অসম চৰকাৰৰ ভূমিনীতি-২০০৯ৰ অধীনত ড° হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ভূমিহীন পৰিয়ালক মাটি আবণ্টনৰ বাবে মিছন বসুন্ধৰা-১.০, মিছন বসুন্ধৰা ২.০ ৰূপায়ণ কৰাৰ পিচত শেহতীয়াকৈ মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰিছে। পিচে পূৰ্বৰ মিছন বসুন্ধৰাৰ যোগেদি আবেদনকাৰীৰ ৭৫ শতাংশই বিমুখ হোৱাৰ পিচত মিছন বসুন্ধৰা ৩.০ কিমান সফল হব সেইয়া এক প্ৰশ্নবোধক হৈ উলমি ৰৈছে।
খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ বাবে অসম চৰকাৰে আৰম্ভ কৰা ‘‘মিছন বসুন্ধৰা’’ই কিন্তু বাস্তৱ আশা কৰাতকৈ কম সংখ্যক খিলঞ্জীয়া লোকক হে সামৰিব পাৰিছে । অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা মিছন বসুন্ধৰা ২.০ ৰ অধীনত ১৩ লাখ ৩৯ হাজাৰ লোকে কৰা ভূমি পট্ৰাৰ বাবে আবেদন জনায়। খিলঞ্জীয়া ভূমিহীনক মাটিৰ অধিকাৰ দিবলৈ আৰম্ভ কৰা মিছন বসুন্ধৰা ২.০ ৰ ১৩,৩৯,৬০৬ খন আৱেদনৰ ভিতৰত ১১,০৯,৯৪৬ খন অর্থাৎ প্ৰায় ৭৫ শতাংশ আৱেদনেই নাকচ কৰা হৈছে । অনিশ্চয়তাত এতিয়া ১০ লক্ষাধিক খিলঞ্জীয়া । ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (ভি জি আৰ) আৰু প্ৰফেশ্বনেল গ্ৰেজিং ৰিজাৰ্ভৰ (পি জি আৰ) মাটি সন্দেহযুক্ত নাগৰিকৰ দখললৈ যোৱাৰ সময়তে কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত নাই মাটিৰ পট্টা। উল্লেখ্য যে, ৰাজ্যখনত বান-গৰাখহনীয়াকে ধৰি আন বিভিন্ন কাৰণত ভূমিহীন হৈ পৰা লাখ লাখ খিলঞ্জীয়া লোকে চৰকাৰী ভূমি, পি জি আৰ, ভি জি আৰ ভূমিত যুগ যুগ ধৰি বসবাস কৰি আহিছে যদিও তেওঁলোকৰ মাটিৰ অধিকাৰ বা মাটিৰ পট্টা নাই। বসুন্ধৰা ২.০ ত ৰায়তী, খাচ মাটি ক্ৰয়-বিক্ৰয় কৰা সকলকো ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছিল। চৰকাৰৰ আশ্বাস ৰাইজৰ বাবে বিশ্বাসত পৰিণত হোৱাৰ পূৰ্বে আশা হেৰুৱাবলৈ বাধ্য হৈছে খিলঞ্জীয়াই। অগ্রাহ্য হোৱা আবেদনকাৰীৰ সংখ্যা হ’ল ১১,০৯,৯৪৬। অৱশ্যে ৰাজহ বিভাগে আৱেদনসমূহ পুনৰ পৰীক্ষণৰ বাবে সময়সীমা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজহ বিভাগৰ সূত্ৰৰ ভূমিৰ অধিকাৰ দিব পৰাকৈ যোগ্য হিতাধিকাৰী ওলাইছে মাত্ৰ ২,২২,৬৫৯ আবেদনকাৰী। যুগ যুগ ধৰি চৰকাৰী, পি জি আৰ, ভি জি আৰ মাটিত বাস কৰা খিলঞ্জীয়া লোকৰ হাতত মাটিৰ পট্টা নথকাৰ বাবে চৰকাৰী বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈছে দৰিদ্ৰ খিলঞ্জীয়া।
উল্লেখ্য যে, ৰাজ্যখনত ভূমিহীন পৰিয়ালৰ সংখ্যা ৫,৮০,৭০৯টা। ৰাজহ বিভাগৰ তথ্য অনুসাৰে ৰাজ্যখন মুঠ ৩৯,৭৩,০২৭ টা পৰিয়াল ম্যাদী পট্টা থকা ভূমিৰ অধিকাৰী। চৰকাৰৰ মতে ৰাজ্যখনৰ একচনা পট্টা থকা পৰিয়ালৰ সংখ্যা হৈছে ৪,৯৭,২৮৮ টা। তদুপৰি আবণ্টন পট্টা থকা পৰিয়াল হৈছে ১,৮৫,৬০০ টা। ইফালে চৰকাৰী ভূমি দখল কৰি । চৰকাৰৰ মতে ৰাজ্যখনৰ একচনা পট্টা থকা পৰিয়ালৰ সংখ্যা হৈছে ৪,৯৭,২৮৮ টা। তদুপৰি আবণ্টন পট্টা থকা পৰিয়াল হৈছে ১,৮৫,৬০০ টা। ইফালে চৰকাৰী ভূমি দখল কৰি থকা পৰিয়ালৰ সংখ্যা হৈছে ৭,১৬,৩৩৩ টা।
আশা কৰিছোঁ বসুন্ধৰা ৩.০ জৰিয়তে অসমৰ খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ “সকলো মাটিৰ” পত্তা দিয়া ব্যৱস্থা কৰা হব।






