জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Friday, September 18, 2026

চাহ জনগোষ্ঠী লোক সকলৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ: CAG Report

by Dr Netraranjan
2 minutes read
Performance  Audit Report on Implementation of Schemes for Welfare of Tea Tribe

অসমৰ চাহ উপাদনত বিশেষভাৱে অৱদান যোগ্য এই শ্ৰমিক শ্ৰেণীৰ সামগ্ৰিক উন্নয়নৰৰ প্ৰচেষ্টাত বিফল হৈছে অসম চৰকাৰ। এই ফোপোলা স্বৰূপ উদঙালে CAG ৰ শেহতীয়া প্ৰতিবেদনে (Performance Audit Report on Implementation of Schemes for Welfare of Tea Tribe)। চাহ জনজাতিসকলৰ কল্যাণৰ বাবে আঁচনি ৰূপায়ণ সন্দৰ্ভত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকৰ প্ৰতিবেদনে চাহ বাগিচাৰ শ্ৰমিকৰ কল্যাণৰবাবে লোৱা অপৰ্যাপ্ত প্ৰচেষ্টাৰ বাবে অসম চৰকাৰক সমালোচনা কৰিছে। CAG ৰ শেহতীয়া প্ৰতিবেদনত, চাহ শ্ৰমিকসকলৰ কম মজুৰি আৰু তেওঁলোকৰ বাবে কল্যাণমূলক আঁচনি ৰূপায়ণত থকা ত্ৰুটি সমুহৰ উল্লেখ কৰিছে।প্ৰতিবেদনখনে শ্ৰমিক আইন আৰু শ্ৰমিক কল্যাণৰ ব্যৱস্থা ৰূপায়ণৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ।

২০১৫-১৬ চনৰ পৰা ২০২০-২১ চনলৈকে ‘চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে আঁচনি ৰূপায়ণ’ সম্পৰ্কীয় কৰ্মক্ষমতা নিৰীক্ষণত উল্লেখ কৰা হৈছে যে চাহ জনজাতি কল্যাণ বিভাগে শ্ৰমিকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত মৌলিক আৰ্থ-সামাজিক তথ্য অবিহনে কৰা চেষ্টাৰ ফলত তেওঁলোকৰ পদক্ষেপসমূহ ৰূপায়ণত পলম হৈছিল। ২০১৫-১৬ চনৰ পৰা ২০২০-২১ চনলৈকে TTWD ৬০০.১৯ কোটি টকা ব্যয় সাপেক্ষে ১৮৭খন কল্যাণমূলক আঁচনি ৰূপায়ণৰ পৰিকল্পনা যুগুত কৰিছিল। কিন্তু বাজেট আবণ্টনৰ ৩৬৫.৬০ কোটি টকাৰ বিপৰীতে ২১০.৬৫ কোটি টকা ব্যয়ৰে মাত্ৰ ৮২খন আঁচনিতে প্ৰকৃত ৰূপায়ণ কৰা হৈছিল।

2015-16 বৰ্ষৰ পৰা 2019-20 বৰ্ষলৈ, শিক্ষাৰ্থীসকলক বৃত্তি, যক্ষ্মা আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বিত্তীয় অনুদান, পিক-আপ ভেন বিতৰণ আদি কৰি 10 টা পৰীক্ষা-নিৰীক্ষিত আঁচনিৰ সৈতে সম্পৰ্কিত ₹ 96.44 কোটি টকা অব্যয়িত বাজেট অনুদান ব্যৱহাৰ কৰিব পৰা নগ’ল আৰু মুখ্যতঃ হিতাধিকাৰীৰ তালিকাৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে আত্মসমৰ্পণ কৰা হৈছিল।

২০১৫-১৬ চনৰ পৰা ২০১৯-২০ চনলৈ বাজেট ভাষণত চাহ জনজাতিসকলৰ কল্যাণৰ বাবে ৪৪ খন কল্যাণমূলক আঁচনি ঘোষণা কৰা হৈছিল। ইয়াৰে ২৫খন আঁচনি TTWD ৰ সৈতে জঢ়িত আৰু ৯খন আঁচনিৰ পুঁজি লাভ নকৰাত ৰূপায়নো হোৱা নাছিল।

সকলো ক্ষেত্ৰতে পিছ পৰি ৰৈছে চাহ শ্ৰমিক শ্ৰেণীটো। শ্ৰমিকৰ শৈক্ষিক পৰিৱেশো নিম্নগামী হৈ পৰিছে, কৰ্মৰত ৪১ শতাংশ শ্ৰমিকেই নিৰক্ষৰ।পৰ্যাপ্ত সংখ্যক শিক্ষকৰ লগতে বিদ্যালয়সমূহত আন্তঃগাঁথনিৰ সুবিধাৰো অভাৱ , ছাত্ৰ ছাত্ৰী বিনামূলীয়া ইউনিফৰ্মৰ পৰাও বঞ্চিত। নিৰ্ধাৰিত মানদণ্ড অনুসৰি চাহ বাগিচাৰ শ্ৰমিকৰ  ঘৰ জৰাজীৰ্ণ অৱস্থাৰ, উপলব্ধ নাই নিষ্কাশন ব্যৱস্থা।

৮৭ শতাংশ শ্ৰমিকেই ভূমিহীন। আঁচনিৰ নিৰ্দেশনা অনুসৰি অগ্ৰাধিকাৰ হিতাধিকাৰী হোৱাৰ পিছতো উজ্জ্বলা আঁচনিৰ অধীনত মাত্ৰ ৪৬ শতাংশ শ্ৰমিকেহে গেছ সংযোগ লাভ কৰিছিল। শ্ৰমিকৰ মজুৰি অতি কম হোৱাৰ লগতে  বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকৰ মজুৰিৰ বৈষম্যও পৰিলক্ষিত হৈছিল।

এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১৯ চনৰ মজুৰিৰ হাৰ অনান্য ৰাজ্যৰ তুলনাত অসমত সৰ্বনিম্ন আছিল। গতিকে ,আঁচনিৰ ৰূপায়নৰ লগতে প্ৰতিজনে নিজৰ সুবিধা সমূহ নিয়াৰিকৈ পোৱাৰ ব্যৱস্থা কৰাটোও চৰকাৰৰ দায়িত্ব।

Source: https://cag.gov.in/uploads/download_audit_report/2024/Report-No.-5-of-2024_PA-on-ISWTT-English-066d833f96356d8.24962523.pdf

Was this article helpful?
Yes0No0

You may also like