জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

বাল্য বিবাহ: এক সামাজিক অভিশাপ

by Janagana Desk
1 minutes read
Child Marriage

ৰেকৰ্ডছ ব্যুৰোৰ দৰে চৰকাৰী উৎসৰ পৰা গৌণ তথ্য সংগ্ৰহ কৰা হৈছিল। প্ৰতিবেদনৰ তথ্য অনুসৰি ৰাজ্যখনৰ গ্ৰামাঞ্চলত ২০২১-২২ বৰ্ষত বাল্য বিবাহৰ ঘটনা ৩ হেজাৰ ২২৫ টা পৰা ২০২৪ চনত ৬২৭ টালৈ হ্ৰাস পাইছে। সমগ্ৰ দেশত প্ৰতি মিনিটত তিনিখনকৈ বাল্য বিবাহ সম্পন্ন হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

‘Times of India’ ই বাল্য বিবাহৰ সমিক্ষণত অসমৰ প্ৰেক্ষাপট লোৱা হৈছিল। এই বিশ্লেষণটোত ২০২১-২২ৰ পৰা ২০২৩-২৪ চনৰ ভিতৰত অসমৰ ২০ জিলাৰ ১১৩২খন গাঁৱত বাল্যবিবাহৰ দৃষ্টান্ত ৮১% হ্ৰাস পোৱাৰ উল্লেখ কৰা হৈছে। ২০২১–২২ চনত বাল্যবিবাহৰ প্ৰাদুৰ্ভাৱ ৩,২২৫ৰ পৰা ২০২৩–২৪ চনত ৬২৭টালৈ হ্ৰাস পাইছে। বিগত বছৰ অসম চৰকাৰে বাল্যবিবাহৰ ওপৰত দমন চলোৱাৰ পৰিপ্ৰেক্ষিতত এই সমীক্ষাত ৩০০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰতিবেদনত দাবী কৰা হৈছে যে ৯৮% শতাংশ লোকে ২০২৩ চনত অসম চৰকাৰৰ কঠোৰ আইন প্ৰয়োগৰ পদক্ষেপে হ্ৰাসৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছিল।

কিন্তু প্ৰশ্ন হৈছে এই অভিযান হঠাতে বন্ধ হোৱা বা হঠাতে আৰম্ভ হোৱাৰ কাৰণ কি ? এই অভিযানৰ ফলত অপৰাধী সতৰ্কিত তথা শংকিত হৈ কিন্তু ঠিক কেইদিনমানৰ পিছতে বন্ধ হৈ যায়। বাল্য বিবাহৰ অভিযান চলাই সৰ্বত্ৰে এই অপৰাধ নিৰ্মূল কৰাৰ লগতে সেইখিনি ভুক্তভোগী ছোৱালী বা কন্যা শিশুক এই বিপদৰ পৰা উদ্ধাৰ কৰি পৰ্যাপ্ত সুবিধা প্ৰদান কৰি সুস্থ সমাজ গঢ় দিয়াত গুৰুত্ব দিব লাগিব। আইনে অপৰাধীক গ্ৰেপ্তাৰ কৰাই নহয় অপৰাধ সৃষ্টিত বাধা দি ভৱিষ্যতৰ বাবে চিন্তা কৰে। এই সমস্যা সকলো ঠাইতে বন্ধ হওঁক। প্ৰতিখন দেশ মুক্ত হওঁক অসম এইক্ষেত্ৰত আদৰ্শ হৈ ৰঁওক।

Was this article helpful?
Yes0No0

You may also like