জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, September 21, 2026

বিদ্যা: দ্যা লিভিং স্কুল…

by Janagana Desk
1 minutes read
Vidya: Living School

বৰ্তমান সময়ত অসমৰ শৈক্ষিক জগতৰ এক ব্যতিক্ৰমী শিক্ষানুষ্ঠান ‘বিদ্যা: দ্য লিভিং স্কুল’ ৷ যি শিক্ষানু্ঠানত শিক্ষাৰ্থীসকলক পাঠদান কৰা হয় “জীৱন জীৱিকা আৰু কৌশল”ৰ ৷ য’ত মুকলি আকাশৰ তলত এজাক শিক্ষাৰ্থীয়ে আখৰা চলাই জীৱনৰ।ধেমাজি জিলাৰ মৰিধল সুৱাহী গাওঁৰ অৰুণাচল প্ৰদেশৰ দাঁতিত অৱস্থিত অসমৰ এখন ব্যতিক্ৰমী বিদ্যালয়, বিদ্যা: দ্যা লিভিং স্কুল। এখন নদীৰ কাষত, পাহাৰীয়া দাঁতিত মুক্ত আকাশৰ তলত শিক্ষাৰ আদান প্ৰদান কৰা এই বিদালয়খন নামটোৰ দৰেই পৃথক আৰু অনন্য।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল বুৰাগোহাঁই ছাৰৰ সপোন আৰু প্ৰচেষ্টাৰে গঢ়ি উঠা বিদ্যালয়খন সফলতাৰে অতিক্ৰম কৰিছে । Skill exchange ৰ লক্ষ্যৰে আৰু প্ৰকৃত অৰ্থত বিদ্যা লাভ কৰি জীৱনটো জীয়াই থকাৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছিল এই বিদ্যালয়খন। কেৱল পাঠ্যপুথিৰ জ্ঞান লাভৰ লগতে কাৰিকৰি দিশত বিশেষ গুৰুত দিয়া হয়। প্ৰতিযোগিতা আৰু সপোনৰ দ্বাৰা চালিত পৃথিৱীখনত ছাত্ৰ ছাত্ৰীসকলক  ইতিবাচক পৰিৱেশৰ মাজেৰে গৈ জীৱন সাৰ্থক কৰাৰ বাট দেখুৱাই এই বিদ্যালয়খনে।

বিভিন্ন ঠাইৰ পৰা শিক্ষাৰ্থীৰে ভৰপূৰ বিদ্যালয়খন। নিজৰ দক্ষতা আৰু কাৰিকৰী জ্ঞানৰে জীৱিকাৰ লগত পৰিচয় কৰাই এক নতুন দিশৰ ঠিকনা দিয়ে বিদ্যালয়খনে। নিজৰ প্ৰতিভাৰে আগবাঢ়ি গৈছে শিক্ষাৰ্থীসকল।পাহাৰৰ পৰা বুটলি অনা শিলত ছবি আঁকি উপাৰ্জন উলিয়াই। আন্তঃগাঁথনিৰ ফালৰ পৰাও সকলো দিশৰ পৰাই সম্পূৰ্ণ এই বিদ্যালয়খন। বিদ্যালয়খনত প্ৰযুক্তিসন্মত শ্ৰেণীকোঠা, পুথভঁৰাল, প্ৰাথমিক চিকিৎসা, সুকীয়া হোষ্টেল, অতিথিগৃহ আদিৰ সু ব্যৱস্থা আছে। প্ৰতিটো বিষয়ৰ বাবে সুকীয়া শ্ৰেণীকোঠাৰ ব্যৱস্থা আছে । বিষয়ভিত্তিক শ্ৰেণীকোঠাবোৰ সচৰাচৰ বিদ্যালয়ৰ এটা শ্ৰেণীকোঠাৰ দৰে নহৈ আঁতৰে আঁতৰে কেইবাটাও কক্ষ অৱস্থিত। বিদ্যালয়ত পাঠ্যক্ৰমৰ লগতে অন্যান্য কাম যেনে পৰিষ্কাৰ পৰিচ্ছনতা, শৰীৰ চৰ্চা, ফুলত পানী দিয়া আদি কৰিবলৈ দিয়া হয়। যাৰ ফলত কম বয়সতে সকলো আয়ত্ত কৰাৰ কৌশল শিকিব পাৰে।

বিদ্যাৰ চৌপাশৰ নৈসৰ্গিক পৰিৱেশ পৰ্যটক আকৰ্ষণৰো কেন্দ্ৰস্বৰূপ। বিদ্যাই এই নৈসৰ্গিক পৰিৱেশক পৰ্যটন সম্ভাৱনীয়তাৰ প্ৰতি দায়বদ্ধ। এই পৰিবেশক গ্ৰাম্য পৰ্যটন আৰু শৈক্ষিক পৰ্যটনৰ ভেটি হিচাপে গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে। বিদ্যাৰ শৈক্ষিক ব্যৱস্থা আৰু নান্দনিক দৃশ্য উপভোগ কৰাটো এক ভাললগা মূহুৰ্ত।

Was this article helpful?
Yes0No0

You may also like