Skip to content

শুৱালকুছিৰ ঐতিহাসিক অশোকাষ্টমী মেলা

Janagana Desk
April 7, 20251 second read
Ashokastami

বস্ত্ৰনগৰী শুৱালকুছি আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ ৰাইজৰ সমন্বয়ৰ প্ৰতীক শুৱালকুছিৰ ঐতিহাসিক অশোকাষ্টমী মেলা। জাতি-ধর্ম নির্বিশেষে প্রায় পঞ্চাশ হাজাৰ লোকৰ সমাগমে ইয়াক ক্রমাগত ভাবে মহামেলালৈ ৰূপান্তৰ কৰিছে। ই সম্প্রীতি আৰু সমন্বয়ৰ এনাজৰীৰ বান্ধোন।  

কিম্বদন্তি অনুসৰি প্ৰায় পাঁচশ বছৰীয়া কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শুৱালকুছিত ঐতিহাসিকভাৱে পৰম্পৰাগত প্ৰথাৰে চলি আহিছে অশোকাষ্টমী মহামেলা। চ’ত মাহৰ শেষৰ ফালে, কেতিয়াবা বহাগ মাহৰ শুক্লা অষ্টমী তিথিত প্ৰতি বছৰে অনুষ্ঠিত হয় অশোকাষ্টমী উৎসৱ। প্রবাদ অনুসৰি এই তিথিত পৱিত্ৰ গংগা নদীৰ এধাৰ জলৰাশি ব্ৰহ্মপুত্ৰত সোমাই নদীখনক সেইদিনা পৱিত্ৰ কৰে। ভক্তপ্ৰাণ ৰাইজে নদীত স্নান কৰিলে পাপ খণ্ডন হয় বুলি লোকবিশ্বাস চলি আহিছে। আনকি স্নানৰ সময়ত চিৰ যৌবনা অশোক ফুল হাতত লৈ মন্ত্র উচ্চাৰণেৰে স্নান কৰি পানীত ডুব মাৰোঁতে সেই ফুল খাব লাগে। মন কৰিব লগা যে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰেহে অশোকাষ্টমী অনুষ্ঠিত হয়। অৱশ্যে নগাঁৱৰ শিলঘাট, উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত আৰু ধুবুৰীতো অষ্টমী পালন কৰা হয়।

শুৱালকুছিত মূলতঃ সপ্ত গোসাঁই ক্রমে হাজোৰ শ্ৰীশ্ৰী হয়গ্ৰীৰ মাধৰ, শ্রীশ্রী কেদাৰেশ্বৰ, শ্ৰীশ্ৰী গণেশ, শ্ৰীশ্ৰী কামেশ্বৰ, বংশৰৰ শ্ৰীশ্ৰী ভূংগেশ্বৰ, বামুন্দী শিলগুৰিৰ শ্ৰীশ্ৰী ধাৰেশ্বৰ, শুৱালকুছিৰ শ্ৰীশ্ৰী সিদ্ধেশ্বৰ মহাপ্রভুক সেইদিনা ব্রহ্মপুত্র নদীত স্নান কৰোৱাক কেন্দ্ৰ কৰিয়ে এই মহামেলা চলি আহিছে।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts

5 days ago

জনগণ বাৰ্তা
📌হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাৰ্তীৰে উৰ্তীৰ্ণ হোৱা শিবসাগৰৰ গনকপতিৰ বাসিন্দা শিবসাগৰ নিউলুক একাদমীৰ ছাত্ৰ অঞ্চীত শইকীয়াৰ সৈতে অপৰ্না ভৰালীৰ এক আছুতীয়া সাক্ষাৎকাৰ.... ... See MoreSee Less
View on Facebook

5 days ago

জনগণ বাৰ্তা
📌দক্ষিণ কামৰূপৰ সোণতলী টুপামাৰী সংযোগী পথত ভয়ংকৰ দৃশ্য....📌বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথচোৱাত ঠায়ে ঠায়ে হৈ পৰিছে পুখুৰী সদৃশ....শ্বাহানুৰ ইছলাম, সোণতলী। ... See MoreSee Less
View on Facebook
📌বকোৰ বৰুৱা গাও পঞ্চায়তত PMAY-G ঘৰ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লাভ কৰিলে অচিনাকী বাসিন্দাই.... ... See MoreSee Less
View on Facebook
📌জনপ্ৰতিনিধিয়ে নাজানে অসমৰ মুখ্যমন্ত্ৰী কোন..... ... See MoreSee Less
View on Facebook
📌বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছাৰ পুৰুব লাইনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি তথা আদিবাসী জনগোষ্ঠীৰ জাতীয় নায়ক বজ্ৰ কণ্ঠ আচাৰ বাঘমৰা আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰয়াত প্ৰদীপ নাগলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান..... ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top