কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী জল জীৱন মিছন আঁচনিখন ঠায়ে ঠায়ে ধোঁৱা চাঙত উঠাৰ অভিযোগ উঠিছে। পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে জল জীৱন মিছন নামেৰে অভিলাষী আঁচনি গ্রহণ কৰিছিল। অসমতো এই আঁচনিখন ৰূপায়ণ কৰা হৈছিল যদিও বর্তমান কামসমূহ স্থবিৰ হৈ পৰিছে। গ্ৰামাঞ্চলৰ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী দিয়াৰ উদ্দেশ্যৰে ৰূপায়ণ কৰা জল জীৱন আঁচনিখনৰ পৰা ৰাইজ উপকৃত হোৱাৰ বিপৰীতে বঞ্চিত হ’বলগীয়া হৈছে। ‘ঘৰে ঘৰে নল, ঘৰে ঘৰে জল’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এই অভিলাষী আঁচনি অনুসৰি প্ৰতিটো পৰিয়ালে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী আগন্তুক নিৰ্দিষ্ট সময়ৰ ভিতৰত পাব লাগিছিল যদিও বিভাগীয় একাংশ বিষয়া-অভিযন্তা আৰু ঠিকাদাৰৰ চৰম মইমতালিৰ পৰিণতিত এই সম্ভাৱনা ক্ষীণ হৈ পৰিছে ।
নলৰ পানী যোগানৰ ব্যৱস্থা অসমৰ প্ৰায় ৮০.৪০% গ্ৰামাঞ্চলৰ বাবে উপলব্ধ, আৰু গৰিষ্ঠসংখ্যক জল জীৱন মিছন ৰ অধীনত যোগান ধৰা হৈছে। ২০১৯ চনৰ ১৫ আগষ্টত ৰাজ্যত জে জে এম আৰম্ভ হোৱাৰ সময়ত মাত্ৰ ১,১০,৯৩১ টা গ্ৰাম্য পৰিয়ালত নলৰ পানী আছিল তাৰ পিছৰ পৰা ৫৬.৪১ লাখ অতিৰিক্ত গ্ৰাম্য পৰিয়ালক টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে টেপৰ পানী যোগান প্ৰায় ৫৭.৫২ লাখ (৮০.৪০%) গ্ৰাম্য পৰিয়ালৰ বাবে উপলব্ধ। জিলাসমূহৰ ভিতৰত অসম ৰাজ্যৰ জল জীৱন মিছনৰ অধীনত গ্ৰাম্য পৰিয়াললৈ সৰ্বাধিক নলৰ পানীৰ সংযোগ মাজুলী জিলাক প্ৰদান কৰা হৈছে, য’ত ৯৩.১% পৰিয়াল সামৰি লোৱা হৈছে। দ্বিতীয় সৰ্বাধিক সংখ্যক নলৰ পানীৰ সংযোগ শিৱসাগৰলৈ প্ৰদান কৰা হয়, ৯০.২%, তাৰ পিছতে বজালীয়ে তৃতীয় স্থানত ৯০.১% গ্ৰাম্য পৰিয়াল সামৰি লোৱা হয়। জল জীৱন মিছনৰ টেপ পানী সংযোগৰ ক্ষেত্ৰত পিছ পৰি থকা জিলাসমূহ হ’ল কাৰ্বি আংলং (৫৩.৭% গ্ৰাম্য পৰিয়াল সামৰি লোৱা), পশ্চিম কাৰ্বি আংলং (৫৫.১%), চিৰাং (৬৬.৭%), মৰিগাঁও (৬৮.৩%), আৰু যোৰহাট (৬৮.৬%)।
কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ১৭,৭৪৯,৯০ কোটি টকা মুকলি কৰি দিয়াৰ পাছতো অসম চৰকাৰ এই আঁচনিখন সফল ৰূপায়ণ কৰাৰ ক্ষেত্রত সম্পূর্ণৰূপে ব্যর্থ হৈছে। কেন্দ্রীয় চৰকাৰে অসমত ৭১,৬৭,৮৮৬টা পৰিয়ালক পানী যোগান দিবৰ বাবে অনুমোদন জনাইছিল। যোৱা ৫ ছেপ্টেম্বৰলৈকে ৫৮,০০,৩৩৩ ডাল পাইপ বহুওৱা হৈছে অর্থাৎ জনসাধাৰণে পানী পাই আছে বুলি চৰকাৰী তথ্যাত প্রকাশ যদিও বাস্তব ক্ষেত্রত ইমান সংখ্যক জনসাধাৰণে পানী পাবলৈ সক্ষম হোৱা নাই। আনহাতে, ১৩,৬৭,৫৫৩ ডাল পাইপ এতিয়াও বহুৱাবলৈ বাকী আছে। এতিয়ালৈকে অসমত ৭৭৫২টা জলজীৱন মিছন কাম সম্পূর্ণ হৈছে যদিও সম্পূর্ণ হোৱা ৩৭০৫টা আঁচনিয়ে পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই।
কেন্দ্রীয় চৰকাৰে ২০১৯ চনৰ পৰা বর্তমানলৈকে ১৫,৯৮৭.২ কোটি টকা আবণ্টন দিয়াৰ বিপৰীতে অসম চৰকাৰে ১৭৬২.৬৯ কোটি টকা মুকলি কৰি দিয়ে। কেন্দ্রীয় আৰু বাজ্য চৰকাৰে ১৭,৭৪৯,৯০ কোটি টকা ৫ ছেপ্টেম্বৰলৈকে মুকলি কৰি দিয়ে আৰু ৫ ছেপ্টেম্বৰলৈকে ঠিকাদাৰসকলে ১৭,৩১৬,৩৮ কোটি টকা পাবলৈ সক্ষম হয়। সেই অনুসৰি চৰকাৰৰ ওচৰত জমা আছে ৪৩৩,৫২ কোটি টকা। আঁচনিখনৰ কাম ২০২৪ চনৰ মার্চ মাহত সম্পূর্ণ হ’ব লাগিছিল যদিও অসম চৰকাৰে কেন্দ্রীয় চৰকাৰৰ পৰা আঁচনিখন সম্পূর্ণৰূপে ৰূপায়ন কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰৰ পৰা অতিৰিক্তভাবে আগষ্ট মাহলৈ সময়সীমা বিচাৰে। এই অতিৰিক্ত সময়সীমা অতিক্রম কৰাৰ পাছতো আজিকোপতি আঁচনিখন সম্পূর্ণ কৰিব পৰা নাই। প্রকল্প সঞ্চালকগৰাকীৰ দুর্বল ভূমিকা, বিভাগীয় কর্তৃপক্ষৰ হেমাহিৰ বাবে ঠিকাদাৰসকল কাম সম্পাদন কৰাত ব্যর্থ হ’ল। যিহেতু কাম আবণ্টন দিওঁতে পুৰণা কামত ৯০ দিন আৰু নতুন কামত ১৮০ দিন ধার্য কৰি দিছিল, নির্দিষ্ট সময়সীমাৰ ভিতৰত কাম সম্পূর্ণ নকৰা ঠিকাদাৰ সকলক কোনো ধৰণৰ শাস্তিমূলক ব্যবস্থা গ্রহণ নকৰাৰ ফলতেই আঁচনিখন সম্পূর্ণরূপে বিফল হ’ল বুলি তেওঁ অভিযোগ কৰে। আনহাতে, বহু নিবনুৱা যুৱকে কর্ম সংস্থাপনৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগত নাম পঞ্জীয়ন কবি জলজীবন মিছনৰ কাম আৰম্ভ কৰিছিল, সেইসকল নিবনুৱা যুৱকে প্রাপ্য ধন নোপোৱাটো দুর্ভাগ্যজনক। আঁচনিখনত আবণ্টিত ধনৰ বিপৰীতে বৃহৎ পৰিমাণৰ ধনৰ বর্ক অর্ডাৰ ঠিকাদাৰক প্ৰদান কৰাৰ বাবেই ৰাজ্যত এতিয়া পুঁজিব অভাৱত চৰকাৰে আঁচনিখন বন্ধ কবি দিবলগীয়া হৈছে। ঠিকাদাৰসকলে প্রায় হাজাৰ কোটিৰ ওপৰত প্রাপ্য ধন পাব লগা আছে।
উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে অসমক কোনো ধৰণৰ নতুনকৈ ধন আৱণ্টন নিদিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। জলজীবন মিছনৰ পৰিচালন সঞ্চালক গৰাকীয়ে নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবেই আই আই টি মাদ্রাজৰ পৰা বিশেষজ্ঞ আনি তদন্ত কৰাৰ কথা ঘোষণা কৰিছে । ইফালে, জলজীৱন সম্মিলনৰ নামত ২০২১-২২ বর্ষৰ পৰা ২০২৪-২৫ বর্ষলৈ যোৰহাটত ৩০ লাখ, গোৱালপাৰাত ৪১, ১০,৮০০, কাচাৰত ৫৫ লাখ, উত্তৰ লখিমপুৰত ৩৪,৯৯,১০০ টকা, নলবাৰীত ৪১,৬৩,৮৪১, কার্বি যুৱ মহোৎসৱত ৩৬,৭৭,৫৮৫ টকা, বৰপেটাৰ হাউলি ৰাস মহোৎসৱত ৯,৮৬,০০০ টকা, নলবাৰীৰ বাসত ৫৪ লাখ ৮৩ হাজাব, দেৱালত চিত্র অংকন, লীফলেট, পষ্টাৰ বেনাৰৰ নামত ৪ লাখ টকা, হৰ ঘৰ ত্রিৰংগাৰ নামত ২৪,২৮,৫০০ টকা, শোণিতপুৰত প্রদর্শনীৰ নামত ৫,৭৬,৭০০ টকা, জলজীৱন মিছন ৰীল আৰু ফটোগ্রাফী প্রতিযোগীতাৰ নামত ২৭,২০,০০০ টকা, ৩৫ খন জিলাৰ দেৱাল অংকন তথা তথ্য ফলক (Scheme Information Board)ৰ নামত ২০২৪ বর্ষত ১,৬৪,০৮,৮৬০ টকা, চলিত বর্ষত প্রথম পর্যায় জলশালাৰ নামত ৩৫ খন জিলাত ৫০ লাখ ৬০ হাজাৰ, বিশ্ব জল দিৱসৰ উদ্যাপনৰ নামত ৫ লাখ ৯৮ হেজাৰকে ধৰি বিগত ২০২১-২২ চনৰ পৰা ২০২৪-২৫ বর্ষলৈকে জল জীবন মিছনৰ বিভিন্ন সভা, সমিতি, প্রচাৰ, বিজ্ঞাপন, প্রশিক্ষণ, দিৱস উদ্যাপন, উৎসব আদিৰ নামত মুঠ ৮ কোটি ৭৬ লাখ ১৩ হাজাৰ ৯৪ টকা ব্যয় কৰিছে। ঠিকাদাৰক কামৰ বিনিময়ত প্রাপ্য ধন দিব নোৱাৰা বিভাগটোৱে মাজতে সমগ্র ৰাজ্যতে জল জীৱন মিছনৰ সকলো কাম-কাজ বন্ধ কৰি ৰাখিছিল।
বেচৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ সহস্ৰাধিক ঠিকাদাৰে ১৩ হাজাৰ কোটিতকৈয়ো অধিক ধন চৰকাৰৰ পৰা লাভ কৰিবলগীয়া হৈ আছে। ইতিমধ্যে এই বিষয়টো উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ। উচ্চ ন্যায়ালয়েও ঠিকাদাৰক কিয় ধন দিব পৰা নাই বুলি চৰকাৰক জবাবদিহি কৰিছিল। যাৰ ফলস্বৰূপে জল জীৱন আঁচনিৰ কাম সাময়িকভাৱে বন্ধৰ নিৰ্দেশ দিবলৈ বাধ্য হৈছে চৰকাৰ।
ধন পৰিশোধ বন্ধ কৰাৰ আনুষ্ঠানিক যুক্তি হ’ল সময়সীমা সম্পূৰ্ণ হোৱাত পলম হোৱাৰ অভিযোগ আৰু ঠিকাদাৰে কৰা কামৰ অমান্য মানদণ্ড। পূৰ্বৰ সংবাদ মাধ্যমৰ বাতৰিয়ে কেইবাখনো জিলাৰ দুৰ্বল আন্তঃগাঁথনি আৰু অপৰ্যাপ্ত পানী যোগানৰ উদ্বেগক উজ্জ্বল কৰি তুলিছে। কিছুমান অঞ্চলত আঁচনিৰ অধীনত যোগান ধৰা নলৰ পানী দূষিত হোৱা দেখা গৈছে, যাৰ ফলত প্ৰকল্পটোৰ কাৰ্যকাৰিতা আৰু তদাৰকী সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। আঁচনিত ব্যৱহৃত সামগ্ৰী অতি নিম্নমানৰ। তাতে আকৌ লেহেমীয়া গতিত চলিচে প্ৰকল্পৰ কাম। প্ৰচুৰ সম্ভাবনা থকা জল জীৱন আঁচনি মাথোঁ চৰকাৰৰ এটা বিফলতাৰ স্বৰূপ বুলিহে প্ৰমাণিত হৈছে।






