জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Saturday, September 5, 2026

by Janagana Desk
1 minutes read

বাকী আৰু ফাকিত চলি থকা অসম ৰাজ্য চৰকাৰে অৱশেষত কৰ্মচাৰীৰ নতুন পেঞ্চন আঁচনিৰ অধীনৰ ধনৰ লগতো ব্যাপক অনিয়ম কৰা বুলি মহা গাণনিকৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে।

CAG Report ত প্ৰকাশ কৰা তথ্য অনুযায়ী 31 মাৰ্চ 2023 পৰ্য্যন্ত NPS Scheme বাবে 2,27,518 কৰ্মচাৰীৰ PRAN Card বনোৱা হৈছে আৰু 5,804 জন কৰ্মচাৰীৰ PRAN Card বনাবলৈ বাকী আছে।

পিছে সকলোতকৈ লক্ষণীয় বিষয়টো হল যে কৰ্মচাৰীৰ পৰা মাহিলী NPS নামত আদায় কৰা ধনৰ এক বৃহৎ অংশ চৰকাৰে পেঞ্চন দিয়া সংস্থা NSDL ত জমা দিয়া নাই। CAG Report মতে 285.86 কোটি টকা জমা দিব বাকী আছে, অথচ কৰ্মচাৰীৰ পৰা মাহিলী এই ধন আদায় কৰি থকা হৈছে। সহজেই অনুমেয় যে ইয়াৰ ফলত কৰ্মচাৰী সকলে সুত কম পাব আৰু ফলত ইয়াৰ প্ৰভাৱ তেওঁলোকে পাব লগীয়া পেঞ্চনৰ পৰিমাণৰ ওপৰতr পৰিব। এই বিত্তীয় অনিয়মৰ বাবে CAG য়ে ৰাজ্য চৰকাৰক সমালোচনা কৰিছে আৰু লগতে সুকীয়াই দিছে যে এই অনিয়মৰ ফলত কৰ্মচাৰীৰ পেঞ্চনৰ ওপৰত প্ৰভাৱ পৰাৰ লগতে ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থাতো ভৱিষ্যতে হেঁচা পৰিব।

Was this article helpful?
Yes0No0

You may also like