰ হাৰ মাত্ৰ ৪.১ শতাংশ হ’লেও যুৱ নিবনুৱা সমস্যা ১২ শতাংশৰ ওপৰত এক গুৰুতৰ বিষয় হৈয়েই আছে। মুঠ কৰ্মশক্তিৰ ৪.৭ শতাংশৰ কম অংশ প্ৰশিক্ষণ লোৱাৰ ফলত পৰিস্থিতি আৰু অধিক তীব্ৰতৰ হৈ পৰিছে। ৰাষ্ট্ৰীয় দক্ষতা লোকপিয়লে এই ব্যৱধান পূৰণ কৰাত সহায় কৰিব পাৰে। যিয়ে সমগ্ৰ দেশৰ শিক্ষিত নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ দেশৰ অৰ্থনীতিত সহায়ক হব।