Skip to content

প্ৰাক্তন NDFB বিদ্ৰোহী সদস্য সকলৰ সংস্থাপন কেতিয়া হব ?

Dr Netraranjan
November 10, 20247 second read
Habitation of NDFB Cadre

চাৰি বছৰৰ পূৰ্বে অসম চৰকাৰ আৰু NDFB ৰ মাজত স্বাক্ষৰিত হৈছিল বড়ো তৃতীয় শান্তি চুক্তি। শান্তি চুক্তিৰ দফা অনুসৰি বিদ্রোহী সংগঠনটোৰ প্রাক্তন সদস্যসকলক পুনৰ সংস্থাপনৰ লগতে উৎপাদনশীল কাৰ্য্যত নিযুক্তি প্ৰদানৰ সদৰী কৰিছিল কিন্তু NDFB ৰ প্ৰাক্তন সদস্যক দিয়া সামাজিক সংস্থাপনৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত প্ৰতাৰণাহে লাভ কৰিলে চৰকাৰৰ পৰা। চুক্তিৰ সুধীৰ্ঘ চাৰি বছৰ অতিক্ৰমৰ পাচতো অধিকাংশ NDFBৰ  প্রাক্তন সদস্য নহ’ল সংস্থাপিত। 

বড়ো শান্তি চুক্তিত অংশীদাৰীত্ব কৰা NDFB সংগঠনটোৰ বহু সদস্যই মাহিলি ভাত্তাৰ পৰাও বঞ্চিত হোৱাৰ লগতে প্রাক্তন বড়ো বিদ্রোহীয়ে নাপালে মূলসুতিলৈ ঘূৰি অহাৰ স্বার্থত প্ৰাপ্য ৪ লাখকৈ টকা। অসম চৰকাৰে ঘোষণা কৰা ৫ লাখ টকাৰ আর্থিক সাহাৰ্য্যও পোৱা নাই নিহত বিদ্ৰোহীৰ নিকট আত্মীয়ই। ঘোষণা কৰা মতে দক্ষ আৰু উপযুক্তসকলক আৰক্ষী নিযুক্তিৰ প্রাক প্রশিক্ষণ দিয়াৰ ব্যৱস্থাও হোৱা নাই।

উল্লেখ্য যে চৰকাৰৰ ৰাজনৈতিক বিভাগ আৰ অসম আৰক্ষীৰ বিশেষ শাখাই লাভ কৰা তথ্যত পোৱা গৈছে বড়ো শান্তি চুক্তিত স্বাক্ষৰিত মুঠ ৭.৬২৩ জন এন ডি এফ বিৰ প্রাক্তন সদস্য। কিন্তু সদস্যৰ সংশ্লিষ্ট সকলো তথ্য-প্রমাণৰ পিছতো মাথোঁ ৪,২০৩ গৰাকী সদস্যই হে এতিয়ালৈ লাভ কৰিছে আর্থিক অনুদানৰ বাবদ চাৰি লাখকৈ টকা । গতিকে বর্তমানেও ৩,৪২০ জন প্রাক্তন এন ডি এফ বি সদস্যই প্ৰাপ্য অনুদান লাভৰ পৰা বঞ্চিত হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে প্রস্তুত কৰা ‘Status of Development Projects (under special Development Package) in Illustrative list of Tripartite MoS w.rt Govt of India’ শীর্ষক দহ পৃষ্ঠাত নথিত উন্মোচিত তথ্যৰ স্পষ্ট হৈছে ৰাজ্য চৰকাৰ ব্যৰ্থতা।  চৰকাৰী তথ্যত কোৱা হৈছে যে চৰকাৰে প্ৰদান কৰা ৪,২০৩ জন প্রাক্তন বিদ্রোহীৰ ভিতৰত আছে এন ডি এফ বি (পি) ১,০৩২ জন, এন ডি এফ বি (আৰ ডি) ৪৪৬ জন আৰু এন ডি এফ বি (এছ) ২,৭২৫ জন। 

আনহাতে উল্লেখ্য যে, আন আন চুক্তি যেনে বড়ো শান্তি চুক্তি, কার্বি শান্তি চুক্তি আৰু ডিমা হাচাও শান্তি চুক্তিৰ অধীনৰ অর্থনৈতিক পেকেজ অথবা পুনৰ সংস্থাপনো ঠিক মতে ৰূপায়ন নোহোৱাৰ লগতে প্রকল্প নির্মাণৰ কামো আধৰুৱা হৈ আছে। গতিকে চুক্তিসমুহৰ ৰূপায়ন নোহোৱাত যোগ্য যথেষ্টসংখ্যক লোক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হব লগা হৈছে।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top