Skip to content

নগঞা ৰাইজৰ প্ৰাণৰ কলং আকৌ জিৰ জিৰকৈ ব’বনে?

Janagana Desk
March 7, 20253 second read
Kolong River

নিষ্প্রাণ কলং আকৌ নবয় ! হয়তো আৰু কাহানিও নবয় কলং । কলং নগঞা ৰাইজৰ হৃদয়ৰ স্পন্দন। বহু ঘটনা-পৰিঘটনাৰ সাক্ষী এই কলং। কৃষ্টি-সংস্কৃতি, সাহিত্য-সভ্যতাৰ পৰা আৰম্ভ কৰি সপোনৰ মেটমৰা বোজা কঢ়িয়াই অনা কলঙে এতিয়াও হৃদয়ত খলকনি তোলে প্রতিজন নগঞাৰ। এসময়ৰ প্ৰাণ চঞ্চলা কলং আজি স্তব্ধ।নগঞা ৰাইজৰ প্ৰাণৰ স্পন্দন, নগাঁৱৰ সভ্যতা-সংস্কৃতি, সমাজনীতি, অর্থনীতি আৰু ৰাজনীতিৰ অন্যতম সাক্ষী কলং কেতিয়াৰ পৰা জিৰ জিৰকৈ ব’ব? এসময়ৰ প্ৰাণ চঞ্চলা কলঙে আকৌ প্রাণ পাই উঠিবনে? এনেধৰণৰ অলেখ প্রশ্নই এতিয়া জুমুৰি ধৰিছে নগঞা ৰাইজক। উল্লেখ্য যে ৰাইজৰ দীর্ঘদিনীয়া প্রত্যাশা পূৰণ কৰিবলৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজোট চৰকাৰৰ প্রথমটো কার্যকালত তেতিয়াৰ জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ বিশেষ তৎপৰতাত কলঙক পুনৰ বোৱাই তুলিবলৈ এক অভিলাষী আঁচনিৰ প্ৰাৰম্ভিক কামৰ আৰম্ভ কৰা হৈছিল। নগঞা ৰাইজৰ বিপুল দাবীৰ প্রতি সঁহাৰি জনাই বিজ্ঞানসন্মতভাবে বোৱাই নিয়াৰ প্ৰকল্পৰ কাম এক জাক জমকতা পূৰ্ণ অনুষ্ঠানৰ মাজেৰে আৰম্ভ কৰা হৈছিল। ২০২০ বৰ্ষৰ ৩০ অক্টোবৰত সেই বিশেষ দিনটোৰ শুভকৰ্মৰ আৰম্ভৰ ইতিহাসৰ সাক্ষী হৈছিল কলিয়াবৰ তথা নগাঁওবাসী ৰাইজ। সুদীর্ঘ পাঁচটা দশকৰ অন্তত বহু প্রত্যাশিত কলং নৈক নিয়ন্ত্রিত আৰু বিজ্ঞানসন্মতভাবে বোৱাই নিয়াৰ প্ৰকল্পটোৰ আৰম্ভ কৰা হৈছিল। সেয়েহে ৰাইজৰ মাজত স্বাভাৱিকতেই পাৰ ভঙা উছাহৰ ধল বৈছিল। আজি পর্যন্ত সম্পূর্ণ হৈ নুঠিল কলং ক বোৱাই নিয়াৰ সেই প্ৰতিশ্ৰুতি।

নগঞা ৰাইজৰ আশা আছিল- কলং আকৌ ব’ব। কিন্তু এই আশাত একপ্ৰকাৰ চেঁচা পানী পৰিল। আজি বিধানসভাত স্পষ্ট হৈ পৰিল কলং আকৌ নবয়। কলঙে আকৌ প্রাণ নাপায়। উল্লেখ্য যে, ‘৭০ ৰ দশকৰ আৰম্ভণিৰ পৰা বন্ধ্যা হৈ পৰা কলঙৰ চিৰপ্ৰৱাহিত গতি স্থবিৰ হৈ পৰিছিল। পৰৱৰ্তীকালত বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ প্ৰচণ্ড দাবীত বিগত ২০২১ বৰ্ষৰ ৩০ অক্টোবৰত কলং বোৱতীকৰণৰ ১৩৫.৪০ কোটি টকীয়া এক আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু এতিয়া এই কলং বোৱঁতী কৰা অভিলাষী আঁচনিখনো বুমেৰাং হৈ পৰিছে। আজি অসম বিধানসভাৰ অধিৱেশনত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ কলং সম্পৰ্কে কৰা লিখিত প্রশ্ন নম্বৰ ৪৩ৰ (ক) যোগে হাতীমূৰাৰ বান্ধ নিৰ্মাণ প্ৰকল্পৰ কাম কি পৰ্যায়ত আছে বুলি কৰা প্ৰশ্নৰ উত্তৰত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে কলং নৈ বোৱাবৰ কাৰণে হাতীমূৰাত লোৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ শেষ পৰ্যায়ত থাকোঁতেই ২০২৪ৰ দুই জুলাইত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ হেঁচাত মথাউৰিৰ উক্ত অংশটো ছিঙি যায়। অৱশ্যে ছিগা অংশ জিঅ’টিউব প্ৰযুক্তিৰ সহায়ত কম সময়ৰ ভিতৰতে বন্ধ কৰা হয়। আনহাতে, প্রকল্পটোৰ কাম কাৰিকৰী বিশেষজ্ঞৰ দ্বাৰা অধ্যয়ন কৰি ভৱিষ্যতে পৰৱৰ্তী পদক্ষেপ হাতত লোৱা হ’ব বুলি তেওঁ কয়। আনহাতে লিখিত প্রশ্ন নম্বৰ ৪৩ (খ) ৰ জৰিয়তে বিধায়ক শৰ্মাই কলং নৈ পুনৰ বোৱাবৰ কাৰণে চৰকাৰে কিবা ব্যৱস্থা গ্রহণ কৰিছে নেকি, যদি গ্ৰহণ কৰিছে উক্ত কাম কেতিয়াৰ পৰা আৰম্ভ কৰিব বুলি কৰা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী গৰাকীয়ে কয় যে, বিশেষজ্ঞ কাৰিকৰী কমিটী আৰু প্ৰতিষ্ঠানৰ দ্বাৰা বিতং কাৰিকৰী অধ্যয়নৰ লগতে ৰাইজৰ মতামতৰ সকলো দিশ চালিজাৰি চাই ভৱিষ্যতে কলং নৈ পুনৰ বোওৱাৰ কথা বিবেচনা কৰা হ’ব। জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ উত্তৰত কলং নৈ পুনৰ বোৱাবৰ কাৰণে চৰকাৰে অচিৰেই কিবা বলিষ্ঠ পদক্ষেপ লোৱাৰ কথা উল্লেখ নাই। তদুপৰি সমগ্ৰ বিষয়টো বিশেষজ্ঞ কাৰিকৰী কমিটীৰ প্ৰতিবেদন, ৰাইজৰ মতামতৰ ওপৰত ওলমি ৰ’ল।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top