Skip to content

আশীৰ্বাদ নে অভিশাপ: নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প…

Dr Netraranjan
December 5, 20241 second read
Subansiri River Dam

নামনি অসমৰ জনসাধাৰণক পণবন্দী কৰি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰিছে। ইটোৰ পাছত সিটো দুর্যোগ আৰু অঘটন সত্ত্বেও বিপদশংকা হাজাৰ প্ৰতিবাদ অসমবাসীৰ জনমতক গুৰুত্বহীন কৰি নাচুৰবান্দা এইচ পি চি। এন এইচ পি চিয়ে প্রকল্পটো উৎপাদনক্ষম কৰিবলৈ তৎপৰ হৈ পৰিছেভ। সমগ্র ৰাজ্যজুৰি দীর্ঘদিনীয়া প্রতিবাদৰ পাছতে নামনি অসমত বসবাস কৰা অসংখ্য লোকক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দি এন এইচ পি চিয়ে জলবোমাসদৃশ সোৱণশিৰি জলবিদ্যুৎ প্রকল্প অহা বছৰৰ মাৰ্চত উৎপাদনৰ কাম আৰম্ভ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। ২,০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলগীয়া প্রকল্পটোৰ কাম অন্তিম পর্যায়ত উপনীত হৈছে। সকলো প্রকাৰে প্ৰকল্পৰ প্রচেষ্টা অব্যাহত ৰখাৰ ফলত নদীবান্ধটোৰ অন্যতম গুৰুত্বপূর্ণ অংশ ‘ৱাটাৰ কণ্ডাক্টৰ ছিষ্টেম’ প্রায় সাজু হৈ উঠিছে প্রায় সম্পূর্ণ কৰি তোলা হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প। জানিব পৰা মতে প্রকল্পটোৰ মুঠ ১৬টা ব্লকতে উচ্চ স্তৰ (গড় সমুদ্রপৃষ্ঠৰ সৈতে উচ্চতা) ২১০ মিটাৰ দীর্ঘ পর্যায়লৈ সম্পূর্ণ হৈছে বান্ধ নির্মাণ। সেইদৰে পাৱাৰ হাউছৰ কংক্রিটিং ৯০ শতাংশ পর্যন্ত সম্পন্ন হৈছে।

বিশেষজ্ঞসকলে দাবী কৰা অহা মতে, সোৱণশিৰিৰ বক্ষ নদীবান্ধ নিৰ্মাণৰ বাবে উপযুক্ত স্থান নহয়। দুয়োকাষৰ ঠুনুকা আৰু কোমল মাটিৰ পাহাৰ বোৰ ভূমিকম্প বা অন্য প্ৰাকৃতিক কাৰণত খহি পৰি যিকোনো সময়তে নদীবান্ধৰ ক্ষতি সাধন কৰি লখিমপুৰ, ধেমাজি, মাজুলী, যোৰহাট, গোলাঘাট, শোণিতপুৰ আৰু ডিব্ৰুগড় জিলাত ধ্বংসলীলা চলাব পাৰে বুলি ইতিমধ্যেই সকীয়াই দিছে বিশেষজ্ঞসকলে। কিন্তু তাৰ পিছতো এই জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম চলিয়েই আছে।সোৱণশিৰিৰ বুকুত নদীবান্ধ নিৰ্মাণে অনাগত সময়ত নৈখনৰ প্ৰাকৃতিক প্ৰৱাহ, পৰিৱেশ আৰু সামাজিক-সাংস্কৃতিক তন্ত্ৰ সলনি কৰি ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰাৰ আশংকা আছে।এই বান্ধটোৱে মাছৰ প্ৰব্ৰজনৰ ধৰণ আৰু তলৰ বৈচিত্ৰ্যত প্ৰভাৱ পেলাব, যাৰ ফলত অসমৰ লাখ লাখ মাছমৰীয়াৰ জীৱিকা আৰু খাদ্য সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব।

উল্লেখ্য যে ২০০৪ চনৰ ১২ অক্টোবৰত ফৰেষ্ট ক্লিয়াৰেন্স লাভ কৰি ২০০৫ চনৰ জানুৱাৰীৰ পৰা গেৰুকামুখত আৰম্ভ হোৱা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য বৃহৎ নদীবান্ধবিৰোধী বিভিন্ন দল-সংগঠনৰ আন্দোলন আৰু প্ৰতিবাদৰ বাবে ২০১১ চনৰ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ ১৪ অক্টোবৰলৈ ইয়াৰ কাম বন্ধ হবলগীয়া হৈছিল। অৱশ্যে ৰাষ্ট্রীয় সেউজ ন্যায়াধীকৰণৰ অনুমতি লাভৰ দোহাই দি এন এইচ পি চিয়ে ২০১৯ চনৰ ১৫ অক্টোবৰৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য পুনৰ আৰম্ভ কৰে আকৌ প্ৰতিবাদমুখী পৰিস্থিতিৰ সৃষ্টি হয়।ক’ভিড মহামাৰীৰ সুযোগ লৈ নির্মাণ সংস্থাটোরে গেৰুকামুখৰ প্রকল্পস্থলীলৈ গোপনে যন্ত্র-পাতি কঢ়িয়াই আনি ক্ষিপ্রতাৰে কাম আৰম্ভ কৰে যদিও নির্মাণকার্য চলি থকাৰ মাজতে সোৱণশিৰি ফলত বৃহৎ নদীবান্ধটোত অঘটন সংঘটিত হয়। বিশেষকৈ হঠাতে ভয়ংকৰ ভূমিস্খলন হোৱাত প্রায় ৩০০ মিটাৰ ওপৰৰ পৰা পাহাৰৰ বিশাল ভূমিখণ্ড খহি পৰাৰ ডাইভাৰচন টানেলটো বন্ধ হৈ পৰে। কেৱল প্রকল্পস্থলীতেই নহয়, নামনি অংশত লখিমপুৰ, ধেমাজি, বিশ্বনাথ আদি জিলাৰ নৈপৰীয়া জনসাধাৰণ সম্ভাব্য বিপদৰ আশংকাত ত্রস্তমান হৈ পৰে। ইয়াৰ পাছতো প্রবল বৰষুণত পুনৰ পাহাৰৰ বৃহৎ অংশ গহি অহাত নদীবান্ধৰ ব্যাপক ক্ষতিসাধন হয়। এনে অসংখ্য প্রত্যাহ্বান নেওচি এন এইচ পি চিয়ে প্রায় ৯৩ শতাংশ কাম সম্পূর্ণ কৰি তুলিছে। সেই অনুসৰি অহা বছৰৰ মাৰ্চত হয়তো সম্পূর্ণ হৈ উঠিব এটি বৃহৎ প্রকল্প, যিয়ে নামনি অসমত জনগণৰ বাবে কঢ়িয়াই আনিব ভয়ংকৰ ভৱিষ্যৎ।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top