জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Friday, September 18, 2026

পথভ্রষ্ট অসম সাহিত্য সভা !

by Dr Netraranjan
3 minutes read
Assam Sahitya Sabha

অসমীয়া ভাষা সাহিত্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাত একাংশ দুৰ্নীতিপৰায়ন, ক্ষমতালোভী, অসাহিত্যকৰ স্বার্থ সিদ্ধিৰ বাবে অৱলম্বন কৰা পংকিল পথে মাটি আনিছে অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ ধ্বংস। সাহিত্য সভাই বৰ্তমান নীতি আদৰ্শৰ বিপৰীত মেৰুৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হৈছে। অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীন উন্নয়ন আৰু থলুৱা ভাষা সংস্কৃতিৰ উন্নয়নেই আছিল অসম সাহিত্য সভাৰ মূল উদ্দেশ্য।

পিছে সাম্প্ৰতিক সময়ত অসম সাহিত্য সভাত শক্তিশালী সাহিত্যিক, প্ৰগতিশীল চিন্তাবিদ, সাহিত্যপ্ৰেমী বিশিষ্ট ব্যক্তিৰ স্থান নথকাত সাহিত্য সভাৰ মজিয়াত সাহিত্য বিষয়ক বিষয়বোৰ উপেক্ষিত হৈছে। নিজ স্বাৰ্থক প্ৰাধান্য দিয়া ক্ষমতালোভীৰ বাবেই নিকৃষ্ট ৰাজনীতিৰ থলীত পৰিণত হৈছে সাহিত্য সভা। বিষয়বাব কেন্দ্ৰিক ৰাজনীতিয়ে ভাষা সাহিত্যৰ ক্ষেত্ৰখনত উন্নয়নৰ বিপৰীতে ধ্বংস যজ্ঞৰ প্ৰস্তুতি চলিছে। ক্ষমতালোভী মানুহৰ যুঁজত অসম সাহিত্যসভা সুবিধাবাদীৰ সভালৈ পৰিগণিত হৈছে। অসমীয়া জাতিৰ প্রাণৰ অনুষ্ঠান অসম সাহিত্য সভাত সাহিত্য চর্চা কৰা মঞ্চৰ বিপৰীতে বিষয়বাব কেন্দ্ৰিক ৰাজনীতিৰ থলীত পৰিণত হৈছে। এই নিকৃষ্ট ৰাজনীতিৰ ফলত যোগ্যপ্ৰাৰ্থী জন বিৰত থকাৰ বিপৰীতে আগমন ঘটিছে সাহিত্যৰ নূন্যতম জ্ঞানৰ একাংশ ক্ষমতালোভী ব্যক্তিৰ। বিশিষ্ট আসন অধিগ্ৰহনৰ লানি নিছিগা শাৰীত স্থান নাই প্ৰকৃত সাহিত্যপ্ৰেমী, বিশিষ্ট সাহিত্যিকৰ। সাহিত্য সভাৰ এনেবোৰ কাণ্ডই অপমানিত কৰিছে ৰাজনীতি এৰাই প্ৰকৃত উন্নয়নৰ সপক্ষে থিয় দিয়া বিশিষ্ট সাহিত্যিক, বুদ্ধিজীবী, শক্তিশালী লেখক – লেখিকা, প্ৰগতিশীল চিন্তাধাৰী বিশিষ্ট সাহিত্যিকৰ।

বিশিষ্ট সাহিত্যিক ড° লক্ষ্মীনন্দন বৰাই কৈছিল “অসম সাহিত্য সভাৰ সভাপতিজন সাহিত্যিক হবই লাগিব। সভাপতি জনৰ ভাষা সাহিত্যৰ প্ৰতীক হিচাপে সাহিত্যত অসাধাৰণ অবদান থাকিব লাগিব”। ড০ নগেন শইকীয়াই কৈছিল যে সভাপতি হ’বলৈ প্রকৃত এজন সাহিত্যিক হ’ব লাগে; অ-সাহিত্যিকক দায়িত্ব দিলে সেইখন সাহিত্য সভা হৈ নাথাকে। সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদক – এই তিনিও গৰাকী প্ৰতিষ্ঠিত সাহিত্যিক হোৱাৰ লগতে অসমৰ জনমানসত নিকা ভাৱমূৰ্তিৰ হোৱা উচিত বুলি ৰাইজে আশা কৰে। এতিয়া পিছে লেখক, সাহিত্যিক নহলেও সভাপতি বা বিষয়ববীয়া হোৱাত কোনো বাধা নাইকীয়া হৈছে। যদি সেইটোৱে হয় তেন্তে ‘সাহিত্য’ শব্দটো উঠাই দি কিবা এটা বেলেগ শব্দ দিয়া ভাল।

শতবর্ষ গৰকা অসম সাহিত্য সভাৰ গুণ গৰিমাত আঘাত সনা ব্যক্তিসকলৰ অসচেতনতা, দায়িত্বহীনতাৰ বাবেই দুবছৰে এখনো কিতাপ প্ৰকাশ কৰিব নোৱাৰা বিষয়টো সাহিত্য সভাৰ বাবে চৰম লজ্জাজনক বিষয়।সভাপতি পদকেন্দ্রিক বিতর্কতৰ ব্যস্ততাৰ মাজতে হঠাৎ সাৰ পালে সাহিত্য সভাৰ ২০২৩ – ২০২৫ বৰ্ষৰ গ্ৰন্থ প্রকাশৰ ক্ষেত্ৰত কাৰ্যনিৰ্বাহক বিষয়ববীয়াই। হঠাৎ গ্রন্থৰ পাণ্ডুলিপি বিচাৰি আহ্বান জনাই মূল বিতৰ্কক গাপ দিব খুঁজিছে নেকি ?

ইতিমধ্যে অসম সাহিত্য সভাৰ ৰাজনীতিত তিষ্ঠিৱ নোৱাৰি হাৰ মানিছিল কেইবাজনো প্ৰতিথযথা বিশিষ্ট সাহিত্যিকে। তেওঁলোক আসনৰ স্বাৰ্থত মনোনয়ন দাখিল কৰা নাছিল। কাৰন তেওঁলোক আছিল প্ৰকৃত যোগ্য ব্যক্তি। অসম সাহিত্য সভাই অসমৰ ৰাইজৰ পৰিচিত এগৰাকী সাহিত্যিকক সৰ্বসন্মতি সভাপতি মনোনীত কৰিব নোৱাৰাটো দুৰ্ভাগ্যৰ কথা নহয়নে ? মনলৈ আহিছে ড° ভবেন্দ্ৰ নাথ শইকীয়া ডাঙৰীয়াৰ কথা “মই কাকো হৰুৱাব নিবিচাৰোঁ, নিজেও হাৰিবও নিবিচাৰোঁ; সৰ্বসন্মতিক্ৰমে যদি মোক নিৰ্বাচিত কৰে তেতিয়া হলে সভাপতিৰ দায়িত্ব লবলৈ মই প্ৰস্তুত”। সেই একেই কথা কৈছিল আন কেইগৰাকীমান প্ৰখ্যাত সাহিত্যিকে – মেদিনী চৌধুৰী, সৌৰভ কুমাৰ চলিহা, ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য, গোলক চন্দ্ৰ গোস্বামী, ৰাধিকা মোহন ভাগৱতী, নিৰুপমা হগজেৰ, ভগগিৰী ৰায় চৌধুৰী প্ৰমুখ্যে বৰেণ্য সাহিত্যিক সকলে।

অসম সাহিত্য সভাত এলাগী হৈছে মহিলা সাহিত্যিক সকলো। জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীকো অসম সাহিত্য সভাই সভাপতিৰ পদত বহুৱাব নোৱাৰিলে। ইয়াতকৈ পৰিতাপৰ বিষয় আছে নেকি ?

সাহিত্য সভাৰ প্ৰধান কৰ্তব্য হব লাগে অসমীয়া জাতিৰ ভাষা সাহিত্যৰ প্ৰগতি বিনষ্ট কৰা কাৰ্য্যৰ প্ৰতি চোকা দৃষ্টি ৰখা, অসমীয়া জাতীয় জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শিক্ষা, প্ৰশাসন ব্যৱস্থাৰ কাৰ্য্যকলাপৰ ওপৰত সুদৃষ্টি ৰখা, কাকত, গ্ৰন্থ আৰু আলোচনীৰ প্ৰতি ধাউতি যোগোৱা, বিভিন্ন কুপ্ৰভাৱৰ পৰা অসমীয়া জাতিক্ৰক্ষা কৰিবৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জাতীয় চেতনাবোধ জগাই তোলা। পিছে দুখৰ বিষয় অসম সাহিত্য সভাৰ এইবোৰ বিষয়ৰ প্ৰতি সমূলি কানসাৰ নাই।

Was this article helpful?
Yes0No0

You may also like