Skip to content

বড়ো ৰাজনৈতিক ইতিহাস: এক থুলমুল আলোকপাত…

Dr Netraranjan
December 7, 202424 second read
Bodo: Political History

বড়োসকলৰ উত্তৰণৰ ইতিহাস বহু সংঘাত আৰু সংগ্রামৰে পৰিপূর্ণ। বড়োসকলৰ সামাজিক- ৰাজনৈতিক-শৈক্ষিক-সাংস্কৃতিক, ধর্মীয় দিশৰ চমকপ্রদ উত্তৰণৰ মূলতে জাতিটোৰ মাজত থকা স্বাভিমান। এই স্বাভিমান হৈছে এটা শাসকীয় জনগোষ্ঠী হিচাপে নিজৰ গৌৰৱোজ্জ্বল ইতিহাসৰ চর্চা-অন্বেষণে জগাই তোলা স্বগোষ্ঠীয় চেতনা, যি বর্ণ হিন্দু সমাজ আৰু অসমীয়া সমাজে কৰা অৱহেলা, হিংসা, বঞ্চনা-লাঞ্ছনাৰ প্রতি থকা ক্ষোভ আৰু অসন্তুষ্টিৰ ফলত সৃষ্টি হোৱা জাতীয় স্বাভিমান। যি স্বাভিমানে জাতিটোক আগবঢ়াই লৈ যোৱা আৰু আগবাঢ়ি যোৱাত সঞ্জীৱনী হিচাপে অৰিহণা যোগাই আহিছে। অজ্ঞানতা, অধর্ম, অন্ধবিশ্বাস, কুসংস্কাৰত নিমজ্জিত জাতিটোক গুৰুদেৱ কালিচৰণ ব্রহ্মাই যি সংস্কাৰ আৰু পথ দেখুৱাই থৈ গ’ল, ই জাতিটোৰ উত্তৰণৰ এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ল। যি জাতিয়ে ১৯২৮ চনত চাইমন কমিছনৰ আগত নিজৰ ৰাজনৈতিক অধিকাৰ বিচাৰি হাহাকাৰ তথা উপযুক্ত ইংৰাজী ভাষাৰ অসুবিধা থকাৰ বাবে লজ্জিত হ’ব লগা হৈছিল সেই জাতিয়ে আজি ভাৰতীয় সংবিধান প্রদত্ত যষ্ঠ অনুসূচীৰ স্বায়ত্ত শাসনৰ অধিকাৰ লাভ কৰি নিজৰ ভাগ্য নিজে নির্ণয় কৰিব পৰা জাতিত পৰিণত হৈ ৰাজ্য চৰকাৰত কিং মেকাৰৰ ভূমিকা পালন কৰিছে। ইয়াৰ উপৰি নিজৰ ভাষাক অষ্টম অনুসূচীত অন্তর্ভুক্ত কৰি অসমৰ বড়ো অধ্যুষিত বিদ্যালয়ত প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ বড়ো মাধ্যমত। শিক্ষা গ্রহণৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে। জাতি এটা জীয়াই থকাত এইটো উল্লেখযোগ্য দিশ। বড়ো জাতিয়ে কোনোদিনে আচাৰ-ব্যৱহাৰ, গীত-মাত, উৰণ আৰু শিপাক এৰি দিয়া কাম কৰা নাই, যাৰ নিজৰ বুৰঞ্জী, সভ্যতা-সংস্কৃতি, নৃত্য, কলা, খাদ্যাভ্যাস, পিন্ধন- বাবে জাতিটোৱে আজি মূৰ দাঙি বিশ্বৰ বুকুত নিজৰ চিনাকি দি থিয় হৈ আছে। এই জাতিয়ে নিজৰ সংগ্রামী সত্তাৰ জৰিয়তে নিজৰ দাবীসমূহ উত্থাপন কৰি বৰ্তমানলৈ ভাৰতবর্ষৰ কেন্দ্রীয় চৰকাৰৰ লগত তিনিখন চুক্তি স্বাক্ষৰ কৰা দেশব প্রথমটো জনগোষ্ঠী হিচাপে পৰিগণিত হৈছে। এনে পৰিপ্ৰেক্ষিতত বড়োসকলৰ বিষয়ে আক তেওঁলোকৰ সংগ্রামী সত্তাৰ বিষয়ে বিজ্ঞানসম্মত আলোচনা কৰাটো অতি জৰুৰী।

বড়োসকল নৃগোষ্ঠীয় দিশৰ পৰা ইণ্ডো, মংগোলীয় ঠালৰ এটা জনগোষ্ঠী আৰু ভাষিক দিশৰ পৰা বৃহৎ চীন তিব্বতীয় ভাষা পৰিয়ালৰ অন্তর্গত তিব্বতীয়-বর্মী শাখা পৰিয়ালৰ এটা ভাষা। বড়োসকল হৈছে অসম তথা উত্তৰ-পূৱ ভাৰতৰ এটা প্রধান জনগোষ্ঠী। অসমৰ বাহিৰেও মেঘালয়, নাগালেও, পশ্চিম বংগ, বিহাৰ আনকি চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ভুটান, বাংলাদেশ আৰু ম্যানমাৰতো বড়ো লোকৰ বসতি আছে।

এই ৰাজবংশীয় আৰু ঐতিহাসিকভাবে চহকী জাতিটোৱে ব্রিটিছ শাসনৰ সময়ছোৱাত আৰু স্বাধীনতাৰ পৰৱর্তী সময়ছোৱাত নিজৰ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে অনেক সংগ্রাম কৰিবলগীয়া হৈছে । জাতিটোৰ মাজত থকা অন্ধবিশ্বাস, অজ্ঞানতা, অধর্ম, কুসংস্কাৰ আঁতৰাই শোষিত, বঞ্চিত, লাঞ্ছিত জাতিটোক আগবঢ়াই নিয়াত সদায়ে বাধাৰ সম্মুখীন হ’বলগীয়া হৈছে। জাতিটোৰ এই সংগ্ৰামৰ বাটকটীয়া আছিল গুৰুদেৱ কালিচৰণ ব্রহ্ম। তেওঁৰ নেতৃত্বতে ১৯২৮ চনত বড়োসকলৰ ৰাজনৈতিক আৰু সামাজিক অধিকাৰৰ বাবে চাইমন কমিছনক স্মাৰক পত্র প্রদান কৰিছিল, যিটো জাতিটোৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ আছিল। ১৯১৯ চনত কালিচৰণ ব্রহ্মৰ নেতৃত্বত গঠন হোৱা বড়ো ছাত্র সম্মিলন নামৰ সংগঠনটোৱে বড়োসকলৰ মাজত আত্মপ্রতিষ্ঠাৰ চেতনা জগাই তোলাত অৰিহণা যোগাইছিল। বড়োসকলৰ মাজত শিক্ষাৰ বিস্তাৰ বড়ো যুৱক- যুৱতীৰ বাবে চাকৰিৰ সংৰক্ষণ, বেহা-বেপাৰৰ সুবিধা আদি বিষয়ত সংগঠনটোরে সামাজিক কাম কৰিবলৈ আৰম্ভ কৰিছিল। ১৯৩৩ চনত গঠিত ট্রাইবেল লীগৰ জৰিয়তে বড়োসকলে নিজৰ ৰাজনৈতিক সংগ্রাম আৰম্ভ কৰিছিল আৰু ১৯৩৭ চনত অসম বিধানসভাৰ নির্বাচনত অংশগ্রহণ কৰি অন্যপত্রীয় লোকৰ স্বার্থৰ হকে নিৰ্বাচনত নামি পৰে আৰু ধীৰসিং দেউৰী আৰু ৰবিচন্দ্র কছাৰী জয়ী হৈছিল। এনেকৈয়ে এটা সময়ত জনজাতীয় লোকৰ ৰাজনৈতিক অধিকাৰৰ চালিকা শক্তি হিচাপে পৰিগণিত হৈছিল। ট্রাইবেল লীগৰ নেতাসকলে ১৯৪৬ চনত ভাৰতলৈ অহা কেবিনেট মিছনৰ সদস্যসকলক স্পষ্টভাৱে অসমক পাকিস্তানৰ লগত চামিলকৰণৰ বিৰোধিতা কৰিছিল আৰু এইবুলি উল্লেখ কৰিছিল- That tribal people of Assam are strongly against the inclusion of the Pakistan zone. আজিৰ ট্রাইবেল বেল্ট আৰু ব্লকসমূহ ট্রাইবেল লীগৰ দাবীৰ পৰিপ্ৰেক্ষিতত সংবিধানত অন্তর্ভুক্ত কৰা হৈছে। ১৯৫২ চনত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল আৰু ইয়াৰ লগে লগে আৰম্ভ হৈছিল বড়োভাষিক জাতীয়তাবাদৰ এক নতুন অধ্যায়। বড়ো সাহিত্য সভাই প্রথমাৱস্থাত বড়ো ভাষাক প্রাথমিক বিদ্যালয়ৰ মাধ্যম প্রচলন কৰাৰ দাবী পিছলৈ বড়ো উত্থাপন কৰিছিল আৰু ভাষাটোক প্রতিষ্ঠা কৰাৰ বাবে দীঘলীয়া সংগ্রাম কৰিবলগীয়া হয়। ১৯৬২ চনৰ ১৬ নবেম্বৰত ১৫ হেজাৰ বড়ো লোকে বড়ো ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্রবর্তন কৰাৰ বাবে সমদল উলিয়াইছিল, যিটো প্রথম বৃহৎ বড়ো ভাষিক জনজাগৰণ কার্যসূচী আছিল আৰু এক দীঘলীয়া প্রতিবাদী কার্যসূচী গ্রহণ কৰি চৰকাৰক বড়ো ভাষাক প্রাথমিক বিদ্যালয়ৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিছিল। অসম চৰকাৰে ১৯৬৩ চনৰ ১৮ মে’ত আনুষ্ঠানিকভাবে মাধ্যম উদ্বোধন কৰিছিল। ইয়াৰ পাছত পুনৰ মাধ্যমিক পর্যায়ত বড়ো ভাষাক শিক্ষাৰ মাধ্যম কৰাৰ বাবেও পুনৰ সংগ্রাম কৰিবলগীয়া হৈছিল। সেই অনুসৰি ১৯৬৮ চনৰ ৪ মার্চত প্রতিবাদী সমদল উলিয়াই এক দীঘলীয়া সর্বাত্মক আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰা হৈছিল। বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্র সংস্থা পি টি চি এ এই আন্দোলনক নেতৃত্ব প্রদান কৰিছিল। অসম চৰকাৰে ১৯৯৮ চনৰ ২৩ ছেপ্টেম্বৰত মাধ্যমিক পর্যায়ত বড়ো ভাষাক মাধ্যম হিচাপে প্রৱর্তন কৰিছিল আৰু ১৯৭৬ চনত প্রথমটো শিক্ষার্থী গোটে বড়ো ভাষাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হৈছিল। ১৯৭৪ চনৰ ১২ ছেপ্টেম্বৰত আৰম্ভ হোৱা ৰোমান লিপি আন্দোলনত ১৫ গৰাকী বড়ো লোক শ্বহীদ হৈছিল আৰু ১৯৭৫ চনৰ ১ এপ্রিলত দেৱনাগিৰি লিপিক বড়ো ভাষাৰ লিপি হিচাপে গ্রহণ কৰিছিল। ২০০৩ চনৰ ২২ ডিচেম্বৰত বড়ো ভাষাই ভাৰতীয় সংবিধানৰ অষ্টম অনুসুচীত স্থান লাভ কৰিছিল। ১৯৬৭ চনত Plains Tribal Council of Assaan (পিটিচি) নামৰ এটা ৰাজনৈতিক দল গঠিত হৈছিল। এই দলটোৱে কেন্দ্রীয় চৰকাৰৰ ফেডাৰেল প্লেনৰ আধাৰত ভৈয়াম জনজাতিক সামৰি পূর্ণ স্বায়ত্ত শাসনৰ দাবী কৰিছিল। ১৯৭৩ চনত পিটিচিয়ে ব্রহ্মপুত্রৰ উত্তৰ পাৰে থকা জনজাতিসকলক লৈ উদয়াচল নামৰ এক পূর্ণ ৰাজ্য গঠন আন্দোলন আৰম্ভ কৰে আৰু ইয়াৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত নীলাচল নামৰ এক ৰাজ্য গঠনৰ দাবী উত্থাপিত হৈছিল।

বড়ো সংগ্রামী সভাৰ মূল ভোঁট হল নিখিল বড়ো ছাত্র সন্ত্রা। এবছু ১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত গঠন হৈছিল।  উপেন্দ্র নাথ ব্রহ্মৰ নেতৃত্বত ১৯৮৬ চনৰ পৰা পৃথক বড়োলেণ্ডৰ দাবী প্রবল হয় আৰু Divide Assam fifty fifty আবস্ত হয়। এবছরে ১৯৬৭ চনৰ ২ মার্চৰ পৰা ৯২দফীয়া দাবী চনদৰ আধাৰত আৰম্ভ কৰা আন্দোলনে পিছলৈ গণ আন্দোলনৰ ৰূপ লয় বড়োসকলৰ ভাষিক-ৰাজনৈতিক সংগ্রামখন দীর্ঘদিন গণতান্ত্রিক দাবী আন্দোলনৰ মাজে মাজে আগবাঢ়ি অহাৰ পিছত ১৯৮০ৰ দশকৰ আৰম্ভণিৰে পৰা তেওঁলোকৰ মাজত সশস্ত্র সংগ্রামৰ ধাৰাটোৱে বিকাশ লাভ কৰে। ১৯৯০ চনৰ ১ মে’ উপেন্দ্র নাথ ব্রহ্মৰ মৃত্যু হয় আৰু বড়োলেন্ড আন্দোলন কিছু শাম কাটে আৰু ১৯৯৩ চনৰ ২০ জানুৱাৰীত কেন্দ্রীয় চৰকাৰ ,অসম চৰকাৰ আৰু এবছুৰ মাজত প্রথম বড়ো শান্তি চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ জৰিয়তে Bodo Autonomous Council এটা গঠন কৰা হয়। কিন্তু NDFB-য়ে  পৃথক স্বাধীন বড়োলেণ্ডৰ দাবীত সশস্ত্র সংগ্রাম চলাই যায়। ইয়াৰ মাজতে বিএলটি নামৰ আন এক বড়ো সশস্ত্র সংগঠন ১৯৯৪ চনৰ ২৫ নৱেম্বৰত আত্মপ্রকাশ কৰে। বড়োসকলৰ দাবী সমাধান কৰাত বাবে বাধ্য হয়। সেই অনুসৰি ২০০৩ চনৰ ১০  ফেব্ৰুৱাৰীত ভাৰতীয় সংবিধান সংশোধন কৰি ভৈয়াম জনজাতিৰ বাবে যষ্ঠ অনুসুচীৰ ব্যৱস্থা কৰি বিটিএডি, অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ মাজত দ্বিতীয়খন বড়ো শান্তি চুক্তি  চুক্তি স্বাক্ষৰিত হয়। চুক্তি মতে ষষ্ঠ অনুসূচীৰ আধাৰত চাৰিখন জিলাক সামৰি BTAD গান কৰা হয়। হাগ্ৰামা মহিলাৰীয়ে BPF দল গঠন কৰি BTAD প্রথমগৰাকী মুখ্য কার্যবাহী সদস্য হিচাপে কার্যনির্বাহ কৰে। ইয়াৰ পিছতো এবছুৰ নেতৃত্বত পৃথক বড়োলেণ্ডৰ দাবীত গণতান্ত্ৰিক সংগ্ৰাম চলাই যায়। ইফালে গোটসমূহে ব্যাপক হিংসাত্মক কুটাঘাতমূলক কার্যৰ জৰিয়তে চৰকাৰক ব্যতিবস্ত কৰি ৰাখে। উদাহৰণস্বৰূপে ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বোমা বিস্ফোৰণত শতাধিক লোকৰ মৃত্যু হয়। এনেবোৰ ঘটনা আৰু এবছুৰ ধাৰাবাহিক সংগ্রাম প্রতিবাদৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰ, ABSU, UBPO, NDFB চাৰিওটা গোটৰ মাজত ২০২০ চনৰ ২৭ চনৰ তৃতীয়খন বড়ো শান্তি চুক্তি BTR চুক্তি স্বাক্ষৰ কৰা হয়। এই চুফিয়ে BTAD নাম সলনি কন BTR কৰিলে আৰু অধিক ক্ষমতা প্রদান আক পৰিসীমা সম্প্রসাণৰ জৰিয়তে বড়োভূমিত শান্তি স্থাপন আৰু উন্নয়ন কৰিব বিচৰা হৈছে। বর্তমান BTR জিলা পাঁচখন কৰা হৈছে। BTR ৰ প্ৰথম CEM হিচাপে প্রমোদ বড়োই কার্যনির্বাহ কবি আছে আৰু এই চৰকাৰখন UPPL, আৰু BIP দলৰ মিত্রতাৰ চলি আছে।

অসমত জনজাতীয় আন্দোলনৰ ক্ষেত্রত বড়োসকল বাটকটীয়া। সুদীর্ঘ বড়ো আন্দোলনত গণতান্ত্রিণ আক সশস্ত্র দুয়োধৰণৰ পন্থা অৱলম্বন কলি আজিৰ অৱস্থা লাভ কৰিছে। এই শান্তি চুক্তিৰ জৰিয়তে BTR অঞ্চলৰ বাহিৰৰ বড়োসকলৰ ৰাজনৈতিক অধিকাৰ আৰু উন্নয়নৰ বাবে BKWAC নামৰ এক কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে। ইয়াত প্রতিজন বড়ো লোকৰ অৱদান আছে আৰু এই শাসন সকলোৰে প্রাপ্য। জাতিটোৱে সংগ্রামী সত্তাৰ জৰিয়তে নতুন যুগৰ সুচনা কৰিছে। BTR BKWAC ৰ জৰিয়তে বড়োসকলে নিজৰ আত্মনিয়ন্ত্রণ আৰু আত্মবিকাশ কৰি বিশ্বৰ বুকুত বুকু ফিন্দাই জীয়াই থাকিব বিচাৰে।

BTRৰ লগত প্রতিজন বড়ো মানুহৰ আৱেগ জড়িত হৈ আছে। অতি সাম্প্রতিক কালত BTR মুখ্য ৰাজনৈতিক দলৰ মাজত একত্রীকৰণৰ বিষয়তো এটা চর্চিত হৈ পৰিছে। গণতান্তিক আদর্শত বিশ্বাসী আৰু সশস্ত্ৰ পন্থা পৰিহাৰ কৰি ৰাজনীতিৰ প্ৰৱেশ কৰিছে। গণতান্ত্রিক দেশৰ নির্বাচনত অংশগ্রহণ কৰিব পাৰে, তাৰ কোনো বাধা নাই। নিৰ্বাচনৰ জৰিয়তে প্রতিটো ৰাজনৈতিক দলে নিজৰ আদর্শ, শক্তি, সামৰ্থৰে অৱতীর্ণ হৈ ক্ষমতা আহৰণ কৰিব বিচাৰে। BTR ৰ আঞ্চলিক দল দুটাৰ একত্রীকৰণ বড়ো ৰাজনীতিৰ শুভলক্ষণ, কিন্তু তেওঁলোকৰ একত্রীকৰণ বিমান সফল হ’ব সেয়া সময়েহে ক’ব। কিন্তু দল দুটাৰ একত্রীকৰণত মুখ্য সমস্যা হৈছে আসনৰ ভাগ- বটোৱাৰা আৰু মুখ্য কার্যবাহী সদস্য প্ৰাপ্তি।

পিছে মিত্রতা ভংগৰ দিশে ইউ পি পি এল আৰু বিজেপি। বন্ধু নে শত্ৰু ধৰিবই নোৱাৰিব ৰাজনীতি নজনা মানুহে। এসময়ৰ বন্ধু হৈ পৰা UPPL ক এৰি BTR দখলৰ ৰাজনীতিত নামিছে বিজেপি। বিজেপিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে। BTR ত শক্তি বৰ্ধমানৰ দিশে আগবাঢ়িছে একালৰ বন্ধু বিজেপিয়ে।

এই সন্দৰ্ভত ৰাইজে নিজেই বিবেচনা কৰক BTR চুক্তিৰ সকলো অনুচ্ছেদ ৰূপায়িত হৈছেনে ? তাৰ প্ৰতি কিমান সচেতন চৰকাৰ? নে প্ৰতিশ্ৰুতিবোৰ পাহৰি পেলাইছে চৰকাৰে ? চাৰি বছৰৰ পূৰ্বে অসম চৰকাৰ আৰু NDFB ৰ মাজত স্বাক্ষৰিত হৈছিল বড়ো তৃতীয় শান্তি চুক্তি। শান্তি চুক্তিৰ দফা অনুসৰি বিদ্রোহী সংগঠনটোৰ প্রাক্তন সদস্যসকলক পুনৰ সংস্থাপনৰ লগতে উৎপাদনশীল কাৰ্য্যত নিযুক্তি প্ৰদানৰ সদৰী কৰিছিল; কিন্তু NDFB ৰ প্ৰাক্তন সদস্যক দিয়া সামাজিক সংস্থাপনৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত প্ৰতাৰণাহে লাভ কৰিলে চৰকাৰৰ পৰা। চুক্তিৰ সুধীৰ্ঘ চাৰি বছৰ অতিক্ৰমৰ পাচতো অধিকাংশ এন ডি এফ বিৰ প্রাক্তন সদস্যৰ কিয় নহল সংস্থাপন ? BTR চুক্তিৰ অনুচ্ছেদ ভৰিৰে মোহাৰি পেলোৱা নাইনে ?

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top