Skip to content

বিজেপিৰ চক্ৰবেহুত দিশহাৰা কংগ্ৰেছ: সংখ্যালঘু বিধায়কৰ পয়োভৰ সংখ্যালঘুৰ বাবেই অশনি সংকেত !

Dr Netraranjan
May 6, 20269 second read
Congress is in trap situation for minorities

অসমত বিজেপিৰ শাসন অব্যাহত ৰাখিবলৈ মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ সাৰ্বজনীন গ্ৰহণযোগ্যতা বিনষ্ট কৰাটো অৱশ্যম্ভাৱী হৈ পৰিছিল। কাৰণ বিজেপি নেতৃত্বই জানে যে তেওঁলোকৰ পৰা ক্ষমতা কাঢ়ি নিবলৈ হ’লে কংগ্ৰেছ দলে নিব লাগিব, অন্য কোনো দল অসমত চৰকাৰ গঠন কৰিব পৰা জোখাৰে শক্তিশালী হৈ উঠা নাই। সেইকাৰণে বিজেপিয়ে ১ গুলিত ২ চিকাৰ কৰিবলৈ পৰিকল্পনা কৰিলে। সেয়া হ’ল অসমত হিন্দু – মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰা আৰু কংগ্ৰেছ দলক এটা সম্প্ৰদায়ৰ দললৈ পৰ্যবসিত কৰা।

পৰিকল্পনা অনুসৰি প্ৰথমে যোৱা ৫ বছৰত কংগ্ৰেছ দলত থকা হিন্দু বিধায়ক সকলক বিভিন্ন প্ৰলোভন দি বিজেপি দলত যোগদান কৰাই সংশ্লিষ্ট সমষ্টিসমূহত পুনৰ উপনিৰ্বাচন অনুষ্ঠিত কৰি বিজেপিৰ দখললৈ অনা হ’ল। দ্বিতীয়তে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি, কাৰ্যকৰী সভাপতি,জিলা সভাপতি, মূখপাত্ৰ আৰু অন্যান্য স্তৰৰ শ শ নেতৃবৰ্গক বিজেপিত যোগদান কৰোৱালে। তৃতীয়তে কংগ্ৰেছ দলৰ পৰা আমদানি কৰা হিন্দু বিধায়ক সকলক ২০২৬ নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। আনকি নগাঁও লোকসভা সমষ্টিৰ পৰা একমাত্ৰ মুছলমানৰ ভোটত নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচনৰ ঠিক আগে আগে বিজেপিত যোগদান কৰাই লৈ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে। কংগ্ৰেছৰ হিন্দু শক্তি এইদৰে নিঃশেষ কৰি থকা দেখিও এনে ক্ষয়ংকৰী প্ৰৱণতা ৰোধ কৰাৰ একো কাৰ্যকৰী ব্যৱস্থা কংগ্ৰেছৰ নেতৃত্বই গ্ৰহণ নকৰিলে।

ৰাজনৈতিক ভাবে সুচতুৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটোই বিচাৰি আছিল আৰু কংগ্ৰেছৰ হিন্দু ভোটবেংকৰ প্ৰতি আওকণীয়া মনোভাবৰ লগতে মুছলমান এলেকাত সৰ্বশক্তি প্ৰয়োগ কৰা  স্থিতিটোক অলপ সাৰ পানী যোগাই কংগ্ৰেছৰ মিঞা কৰণ প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰিছিল। সেইকাৰণে তেওঁ সংখ্যালঘু ভোটাৰ সকলৰ মাজত এ-আই-ইউ-ডি-এফ দলৰ সলনি কংগ্ৰেছ প্ৰীতি বৃদ্ধি কৰাৰ সকলো ব্যৱস্থা কৰিছিল। কাৰণ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে যে যিমান দিনলৈকে সংখ্যালঘু সকলৰ মাজত এ-আই-ইউ-ডি-এফ দলৰ প্ৰভাৱ আৰু জনপ্ৰিয়তা অক্ষুণ্ণ থাকিব সিমান দিনলৈকে কংগ্ৰেছ এটা ধৰ্মনিৰপেক্ষ দল হিচাপে হিন্দু -মুছলমান – ট্ৰাইবেল আদি সকলো জনগোষ্ঠীৰ মাজত গ্ৰহণযোগ্য দল হিচাপে বিবেচিত হ’ব আৰু সকলো জনগোষ্ঠীৰ পৰা একাংশ লোকৰ সমৰ্থন পাই থাকিব। গতিকে হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা কৰিছিল যে যিকোনো প্ৰকাৰে এ-আই-ইউ-ডি-এফ দলক অস্তিত্বহীন কৰি সকলো মুছলমান লোকক কংগ্ৰেছী বনাব লাগিব।

সেইকাৰণে নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত আধুনিক ৰাজনীতিৰ চাণক্য মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুমান বিস্ফোৰণ ঘটায় — মিঞাৰ হাত ভৰি ভাঙিছো এইবাৰ কামিহাড় ভাঙি পেলোৱা হ’ব, বাংলাদেশীৰ নিস্তাৰ নাই ইত্যাদি। হিমন্ত বিশ্ব শৰ্মাই জানে যে সংখ্যালঘু সকলে যিমানেই কংগ্ৰেছক আঁকোৱালি ল’ব অসমৰ হিন্দু ভোটাৰ সকলে সিমানেই কংগ্ৰেছৰ পৰা আঁতৰি আহিব।

এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা সম্পূৰ্ণ সফল হ’ল। মুছলমান অধ্যুষিত ২১ টা সমষ্টিত কংগ্ৰেছ আৰু মিত্ৰ দলৰ প্ৰাৰ্থী বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিলে। কিন্তু বিপৰীত ক্ৰমে উজনি অসমৰ লগতে নামনি অসমৰ হিন্দু ভোটাৰ অধ্যুষিত সমষ্টিত কংগ্ৰেছ সম্পূৰ্ণ খালী হৈ গ’ল। কংগ্ৰেছ দলটো এটা মিঞা মুছলমানৰ দল হৈ পৰিল।

সংবাদ মাধ্যমে এতিয়া অসম প্ৰদেশ কংগ্ৰেছ দলটোক মুছলিম লীগ নাম দিয়া দেখা গ’ল – “বিজেপি হিন্দুৰ দল আৰু কংগ্ৰেছ মিঞাৰ দল” !

অসমৰ ৰাজনৈতিক জগতত এইটো আপ্তবাক্য প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ সফল হ’ল। এতিয়া বিজেপি দলে নিজকে নিৰাপদ অনুভৱ কৰিছে। অন্ততঃ কংগ্ৰেছ দলৰ পৰা আৰু বিপদৰ সম্ভাৱনা নাই। অনাগত দিনত বিজেপি – কংগ্ৰেছৰ নামত দুটা মেৰু সৃষ্টি কৰি হিন্দু – মুছলমানৰ খেলটো চলাই থাকি আৰু কমপক্ষেও ১৫ বছৰ ক্ষমতাত অধিষ্ঠিত হৈ থকাৰ এটা সোনালী সুযোগ বিজেপিয়ে পালে।

সংখ্যালঘু সকলৰ বিৰুদ্ধে উচ্ছেদ, মাদ্ৰাছা বন্ধ কৰণ, বসুন্ধৰাৰ পৰা বঞ্চিত কৰণ আৰু যিমান অন্যায় অনিয়ম বিজেপি চৰকাৰে কৰিব কংগ্ৰেছ দলে তাৰ প্ৰতিবাদ কৰিব নোৱাৰিব। সংখ্যালঘু হৈ মাত মাতিলে উজনি অসমত হিন্দু ভোট কমিব — এই ভয়ত কংগ্ৰেছৰ বিধায়ক সকলে সংখ্যালঘু সকলৰ বিৰুদ্ধে হোৱা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব বা দলৰ পৰা অনুমতি নাপাব যেন লাগে।

নতুন চৰকাৰে দি অহা ভয়- ভাবুকি আৰু হুমকি সমূহৰ ভিত্তিত কি ব্যৱস্থা গ্ৰহণ কৰিব নাজানোঁ। বিৰোধী দল হিচাপে কংগ্ৰেছ বিধায়ক সকলে কিমান প্ৰতিৰোধ গঢ়ি তুলিব আমাৰ সন্দেহ আছে। কাৰণ এনেই এইবাৰ উজনি অসমত কংগ্ৰেছৰ শূণ্য, তাতে যদি আকৌ সংখ্যালঘু সকলৰ বিৰুদ্ধে হোৱা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে সংখ্যালঘু হৈ প্ৰতিবাদ কৰিবলৈ যে দলে অনুমতি দিব সেইটো বিশ্বাস যোগ্য কথা নহয়।

যদি অসমৰ ৰাজনীতি এইদৰে হিন্দু-মুছলমান মেৰুত সীমাবদ্ধ হৈ থাকে, তেন্তে ই কেৱল এটা দলৰ জয় বা পৰাজয়ৰ বিষয় হৈ নাথাকিব—ই হ’ব অসমৰ গণতন্ত্ৰৰ এক গভীৰ সংকট। কাৰণ যেতিয়া ৰাজনীতি বিভাজনৰ ওপৰত নিৰ্ভৰ কৰে, তেতিয়া ন্যায়, উন্নয়ন আৰু শাসনৰ জবাবদিহিতা পিছপৰা হয়। এই পথ অসমৰ বাবে কিমান সুৰক্ষিত—সেই প্ৰশ্নৰ উত্তৰ এতিয়া সময়েই দিব।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top