Skip to content

প্ৰাপ্য ধনৰ পৰা বঞ্চিত ASTC ৰ ১৩ শতাধিক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী

Dr Netraranjan
December 29, 20242 second read
ASTC Due Payment by State Govt

ৰাজ্য চৰকাৰে সময়মতে পুঁজি মোকলাই নিদিয়াৰ ফলত বঞ্চিত হৈছে অসম ৰাজ্যিক পৰিবহন নিগমৰ ১৩ শতাধিক অৱসৰপ্ৰাপ্ত বিষয়া- কৰ্মচাৰী। সাত বছৰে দুশ কোটি টকা দিয়াত কৃপণালি চৰকাৰৰ।বছৰি আৰু সময়মতে পুঁজি মোকলাই দিয়াত ৰাজ্য চৰকাৰে কৰা কৃপণালিৰ বাবেই বছৰ বছৰ ধৰি অৱসৰকালীন ভাট্টাৰ পৰিমাণ বৃদ্ধি পাই গৈছে।২০১৬ চনলৈকে অৱসৰপ্ৰাপ্ত বিষয়া-কর্মচাৰীসকলক অৱসৰৰ পাছত আদায়  প্ৰদান কৰা হৈছিল দিব লগা গ্রেচুইটী, চি পি এফ, জি আই এফ, ছুটীৰ বাবদ প্রাপ্য ধন আদি কিন্তু ২০১৭ চনৰ পৰা এই ধন প্রায় বন্ধ হৈ আছে। এইদৰে প্ৰাপ্য ধনৰ পৰা বঞ্চিত লোকৰ সংখ্যা ১৩৫০ ৰ ঘৰ অতিক্ৰম কৰিছে। অৱসৰপ্ৰাপ্ত বিষয়া-কর্মচাৰীসকলক আদায় দিব লগা ধনৰ পৰিমাণ প্রায় ২০০ কোটি হৈছেগৈ। বহু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে প্ৰাপ্য ধন লাভ নকৰাকৈয়ে দিৰদিনৰ বাবে চকু মুদিল কিন্তু এতিয়াও চকু খুল খোৱা নাই ৰাজ্য চৰকাৰৰ।

পৰিচালন সঞ্চালকে প্রতি বাৰেই ধন বিচাৰি ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা বুলি এক মিছা আশ্বাস দি আহিছে নিগমৰ পৰিচালন সঞ্চালকে চৰকাৰে ধন মোকলাই দিলেই আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি কৰ্মচাৰীসকলক কেৱল আশ্বাস দিয়ে ৰাখিছে কিন্তু বৰুৱা উপাধিৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে জনায় যে যোৱা দুই-তিনিবছৰ ধৰি চৰকাৰে এ এছ টি চিলৈ এই ধন মোকলাই দিয়াৰ কোনো ব্যৱস্থা গ্রহণ কৰা নাই। আনহাতে, এ এছ টি চিৰ আস্থান অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা এজনেও ব্যক্ত কৰে পৰিবহন নিগমৰ কৰ্মচাৰীৰ নিয়মীয়া পেন্সন নাই। ২৫-৩০ বছৰীয়া চাকৰি কালত দৰমহাৰ পৰা জমা ৰখা আৰু পাবলগা টকা কেইটাৰ বাবে বছৰচেৰেক অপেক্ষা কৰিব লগা হোৱাটো দুর্ভাগ্যজনক বিষয়। অৱসৰ প্ৰাপ্ত এইসকল লোকে বাৰম্বাৰ নিগম কর্তৃপক্ষক আবেদন-নিবেদন কৰিও সুফল নোপোৱাত জীৱন নিৰ্বাহত আৰ্থিক ক্ষেত্ৰত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বছৰি বছৰি ভুগি অহা সমস্যাৰ সমাধান বিচাৰি এ এছ টি চিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। ৰাজ্য চৰকাৰে এই বিষয়ক গুৰুত্বসহকাৰে লৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক তেওঁলোকৰ প্ৰাপ্য ধন প্ৰদান কৰিব লাগে।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top