জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Saturday, September 5, 2026

by Janagana Desk
1 minutes read

স্মাৰ্ট মিটাৰে জুৰুলা কৰিছে সাধাৰণ ৰাইজক । প্ৰশ্ন হৈছে কিয় নিমাত চৰকাৰ, কিয় চৰকাৰ আঁকোৰগোজ আছে স্মাৰ্ট মিটাৰৰ পক্ষত ?

    শক্তি মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ডিচেম্বৰ'2023-ৰ আগতে চৰকাৰী কাৰ্যালয় আৰু খণ্ড স্তৰসমূহত  প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু কেন্দ্রীয় চৰকাৰৰ নির্দেশনা উলংঘা কৰি অসমত ঘৰে ঘৰে সংস্থাপন কৰা হৈছে প্রি-পেইড মিটাৰ । আশ্চৰ্যজনকভাৱে চৰকাৰী কাৰ্যালয়, ঔদ্যোগিক আৰু ব্যৱসায়িক ক্ষেত্রসমূহত এতিয়াও স্মাৰ্ট মিটাৰ স্থাপন কৰা হোৱা নাই । অসম চৰকাৰে ঘৰুৱা গ্ৰাহকসকলৰ বাবে প্ৰি পেইড স্মাৰ্ট ইলেকট্ৰিচিটি মিটাৰ জোৰকৈ স্থাপন কৰিছে, যাৰ বাবে অত্যধিক বিল পৰিশোধ কৰা সাধাৰণ ৰাইজৰ বাবে কঠিন আৰু চিন্তাৰ বিষয় হৈ পৰিছে। স্মার্ট মিটাৰ সংস্থাপনৰ ক্ষেত্ৰত অসমত ঘৰুৱা শ্রেণীৰ গ্রাহকক লক্ষ্য হিচাপে লোৱা হৈছে।

উল্লেখনীয় যে , এ পি ডি চি এলৰ মুঠ গ্রাহকৰ প্রায় ৮০ শতাংশ ঘৰুৱা শ্রেণীৰ বিপৰীতে ঔদ্যোগিক, চৰকাৰী আৰু ব্যৱসায়িক শ্রেণীৰ গ্রাহকৰ সংখ্যা ২০ শতাংশহে । তথাপিটো চৰকাৰী কাৰ্যালয় আৰু খণ্ড স্তৰ সমূহত প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনক অগ্ৰাধিকাৰ দিয়াৰ পৰিৱৰ্তে, ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহক, সকলো ঘৰুৱা গ্ৰাহকে এই প্ৰি পেইড স্মাৰ্ট ইলেকট্ৰিচিটি মিটাৰ স্থাপন কৰিবলৈ বাধ্য হৈছে। ইনষ্টলেশ্বন চাৰ্জৰ লগতে গোপন মাচুলৰ ফলত অসাধাৰণ অত্যধিক বিদ্যুতৰ মাছুল বৃদ্ধিয়ে জনসাধাৰণৰ আৰ্থিক দিশত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। ইতিমধ্যেই মূল্য বৃদ্ধিয়ে জুৰুলা কৰা ৰাইজৰ বাবে প্ৰি পেইড স্মাৰ্ট মিটাৰৰ বিদ্যুতৰ বিল পৰিশোধে আন এক অতিৰিক্ত বোজাৰ সৃষ্টি কৰিছে।

এই সন্দৰ্ভত পোৱা তথ্য অনুসৰি, গুজৰাটৰ দৰে ৰাজ্যত 1.65 লাখ প্ৰি পেইড স্মাৰ্ট মিটাৰ লক্ষ্য আছিল কিন্তু আজিলৈকে তাত মাত্ৰ 90,000 প্ৰি-পেইড স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে। অসমত 69,21,329 প্ৰি-পেইড স্মাৰ্ট মিটাৰ লক্ষ্যৰ বিপৰীতে, ইতিমধ্যে প্ৰায় 26 লাখ স্মাৰ্ট ইলেকট্ৰিচিটি মিটাৰ স্থাপন কৰা হৈছে , যত বেছিভাগ ঘৰুৱা উপভোক্তাৰ অন্তৰ্ভুক্ত । ৰাজ্য চৰকাৰে ঘৰুৱা গ্ৰাহকসকলৰ মাজত প্ৰি পেইড স্মাৰ্ট মিটাৰৰ বলপূৰ্বকভাৱে স্থাপনে  সম্ভৱতঃ স্মাৰ্ট মিটাৰ যোগানকৰ্তা অৰ্থাৎ আদানি গোটক বিত্তীয় লাভালাভ প্ৰদান কৰাকে বুজাইছে।
Was this article helpful?
Yes0No0

You may also like